header ads

অসমীয়া কবিতা, হৃদয় কঁপোৱা সুৰ , দ্বীপেন পাটোৱাৰী, ৬ষ্ঠ বছৰৰ ৩য় সংখ্যা,

 হৃদয় কঁপোৱা সুৰ 




যাওঁ বুলি তুমি 

এনেকৈ কিয়

হঠাতে গ'লা গুছি 

ৰৈ ৰৈ আছে বিনাই

হেজাৰ অনুৰাগী 

সোণাপুৰত চকুলোঁ মছি 

মায়াবিনি ৰাতিৰ বুকুত

এতিয়া তৰাৰ উচুপনি 

ইমান জেদ নে তোমাৰ

শোওঁ বুলিয়ে জানো 

শুই যায় সাগৰ তলিত..!


তোমাৰ কথাই 

আজি কৰিছে আমনি

হিয়া যায় আজি ভাগি

বুকু যায় দহি 

কিদৰে পাহৰো 

তোমাৰ সেই 

অসহায়  ছবি....!


কিদৰে ভাগৰি নপৰা 

মানুহজনে জীৱন হেৰাই...

সেই দিন ধৰি 

প্ৰতিজন অসমীয়াই 

শুৱ পৰা নাই 

চকুৰ লোতকেৰে 

অসমৰ বাট পথ 

দিছে ধুৱাই 

আকাশ বতাহ কঁপাই 

ভেদা ভেদ ভাঙি 

আহিছে সকলো ওলাই 

চিঞৰি চিঞৰি 

কান্দিছে সকলো 

তোমাৰেই গীত গাই 


অচিনা দেশত 

কেনে আছা তুমি 

ৰজা হৈয়ে আছা চাগে

সৰগত বহি 


পাৰা যদি তুমি 

উভতি আহা


আকৌ গানৰ সভালৈ 


বাটৰে শেষত 

বাট চাই আছো

আমি তোমালৈ...




দ্বীপেন পাটোৱাৰী

প্ৰধান শিক্ষক

পি এম শ্ৰী ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়

শিক্ষাখণ্ড : হাজো

Post a Comment

0 Comments