header ads

অসমীয়া কবিতা,নাম দিব নোৱাৰা এটি কবিতা, ভাস্বতী নাথ, ৬ষ্ঠ বছৰৰ চতুৰ্থ সংখ্যা

 নাম দিব নোৱাৰা এটি কবিতা



কবিতা বুলি ক'লে 

মনলৈ আহে অযুত ভাবনা ,

কিন্তু প্ৰকাশহে কৰিব নোৱাৰি ।

ভাবনাৰ সাগৰত ডুব যাওঁ

প্ৰতিটো পল, প্ৰতিটো নিশা,

কিজানিবা বিচাৰিয়ে পাওঁ

কবিতাৰ শিৰোনাম ।

সময়ৰ নিস্তব্ধতাত হাবাথুৰি খাওঁ

সময়ৰ বাটত উজুটি খাওঁ

সময়ৰ সাগৰত ডুব যাওঁ ,

তথাপিও হাৰি যোৱা নাই

পোহৰ বিচাৰি খাইছোঁ হাবাথুৰি ।

সময়ৰ পাকচক্ৰত লগ পালোঁ তোমাক

নাজানো কিয় কথাবোৰ মিলিব ধৰিলে ,

হাতে হাত ধৰিব খোজোতে

সময়ে ক'লে 

নাম দিব নোৱাৰা এইটো কবিতাৰ !

মই সুধিলোঁ কিয় ?

সময়ে ক'লে এই কবিতাৰ

শিৰোনাম আনে ইতিমধ্যে দি থৈছে ।

যদি তুমি বিচৰা

দিব পাৰোঁ এটি নাম ,

মই ক'লো কি ?

সময়ে ক'লে বিশ্বাস ।

বিশ্বাসৰ পৃথিৱীত জীয়াই থকা 

বিশ্বাসে আনিব জীৱনৰ গতি

জয় হ'ব বিশ্বাসৰ ।

সময়ে সলাব জীৱনৰ গতি

সময়ে দিব কবিতাৰ নাম

মাথোঁ অপেক্ষা সময়ৰ ,

সময় গতিশীল

সময় পৰিৱৰ্তনশীল ।।




ভাস্বতী নাথ

বি. এড. প্ৰশিক্ষাৰ্থী

কলেজ অৱ এডুকেশ্বন, বকো

Post a Comment

0 Comments