header ads

অসমীয়া প্ৰবন্ধ, গ্ৰীষ্মকালীন শিবিৰৰ প্ৰয়োজনীয়তা আৰু তাৎপর্য, মল্লিকা শৰ্মা, ষষ্ঠ বছৰৰ, চতুৰ্থ সংখ্যা।

 গ্ৰীষ্মকালীন শিবিৰৰ প্ৰয়োজনীয়তা আৰু তাৎপর্য




শিশুসকল দেশৰ ভৱিষ্যৎ । দেশ তথা সমাজৰ উন্নয়নৰ বাবে এই উঠি অহা প্ৰজন্মক সঠিক পথত আগবঢ়াই নিয়াটো আমাৰ সকলোৰে দায়িত্ব । ছাত্র-ছাত্রীসকলক সমাজৰ অগ্ৰণী ব্যক্তি হিচাবে প্ৰতিষ্ঠা কৰাত শিক্ষা হ’ল এক প্ৰধান আহিলা । শিক্ষাৰ জৰিয়তে ব্যক্তিৰ সৰ্বাত্মক দিশৰ বিকাশ সম্ভৱপৰ হৈ উঠে । আনহাতে এই শিক্ষা প্ৰদানৰ বাবে এক নিৰ্দিষ্ট স্থান হ’ল বিদ্যালয়সমূহ । ইয়াত ছাত্র-ছাত্রীসকলক ভিন্ন ধৰণৰ শিক্ষা বিভিন্ন বিষয়ৰ মাধ্যমেৰে শিকোৱা হয়। কিন্তু এই পুথিগত বিদ্যাই ছাত্র-ছাত্রীৰ বিকাশৰ বাবে যথেষ্ট নহয় । সময়ে সময়ে বিভিন্ন উপায়েৰে তেওঁলোকক অন্যান্য দিশৰো জ্ঞান দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হয় । তাৰেই এক অন্যতম ব্যবস্থা হ’ল গ্ৰীষ্মকালীন শিবিৰ ।


   গ্ৰীষ্মকালীন শিবিৰসমূহ হৈছে এক পৰিকল্পিত আৰু পৰিদৰ্শনমূলক অনুষ্ঠান য'ত ছাত্র-ছাত্রীৰ আজৰি সময়খিনিৰ সদ্‌ব্যৱহাৰৰ উদ্দেশ্যে মনোৰঞ্জনৰ মাধ্যমেৰে শিশু আৰু কিশোৰ-কিশোৰীসকলৰ শৈক্ষিক,সামাজিক, বৌদ্ধিক, সৃজনীশীল আদি দিশৰ উন্নয়ণ কৰিবলৈ চেষ্টা কৰা হয় । সাধাৰণতে এই শিবিৰসমূহ বিদ্যালয় বা কিছুমান স্বেচ্ছাসেৱী সংগঠনে আয়োজন কৰা দেখা যায় । অতীত কালত গৰমৰ বন্ধৰ সময়ত ল’ৰা-ছোৱালীসকলে অভিভাৱকৰ লগত নিজ আত্মীয় স্বজনৰ ঘৰলৈ ফুৰিবলৈ গৈছিল ৷ তাত ফুৰি চাকি ভিন ভিন লোকৰ সংস্পর্শলৈ আহি বিভিন্ন অভিজ্ঞতা অর্জন কৰিছিল । কিন্তু বৰ্তমান সময় আৰু পৰিস্থিতি সলনি হ’ল । অভিভাৱক আৰু ইষ্ট কুটুম্বৰ ব্যস্ততা আৰু আন আন বিভিন্ন কাৰণৰ ফলত মানুহবোৰে অধিক দিনৰ বাবে অইনৰ ঘৰত যাবলৈ অনীহা প্রকাশ কৰে । গতিকে বিদ্যালয়ৰ গৰমৰ বন্ধৰ সময়ছোৱা যাতে গঠনমূলক ভাবে পাৰ হয় তাৰ উদ্দেশ্যে গ্ৰীষ্মকালীন শিবিৰসমূহৰ আয়োজন কৰা হয় । 

সাধাৰণতে এই শিবিৰসমূহ ভিন ভিন ধৰণৰ হোৱা দেখা যায় । উদাহৰণস্বৰূপে,

আৱাসিক শিবিৰ : এই প্ৰকাৰৰ শিবিৰত ছাত্র- ছাত্রীসকলে কিছুদিনৰ বাবে এক নিদিষ্ট ঠাইত বাস কৰে আৰু বিভিন্ন কাৰ্যসূচীত অংশগ্রহণ কৰে । পিতৃ-মাতৃ পৰা আঁতৰত থাকি তেওঁলোকে স্ব- নিৰ্ভৰশীলতাৰ পাঠ গ্রহণ কৰে । এনে শিবিৰসমূহ ৫ দিনৰ পৰা ১০ দিন মানলৈ চলা দেখা যায় ।


দৈনিক শিবিৰ : এই প্ৰকাৰৰ শিবিৰত ছাত্র- ছাত্রীয়ে প্ৰতিদিনে ঘৰৰ পৰা অহা যোৱা কৰি শিবিৰৰ কাৰ্যসূচীসমূহত অংশগ্রহণ কৰে । দিনটোৰ এক নিদিষ্ট সময়ত আৰম্ভ হৈ কেই ঘন্টা মান পিছত এই বিধ শিবিৰ সেই দিনটোৰ বাবে সমাপ্ত হয় ।


বিশেষ শিবিৰ : বিশেষ শিবিৰসমূহত ল’ৰা- ছোৱালীসমূহক কিছুমান বিশেষ কাৰ্যৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় । যেনে, ছবি অঁকা, খেলা-ধূলা, ব্যায়াম আৰু যোগাভ্যাস, শাস্ত্ৰীয় গান বা নৃত্য, খাদ্য সংৰক্ষণৰ বিভিন্ন পদ্ধতি সমূহৰ প্ৰশিক্ষণ ইত্যাদি ।

            গ্ৰীষ্মকালীন শিবিৰসমূহ বৰ্তমান সমাজত অতি প্ৰয়োজনীয় । কাৰণ গোলকীকৰণৰ ফলত পৃথিৱীৰ দুৰদূৰণিৰ দেশৰ লোক আমাৰ ওচৰ চাপি আহিছে কিন্তু আমি আমাৰ ওচৰ চুবুৰীয়া লোকৰ পৰাই আঁতৰি গৈছো । মানুহৰ অন্তৰত আৱেগ অনুভূতিসমূহ লাহে লাহে কমি আহিছে । উঠি অহা প্ৰজন্মই কেৰিয়াৰ গঢ়াৰ স্বাৰ্থত সমাজৰ পৰা নিজকে বিচ্ছিন্ন কৰি পেলাইছে । সেয়েহে তেওঁলোকক একাকিত্বৰ পৰা মুক্ত কৰি সমাজৰ লগত মিলাপ্ৰীতি স্থাপন কৰাৰ ক্ষেত্রত গ্ৰীষ্মকালীন শিবিৰসমূহৰ অৱদান যথেষ্ট । ইয়াত ল’ৰা-ছোৱালীসকলে মিলিজুলি বিভিন্ন কাৰ্যসূচীত অংশগ্রহণ কৰে । যিয়ে ব্যক্তিত্বৰ সৰ্বাংগীন দিশৰ বিকাশ সহজ কৰি তোলে । গ্ৰীষ্মকালীন শিবিৰত অন্তর্ভুক্ত কিছুমান কাম যেনে ফুল বনোৱা, পুতলা বনোৱা, মাটিৰে নতুন বস্তু তৈয়াৰ কৰা, চিলাই কৰা, পেলনীয়া সামগ্রীৰ পৰা নতুন বস্তু তৈয়াৰ কৰা আদি কামৰ জৰিয়তে তেওঁলোকৰ সুপ্ত প্ৰতিভাসমূহ বিকাশৰ সুযোগ পায় । খেলাধূলাত অংশগ্রহণৰ দ্বাৰা শাৰীৰিক দিশ, মানসিক দিশ, সামাজিক দিশ ইত্যাদিৰ উন্নতি সম্ভৱ হৈ উঠে । ব্যায়াম, যোগাসন আদিৰ অভ্যাসৰ ফলত সু- স্বাস্থ্যৰ অধিকাৰী হৈ থকাৰ জ্ঞান লাভ কৰে । এই কাৰ্যসূচীসমূহত শিশু আৰু কিশোৰ-কিশোৰী সকলে মনোৰঞ্জনৰ মাধ্যমৰে জ্ঞান আহৰণ কৰাৰ সুযোগ লাভ কৰে যিয়ে তেওঁলোকক আত্মবিশ্বাসী কৰি তোলে । আৱাসিক শিবিৰসমূহত ছাত্র- ছাত্ৰীয়ে নিজৰ দৈনন্দিন কামসমূহৰো প্ৰশিক্ষণ লাভ কৰে যিয়ে ভৱিষ্যৎ জীৱনত যথেষ্ট সহায় কৰে ।

      গতিকে ওপৰৰ চমু আলোচনাৰ পৰা এয়ে প্ৰতীয়মান হয় যে গ্ৰীষ্মকালীন শিবিৰসমূহৰ বৰ্তমান সময়ত যথেষ্ট তাৎপর্য আছে । ভৱিষ্যতে এখন সুস্থ সমাজ গঢ়াৰ ক্ষেত্রত এই শিবিৰসমূহৰ অৱদান লেখত ল’বলগীয়া।অনাগত দিনত ল'ৰা-ছোৱালীসকলক মানসিক,সামাজিক,আৱেগিক,নৈতিক সৃজনশীল ইত্যাদি দিশত আগবঢ়াই নিয়াৰ ক্ষেত্রত গ্ৰীষ্মকালীন শিবিৰসমূহে যথেষ্ট সহায় আগবঢ়াব বুলি ক’ব পৰা যায় । শ্ৰেণীকোঠাৰ কঠোৰ নিয়মানুবর্তিতাৰ বাহিৰত মুকলি ভাবে নিজৰ মন পছন্দৰ ভিন ভিন কাৰ্যত অংশগ্রহণৰ দ্বাৰা ছাত্র- ছাত্ৰীসকলে নিজকে সমাজৰ একো একোজন যোগ্য ব্যক্তি হিচাবে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সুযোগ দিয়াৰ বাবে গ্ৰীষ্মকালীন শিবিৰসমূহ নিশ্চয়কৈ প্ৰশংসাৰ যোগ্য ।





মল্লিকা শৰ্মা

সহকাৰী শিক্ষয়িত্ৰী

সৰপাৰা হাইস্কুল

শিক্ষাখণ্ড : ৰামপুৰ

Post a Comment

0 Comments