header ads

অসমীয়া প্ৰবন্ধ , কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন পৰিক্ৰমা, ৰূপালী ভূঞা চৌধুৰী, ষষ্ঠ বছৰৰ চতুৰ্থ সংখ্যা

 কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন পৰিক্ৰমা   



বিংশ শতিকাৰ প্ৰাৰম্ভতে অসমৰ জনগণক ঐক্য-সম্প্ৰীতিৰ ডোলেৰে এক কৰি প্ৰগতিৰ পথেদি আগুৱাই লৈ যাবৰ বাবে যিকেইগৰাকী মহান শিল্পীয়ে অগ্ৰণী ভূমিকা পালন কৰিছিল , সেই মহান শিল্পীসকলৰ মাজৰে এজন অন্যতম মহান শিল্পী আছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা । যাৰ জীৱন পৰিক্ৰমা আছিল নানা ৰসেৰে সমৃদ্ধ । কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা কেৱল এটা নাম নাছিল , তেওঁ আছিল অসমৰ সাংস্কৃতিক জগতৰ এটা উজ্জ্বল নক্ষত্ৰ । তেওঁৰ জীৱনৰ কৰ্মৰাজি এটা বিষয়তে  সীমাবদ্ধ নাছিল, তেখেতৰ জীৱন পৰিক্ৰমাই তাকেই কয় । ৰাভা কেৱল এজন সংগীতজ্ঞ বা সাহিত্যিকেই নাছিল ; বৰং এজন সমাজ-সংস্কাৰক, সংগীত শিল্পী, সংগীত পৰিচালক নাট্যকাৰ, নৃত্যশিল্পী, চিত্ৰশিল্পী, ৰাজনীতিবিদ, বিপ্লৱী চিন্তাৰে পৰিপুষ্ট এজন স্বাধীনতা সংগ্ৰামী চিন্তাবিদ আছিল । অসমৰ শিল্প-সংস্কৃতিৰ বিকাশ আৰু সংৰক্ষণত তেওঁৰ অৱদান অতুলনীয় । সেইবাবেই অসমবাসীয়ে তেওঁক সন্মানেৰে ' কলাগুৰু' বুলি অভিহিত কৰে ।

বিষ্ণু ৰাভাৰ জন্ম ১৯০৯ চনৰ ৩১ জানুৱাৰীত হৈছিল । শৈশৱৰ পৰাই তেওঁ শিল্প-সাহিত্য আৰু সংস্কৃতিৰ প্ৰতি গভীৰ আগ্ৰহ প্ৰকাশ কৰিছিল । শিক্ষা জীৱনত তেওঁ মেধা আৰু প্ৰতিভাৰ পৰিচয় দিয়াৰ লগতে দেশপ্ৰেম আৰু সমাজসেৱাৰ আদৰ্শত উদ্বুব্ধ হৈছিল । দেশৰ স্বাধীনতা আন্দোলন আৰু সমাজ পৰিৱৰ্তনৰ বিভিন্ন কাৰ্যসূচীত তেওঁ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু পৰাধীন ৰাষ্ট্ৰৰ শিকলি চিঙিবলৈ যাওঁতে জেলৰ ভাতো খাইছিল ।

বিষ্ণু ৰাভাই অসমৰ লোকসংস্কৃতি, লোকনৃত্য আৰু লোকসংগীতৰ সংৰক্ষণ আৰু বিকাশৰ বাবে আজীৱন কাম কৰিছিল । তেওঁ অসমৰ বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি অধ্যয়ন কৰি সেইবোৰক জনসাধাৰণৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । তেওঁৰ ৰচিত গীতসমূহ 'ৰাভা সংগীত'  নামেৰে পৰিচিত । তেওঁৰ গীত আৰু কবিতাবোৰত বিভিন্ন ভাৱৰ সমাহাৰ ঘটিছে ; যেনে— ৰোমাণ্টিক প্ৰেম, বিৰহ, দ্বন্দ্ব, বিদ্ৰোহ, প্ৰকৃতি-প্ৰেম, ধৰ্মনিৰপেক্ষতা, গণতান্ত্ৰিক ভাবনা, সংস্কাৰ, মানৱতা, অপত্য স্নেহ, জ্ঞান আৰু সুন্দৰৰ সাধনা আদি ৷ ইয়াৰ উপৰি বহু কবিতাত ব্যঙ্গ, ঘৃণা, স্মৃতি, বন্দনা আদিও আছে ৷ ৰাভাই তেওঁৰ শিল্পকৰ্মবোৰ মনৰ খোৰাক পূৰণৰ বাবে নিৰ্মাণ কৰা নাছিল—প্ৰতিটোৰে মহৎ উদ্দেশ্য আছিল ৷ মুখ্য উদেশ্যটো আছিল—মানৱীয় সত্তাৰ উত্তৰণ আৰু সমাজখনক সুন্দৰ ৰূপত গঢ়ি তোলা ৷

সংগীতৰ উপৰিও বিষ্ণু ৰাভাই সাহিত্য, নাটক, চিত্ৰকলা আৰু নৃত্যকলাতো অসামান্য অৱদান আগবঢ়াইছিল । তেওঁ শিল্পক সমাজ পৰিৱৰ্তনৰ এক শক্তিশালী মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল। সমাজৰ দুখীয়া, শোষিত আৰু বঞ্চিত লোকসকলৰ অধিকাৰৰ বাবে তেওঁ সদায় মাত মাতিছিল আৰু সাম্য, ন্যায় আৰু ভ্ৰাতৃত্বৰ আদৰ্শ প্ৰচাৰ কৰিছিল ।

১৯৬৯ চনৰ ২০ জুন তাৰিখে এই মহান ব্যক্তিগৰাকীৰ মৃত্যু হয় । কিন্তু তেওঁৰ আদৰ্শ, সৃষ্টি আৰু অৱদান আজিও অসমবাসীৰ হৃদয়ত অম্লান হৈ আছে । তেওঁৰ স্মৃতিত প্ৰতিবছৰে ২০ জুন তাৰিখে 'ৰাভা দিৱস' পালন কৰা হয় ।

সামৰণিত ক'ব পাৰি যে, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল অসমৰ সাংস্কৃতিক জাগৰণৰ অন্যতম পথপ্ৰদৰ্শক । তেওঁৰ জীৱন আৰু কৰ্মই আমাক দেশপ্ৰেম, মানৱতা আৰু সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাৰ শিক্ষা দিয়ে । এইজনা মহান ব্যক্তিৰ নাম অসমীয়া জাতিৰ ইতিহাসত জিলিকি থাকিব সোণালী আখৰেৰে ,তিনিও কালতে...



ৰূপালী ভূঞা চৌধুৰী

সহকাৰী শিক্ষয়িত্ৰী 

হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়

শিক্ষাখণ্ড : ছমৰীয়া

Post a Comment

0 Comments