ছাত্ৰ জীৱনত ধৈৰ্যৰ যাদু
“ধৈৰ্য সিমানলৈ ধৰিব যাতে তোমাৰ ধৈৰ্য দেখি আনৰ ধৈৰ্য হেৰুৱাই।”
এই কথাষাৰ কেৱল এটি সাধাৰণ উপদেশ নহয়, বৰং জীৱনৰ এক গভীৰ সত্য। বিশেষকৈ ছাত্ৰ জীৱনত ধৈৰ্য হৈছে এনে এক যাদুকৰী শক্তি, যিয়ে এজন সাধাৰণ শিক্ষাৰ্থীকো আচৰিতভাৱে অসাধাৰণ উচ্চতালৈ লৈ যাব পাৰে । সময় সলনি , চিন্তা সলনি আৰু প্ৰতিযোগিতাৰ দৌৰত আজিৰ যুগত অধিকাংশ অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীয়ে তৎক্ষণাত ফলাফল বিচাৰে। অলপ সময় পঢ়িয়েই ভাল নম্বৰ আশা কৰে, অলপ বিফল হ’লেই হতাশ হয়, আনৰ সফলতা দেখি নিজকে দুর্বল বুলি ভাবিবলৈ আৰম্ভ কৰে। এয়া একাংশ অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ ঘৰুৱা কন্দল । কিন্তু প্রকৃত সত্যটো হ’ল— সফলতা একে দিনতে জন্ম নলয়; ইয়াৰ আঁৰত থাকে বহুদিনৰ ধৈৰ্য, অধ্যৱসায় আৰু আত্মবিশ্বাস লগতে অভিভাৱকে সৃষ্টি কৰা যোগাত্মক পৰিৱেশ।
ছাত্ৰ জীৱন হৈছে মানুহৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূর্ণ সময়। যি সময়ত গঢ় লৈ উঠে মানুহৰ চিন্তা, চৰিত্ৰ, নৈতিকতা, লক্ষ্য আৰু ভৱিষ্যৎ। কিন্তু এই পথ ইমান নিমজ নহয়। অধ্যয়নৰ চাপ, পৰীক্ষাৰ ভয়, প্ৰতিযোগিতাৰ মানসিকতা, অভিভাৱকৰ আশা, সমাজৰ তুলনা— এই সকলোবোৰে এজন ছাত্ৰৰ মনক বহু সময়ত অস্থিৰ কৰি তোলে। সেয়া কম সংখ্যক অভিভাৱকৰ দৃষ্টিগোচৰ হোৱাৰ বিপৰীতে অধিক সংখ্যক ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ মনত নাহে। ঠিক তেনে সময়তেই ধৈৰ্য এজন ছাত্ৰৰ আটাইতকৈ ডাঙৰ সহায়ক হৈ উঠে ।
ধৈৰ্য মানে কেৱল অপেক্ষা কৰা নহয়। ধৈৰ্য মানে হৈছে জীৱনৰ কঠিন সময়তো নিজৰ লক্ষ্যৰ পৰা আঁতৰি নোযোৱা । উদাহৰণস্বৰূপে, এজন কৃষকে মাটিত বীজ সিঁচাৰ পিছত প্ৰতিদিনে মাটি খান্দি নাচায় । তেওঁ জানে যে তাত সময় লাগিব। তেওঁ নিয়মিত পানী দিয়ে, যত্ন লয় আৰু ধৈৰ্য ধৰে। ঠিক তেনেদৰে এজন ছাত্ৰই যদি নিয়মিত অধ্যয়ন কৰি যায়, সময়মতে অনুশীলন কৰে আৰু ধৈৰ্য ধৰে, তেন্তে সফলতা নিশ্চিতভাৱে এদিন তেওঁৰ দুৱাৰত আহি থিয় দিব ।
আজিৰ যুগত ছাত্ৰ-ছাত্ৰীৰ মাজত এটা ডাঙৰ সমস্যা হৈছে— অধৈৰ্যতা আৰু তাৎক্ষণিকতা । মোবাইল, ইণ্টাৰনেট আৰু সামাজিক মাধ্যমৰ যুগত সকলো বস্তু যেন মুহূর্ততে পোৱা যায় আৰু নাপালেই মন অশান্ত হৈ পৰে । ফলত ছাত্ৰসকলৰ মনোযোগ আৰু সহনশীলতা কমি গৈছে । তেওঁলোকে দীঘলীয়া সময় একে বিষয়ত মন দিব নোৱাৰে । অলপ কষ্ট হ’লেই বিৰক্ত হয় । কিন্তু জ্ঞান লাভৰ পথ কেতিয়াও সহজ নহয়। ধৈৰ্য অবিহনে গভীৰ জ্ঞান লাভ অসম্ভৱ ।
ছাত্ৰ জীৱনত ধৈৰ্যৰ প্ৰথম যাদু হৈছে— ই মনক স্থিৰ কৰে। যিজন ছাত্ৰ ধৈৰ্যশীল, তেওঁ সহজে ভাঙি নপৰে। পৰীক্ষাত বেয়া ফলাফল আহিলেও তেওঁ হতাশ নহয় । তেওঁ নিজৰ ভুল বিচাৰি পুনৰ চেষ্টা কৰে । আনহাতে অধৈৰ্য ছাত্ৰই এটা বিফলতাৰ পিছতেই নিজৰ ওপৰত বিশ্বাস হেৰুৱাই পেলায়। সেয়েহে ধৈৰ্যই মানুহক পুনৰ উঠি নতুনকৈ আৰম্ভ কৰিবলৈ শক্তি দিয়ে ।
ধৈৰ্যৰ দ্বিতীয় যাদু হৈছে— ই মনোযোগ বৃদ্ধি কৰে । আজিৰ সময়ত মনোযোগ ধৰি ৰখাটো বৰ কঠিন । কিন্তু ধৈৰ্যশীল ছাত্ৰই জানে যে সফলতাৰ কোনো চমু পথ নাই। তেওঁ ধীৰে ধীৰে পঢ়ে, বুজি পঢ়ে আৰু নিয়মিত অনুশীলন কৰে। ফলত তেওঁৰ জ্ঞান গভীৰ হয় । নদীৰ পানী যেনেকৈ ধীৰে ধীৰে পাথৰ কাটি পথ বনায়, ঠিক তেনেদৰে ধৈৰ্যই ধীৰে ধীৰে সফলতাৰ পথ গঢ়ে।
ধৈৰ্য ছাত্ৰৰ চৰিত্ৰ গঢ়াৰ ক্ষেত্ৰতো অত্যন্ত গুৰুত্বপূর্ণ । এজন ধৈৰ্যশীল ছাত্ৰই শিক্ষক, বন্ধু আৰু অভিভাৱকৰ লগত নম্ৰ আচৰণ কৰে । তেওঁ সহজে খং নকৰে, খং কৰি সিদ্ধান্ত গ্ৰহণ নকৰে। ধৈৰ্যই মানুহক ভিতৰৰ পৰা শক্তিশালী কৰি তোলে । যিজনে নিজৰ খং নিয়ন্ত্ৰণ কৰিব পাৰে, সেয়াই প্রকৃত শক্তিশালী।
অনেক সময়ত দেখা যায়, এজন ছাত্ৰই বহুত পৰিশ্ৰম কৰাৰ পিছতো সোনকালে ফলাফল নাপায় । সেই সময়ত বহুতে হতাশ হৈ চেষ্টা এৰি দিয়ে। কিন্তু ইতিহাসৰ পাত লুটিয়ালে আমি যিসকল মহান ব্যক্তি সফলতাৰ জখলাত শীৰ্ষত উপনীত হৈছিল, তেওঁলোকৰ জীৱনত বহু বিফলতা আহিছিল আৰু বাৰ বাৰ আহিছিল। ড° এ.পি.জে. আব্দুল কালাম, থমাছ এডিছন, আইজাক নিউটন— আদি সকলোৰে জীৱনত অসংখ্য ব্যর্থতা আহিছিল । কিন্তু তেওঁলোকে ধৈৰ্য হেৰুৱাই দিয়া নাছিল । সেয়েহে এদিন তেওঁলোক বিশ্বৰ অনুপ্ৰেৰণাৰ নাম হৈ পৰিল ।
ছাত্ৰ জীৱনত ধৈৰ্যৰ আন এটা ডাঙৰ যাদু হৈছে— ই আত্মবিশ্বাস জন্মায় । যিজনে ধৈৰ্য ধৰে, তেওঁ নিজৰ ওপৰত বিশ্বাস বহুত বাঢ়ে । তেওঁ জানে যে আজিৰ কষ্টই কালিৰ সফলতা আনিব । সেয়েহে তেওঁ আনৰ সফলতা দেখি হিংসা নকৰে । বৰং নিজৰ পথত ধীৰে ধীৰে আগবাঢ়ি যায় । এই আত্মবিশ্বাসেই এজন ছাত্ৰক ডাঙৰ স্বপ্ন দেখিবলৈ সাহস দিয়ে ।
আজিৰ শিক্ষাব্যৱস্থাত প্ৰতিযোগিতা বহুত বৃদ্ধি পাইছে । সকলোৱে প্ৰথম হ’ব বিচাৰে । এই প্ৰতিযোগিতাৰ মাজত বহু ছাত্ৰ মানসিক চাপত ভোগে । কিন্তু যদি তেওঁলোকে ধৈৰ্য ধৰি নিজৰ লক্ষ্যত মনোনিৱেশ কৰে, তেন্তে এই চাপ বহু পৰিমাণে কমিব পাৰে । কাৰণ জীৱনত সফলতাৰ সংজ্ঞা কেৱল নম্বৰ নহয় । প্রকৃত সফলতা হৈছে এজন ভাল মানুহ হোৱা ।
ধৈৰ্যই এজন ছাত্ৰক সময়ৰ মূল্যও শিকায় । যিজনে ধৈৰ্য ধৰে, তেওঁ জানে যে প্ৰতিটো সৰু পদক্ষেপেই ডাঙৰ সফলতাৰ ভেঁটি । তেওঁ লৰালৰি নকৰে, কিন্তু সময় অপচয়ো নকৰে । তেওঁ নিয়মিতভাৱে নিজৰ কাম কৰি যায়। ঠিক যেনেকৈ সূৰ্য প্ৰতিদিনে ধীৰে ধীৰে উদয় হয়, কিন্তু কেতিয়াও নিজৰ দায়িত্ব এৰি নিদিয়ে ।
ছাত্ৰ জীৱনত ধৈৰ্য নাথাকিলে বহু সমস্যা সৃষ্টি হয় । অধৈৰ্য ছাত্ৰ সহজে হতাশ হয়, আত্মবিশ্বাস হেৰুৱায়, আনকি বহু সময়ত ভুল পথো বাচি লয় । কিন্তু ধৈৰ্যশীল ছাত্ৰই কঠিন সময়তো আশা এৰি নিদিয়ে । তেওঁ জানে যে আন্ধাৰৰ পিছত পোহৰ আহে । এই আশাই তেওঁক আগুৱাই নিয়া শক্তি ।
ধৈৰ্য মানে নীৰৱে সহি থকা নহয়; ধৈৰ্য মানে হৈছে নিজৰ লক্ষ্যৰ প্রতি দৃঢ় বিশ্বাস ৰাখি আগবাঢ়ি যোৱা । বহু সময়ত মানুহে ধৈৰ্যশীল লোকক দুর্বল বুলি ভাবে । কিন্তু সঁচা কথা হ’ল— ধৈৰ্য হৈছে নীৰৱ সাহস । যিজনে কঠিন সময়তো নিজকে নিয়ন্ত্ৰণত ৰাখিব পাৰে, সেয়াই প্রকৃত বীৰ ।
শেষত ক’ব পাৰি, ছাত্ৰ জীৱনত ধৈৰ্য হৈছে এক যাদুকৰী শক্তি । এই শক্তিয়ে মানুহক হতাশাৰ পৰা আশালৈ, ব্যর্থতাৰ পৰা সফলতালৈ আৰু অন্ধকাৰৰ পৰা পোহৰলৈ লৈ যায় । এজন ছাত্ৰই যদি নিজৰ জীৱনত ধৈৰ্য, অধ্যৱসায় আৰু আত্মবিশ্বাস গঢ়ি তুলিব পাৰে, তেন্তে তেওঁ কেতিয়াও প্রকৃত অর্থত ব্যর্থ নহ’ব । সেয়েহে প্ৰতিজন ছাত্ৰৰ মনত এটা কথা সদায় থাকিব লাগে—
“ধীৰে ধীৰে আগবঢ়া মানুহ হয়তো দেৰিকৈ সফল হয়, কিন্তু তেওঁলোকৰ সফলতা অধিক স্থায়ী হয়।”
শ্ৰীনৱ কুমাৰ নাথ
সহকাৰী শিক্ষক
বকো মজলীয়া বিদ্যালয়
শিক্ষাখণ্ড : বকো


0 Comments