header ads

অসমীয়া প্ৰবন্ধ, আধ্যাত্মিকতাৰ প্ৰভাৱে নৱপ্ৰজন্মক কেনেদৰে সহায় কৰে",উদ্ধৱ কলিতা , ,ষষ্ঠ বছৰৰ-৪ৰ্থ সংখ্যা,

 আধ্যাত্মিকতাৰ প্ৰভাৱে নৱপ্ৰজন্মক কেনেদৰে সহায় কৰে"




      আধ্যাত্মিকতা বুলি কʼলে আমাৰ মনত সাধাৰণতে ভাৱ হয় ঈশ্বৰ উপাসনা কৰা , ধূপ-চাকি জ্বলোৱা , নাম-প্ৰসঙ্গ কৰা , সত্ৰ-নামঘৰ দৰ্শন কৰা , মঠ-মন্দিৰ দৰ্শন কৰা , পূজা-পাৰ্বণ কৰা ইত্যাদি বোৰৰ কথা । ইয়াৰ ফলত আমাৰ নৱপ্ৰজন্মৰ মাজত কিছুমান প্ৰশ্নই দেখা দিয়ে । প্ৰশ্ন মানে  যুক্তিযুক্ত বাস্তৱ প্ৰতিচ্ছবিখনহে তেওঁলোকে চাব বিচাৰে । অৰ্থাৎ তেওঁলোকে ধৰ্মৰ নামত কোনোধৰণৰ ভিত্তিহীন আৱৰণ থকাটো নিবিচাৰে । সেয়ে বৰ্তমানৰ নৱপ্ৰজন্মই সমাজ ব্যৱস্থা প্ৰচলিত পূৰ্বৰ কিছুমান 'নাপাই,' 'নুচুবি','নাযাবি', 'নকৰিবি', 'নাখাবি'ৰ দৰে শব্দক গুৰুত্বহীন বুলি গণ্য কৰা দেখা যায় । ইয়াৰ মূলতেই হৈছে শিক্ষাৰ প্ৰভাৱ আৰু বিজ্ঞানৰ বিকাশ । সেয়ে আমি আমাৰ সাতামপুৰুষীয়া পৰম্পৰাটোক ধৰি ৰাখিবলৈ হ'লে সময়ৰ লগত খোজ মিলাবলৈ শিকিব লাগিব আৰু তেনে কৰিলেহে ভবিষ্যত প্ৰজন্মই ভেটি অবিহনে যে বৃহৎ অট্টালিকাক থিয় কৰি ৰখাৰ সম্ভৱ নহয় সেই কথা উপলব্ধি কৰিব । সেই সুগম পথটো কিন্তু তৰুণ প্ৰজন্মৰ মাজত সমাজখনক প্ৰতিনিধিত্ব কৰা প্ৰতিজন ব্যক্তিয়েই মুকলি কৰি থৈ যাব লাগিব । অন্যথা আমাৰ লʼৰা-ছোৱালী বিলাকে সংযোগ বিহীন পাৰাপাৰ নোপোৱা ডুবিৰ মাজত বুৰ যাব লাগিব ।

            বৰ্তমান সময়ত আমাৰ অভিভাৱকসকলৰ মাজতে কিছুমান সজাগতা নোহোৱা হৈ পৰিছে । যাৰ ফলত নিজৰ লʼৰা-ছোৱালীবোৰ উচ্চ শিক্ষিত হৈছে কিন্তু প্ৰকৃত জ্ঞান আহৰণ কৰিব পৰা নাই । এই কথাখিনি অপ্ৰিয় হ'লেও সত্য কাৰণ আমি সামাজিক মাধ্যমৰ জৰিয়তে দেখা পাই আহিছোঁ যে বিশ্বৰ আটাইতকৈ চোকা চোকা ল'ৰা-ছোৱালীবোৰে আই আই টি , এন আই টি ,আই আই এমত পঢ়ে , ডাক্তৰ-ইঞ্জিনিয়াৰ পঢ়ে , বিজ্ঞানী হয় , ডাঙৰ ডাঙৰ কলেজ-বিশ্ববিদ্যালয়ৰ শিক্ষক হয় , কিন্তু দুখৰ বিষয় সেইসকলৰ ভিতৰতেই আকৌ আত্মহত্যা কৰা , নিজ পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত থোৱা , পদপথত এৰি থৈ অহা , ঘৰৰ ভিতৰতে মৃত্যু হৈ গেলি পচি যোৱা ইত্যাদিবোৰ কথাই গা কৰি উঠিছে। সেয়ে মই দৃঢ় বিশ্বাসেৰে ক'ব পাৰোঁ নিজ পিতৃ-মাতৃয়ে যদি নিজৰ লʼৰা-ছোৱালীবোৰক শিশু অৱস্থাতেই ধৰ্মীয় শিক্ষাৰে বা আধ্যাত্মিক কথাবাৰ্তাৰে সৈতে আগবঢ়াই নিব পাৰে তেতিয়া অন্ততঃ সমাজৰ এনেধৰণৰ বিভীষিকাময় পৰিৱেশটো নাথাকিব আৰু সেইজন ব্যক্তি ভবিষ্যতে এজন প্ৰকৃত মানুহ হিচাপে গঢ় লʼব । মোৰ বোধেৰে এই পৰিৱেশ কেৱল মাত্ৰ ধৰ্মীয় অনুষ্ঠান বিলাকৰ মাজতে সীমাবদ্ধ হৈ থাকিলে নহ'ব । ইয়াৰ উচিত ব্যৱস্থা সমাজৰ অগ্ৰণী ব্যক্তিসকলে কৰিব লাগিব । আধ্যাত্মিকতা বা ধৰ্মই মানুহক সদায় সৎ ,সদাচাৰী , সংযমী , বিনয়ী , দয়াশীল , শ্ৰদ্ধাশীল আৰু নিৰ্ভীক হʼবলৈ শিকায় ; যিটো ব্যৱস্থা অন্যবিলাক পৰম্পৰাত দেখিবলৈ পোৱা নাযায় বা দেখিবলৈ পালেও উপযুক্ত পৰিৱেশৰ অভাৱত বিপথে পৰিচালিত হোৱাহে দেখা যায় । সেয়ে দেশৰ ভৱিষ্যতৰ সাৰথিস্বৰূপ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আধ্যাত্মিকতাৰ প্ৰয়োজন যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ । সেই বুলি মই এইটো কʼব খোজা নাই যে ভৱিষ্যতৰ প্ৰজন্মক কেৱল মাত্ৰ ধৰ্মীয় শিক্ষাৰেহে শিক্ষিত কৰি নিজকে এটা নিৰ্দিষ্ট গণ্ডিৰ ভিতৰত আৱদ্ধ কৰি ৰাখক , তাৰ বিপৰীতে মই কʼব খোজোঁ ধৰ্মই আমাৰ জীৱনটোক কেনেদৰে সহায় কৰি আগুৱাই লৈ যাব পাৰে তাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিব লাগে । যেনে আমি ৰাতিপুৱা শুই উঠি শৌচাচাৰ কৰি স্নান কৰা , দন্ত মাৰ্জন কৰা , থাপনাৰ ওচৰত প্ৰাৰ্থনা কৰা  ইত্যাদিবোৰে আমাক কেৱল মাত্ৰ ধৰ্মীয় আচৰণকে শিকোৱা নহয় , এইবোৰে আমাৰ জীৱনৰ পৰিস্কাৰ-পৰিচ্ছন্নতা , পৰিপাটিতা , ঈশ্বৰ সেৱাৰ যোগেদি মনটোক দৃঢ় কৰাত ইন্ধন যোগায় । তাৰোপৰি সত্ৰীয়া নৃত্য-গীতৰ সৈতে যদি ছাত্ৰ-ছাত্ৰীসকলক জড়িত কৰোৱা হয় ; সু্স্থ শৰীৰ বৰ্তাই ৰখাৰ লগতে গুৰুৰ চৰণ বন্দনা , পিতৃ-মাতৃৰ চৰণ বন্দনা আদিবোৰ কথা সুন্দৰকৈ বুজি উঠে ।

          শেষত ক'ব খোজোঁ আমাৰ নৱপ্ৰজন্মই সমাজৰ ধৰণী স্বৰূপ । সেয়ে বেকা বাঁহ এডালক যেনেকৈ কোমলীয়া অৱস্থাতে ভাঁজ দি পোনাই লʼব পাৰি ঠিক তেনেকৈ আমাৰ ছাত্ৰ-ছাত্ৰীসকলক শিশু অৱস্থাতে পৰিপাটিকৈ সজাই লʼব লাগিব ; তেতিয়াহে এখন সু-শৃংখল সমাজত বৰ্তি থাকিব পাৰিম ।




উদ্ধৱ কলিতা 

আউনীআটী সত্ৰ

উত্তৰ গুৱাহাটী

Post a Comment

0 Comments