মোৰ অসম
ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে
বতাহে কয় কাহিনী ।
নামঘৰৰ ঢোলৰ মাতত
জাগি উঠে জননী ।
কেতেকীৰ গন্ধে ভৰা
গাঁৱৰ পথাৰখনি,
ধূলি-মাটিৰ গোন্ধতে মই
পাওঁ শান্তিৰ বাণী ।
হে প্ৰকৃতি মা, তই মোৰ জীৱন,
তোৰ আঁচলতেই মোৰ সপোন ।
তই নোহোৱা হ'লে শূন্য মই,
তোৰ বুকুতেই মোৰ ঠিকনা ।
সেউজীয়া পাহাৰত মেঘে
আঁকি যায় ছবি ।
চৰাইৰ গান শুনি শুনি
দিন যায় উভতি ।
নদীৰ ঢৌত ভাঁহি যায়
দুখ-বেদনাৰ সুৰ,
গছৰ ছাঁত বহি পাওঁ
প্ৰকৃতিৰ মধুৰ সুৰ।
অচিনাকি বতাহজাকে
কৈ যায় মোক দুখৰ কথা,
কুলিজনীও যেন আজি
উদাসীন ।
গছ কটা বন্ধ কৰা,
নদী-পুখুৰী ৰাখা চাফা ।
প্ৰকৃতি বাচিলেই
বাচিব মোৰ অসম ।
দিপাংকৰ হাজৰিকা
দশম শ্ৰেণী
সত্ৰপাৰা আইডিয়েল হাইস্কুল
শিক্ষাখণ্ড : ৰামপুৰ

1 Comments
Correct sentence:
ReplyDeleteI am very glad to share that this poem was written by our student.