গ্ৰীষ্মকালীন শিবিৰৰ প্ৰয়োজনীয়তা আৰু ছাত্ৰ-ছাত্ৰীৰ কৰণীয়
শিক্ষা হৈছে মানুহৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ । সাম্প্ৰতিক সময়ত শিক্ষা কেৱল পাঠ্যপুথিৰ মাজতে সীমাবদ্ধ নহয় । পাঠ্যপুথিৰ জ্ঞানেই এজন শিক্ষাৰ্থীক সম্পূৰ্ণ মানুহ হিচাপে গঢ়ি তুলিব নোৱাৰে । বিদ্যালয়ত পাঠদানৰ জৰিয়তে শিক্ষাৰ্থীয়ে বিষয়ভিত্তিক জ্ঞান লাভ কৰে যদিও জীৱনৰ বাবে প্ৰয়োজনীয় বহু দক্ষতা বিদ্যালয়ৰ চাৰিসীমাৰ বাহিৰত আহৰণ কৰিব লাগে । শিক্ষাৰ্থীৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, সামাজিক আৰু নৈতিক বিকাশৰ বাবে বিভিন্ন সহ -পাঠ্যক্ৰমমূলক কাৰ্যসূচীৰ প্ৰয়োজন হয় । গ্ৰীষ্মকালীন শিবিৰ এনে এক শিক্ষামূলক আৰু সৃষ্টিশীল কাৰ্যসূচী যিয়ে শিক্ষাৰ্থীসকলক তআনন্দময় পৰিৱেশত নতুন নতুন বিষয় শিকিবলৈ , নিজৰ প্ৰতিভা বিকশিত কৰিবলৈ আৰু জীৱনৰ বাবে প্ৰয়োজনীয় বিভিন্ন দক্ষতা আহৰণ কৰিবলৈ সুযোগ প্ৰদান কৰে । বিদ্যালয়ৰ গ্ৰীষ্মকালীন বন্ধৰ সময়ত আয়োজিত এই শিবিৰে শিক্ষাৰ্থীৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ বিশেষ ভূমিকা পালন কৰে ।
গ্ৰীষ্মকালীন শিবিৰৰ প্ৰয়োজনীয়তা বহু দিশৰপৰা উপলব্ধি কৰিব পাৰি । তলত গ্ৰীষ্মকালীন শিবিৰৰ প্ৰয়োজনীয়তাৰ বিভিন্ন দিশ সম্পৰ্কে উল্লেখ কৰা হ’ল --
(১) গ্ৰীষ্মকালীন শিবিৰ শিক্ষাৰ্থীৰ সৰ্বাংগীণ বিকাশৰ বাবে অতি প্ৰয়োজনীয় । শিবিৰত অংশগ্ৰহণ কৰাৰ ফলত শিক্ষাৰ্থীৰ আত্মবিশ্বাস, আত্মনিৰ্ভৰশীলতা, নেতৃত্বৰ গুণ আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি পায় । সংকোচ দূৰ হয় আৰু নিজৰ মতামত স্পষ্টভাৱে প্ৰকাশ কৰাৰ সাহস লাভ কৰে ।
(২) গ্ৰীষ্মকালীন শিবিৰে শিক্ষাৰ্থীসকলৰ মাজত সামাজিক সম্প্ৰীতি আৰু সহযোগিতাৰ মনোভাৱ গঢ়ি তোলে । শিবিৰত বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰাৰ ফলত তেওঁলোকৰ মাজত বন্ধুত্ব, ভ্ৰাতৃত্ববোধ, সহনশীলতা, সহযোগিতা আৰু দলীয় মনোভাৱ বিকশিত হয় ।
(৩) গ্ৰীষ্মকালীন শিবিৰে শিক্ষাৰ্থীসকলৰ সৃষ্টিশীল প্ৰতিভাৰ বিকাশ ঘটায় । চিত্ৰাংকন, সংগীত, নৃত্য, নাটক, কবিতা, ৰচনা, বিজ্ঞান প্ৰদৰ্শনী, হস্তশিল্প আদি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি শিক্ষাৰ্থীয়ে নিজৰ লুকাই থকা প্ৰতিভা বিকশিত কৰাৰ সুযোগ লাভ কৰে। ইয়াৰ ফলত তেওঁলোকৰ কল্পনাশক্তি, উদ্ভাৱনী চিন্তা আৰু সৃষ্টিশীল ক্ষমতা বৃদ্ধি হয় ।
(৪) গ্ৰীষ্মকালীন শিবিৰে শিক্ষাৰ্থীসকলৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য উন্নত কৰাত সহায় তকৰে। খেল-ধেমালি, ব্যায়াম, যোগাসন, ধ্যান আদিৰ জৰিয়তে শৰীৰ সুস্থ আৰু মন প্ৰফুল্ল থাকে। শিক্ষাৰ্থীয়ে সুস্থ জীৱনধাৰণ, পুষ্টিকৰ খাদ্য গ্ৰহণ, ব্যক্তিগত পৰিচ্ছন্নতা আৰু স্বাস্থ্যবিধিৰ গুৰুত্ব উপলব্ধি কৰে। লগতে পাঠ্যপুথিৰ চাপৰ পৰা কিছু সময় আঁতৰি থাকি মানসিকভাৱে সতেজ হৈ উঠিব পাৰে।
(৫) গ্ৰীষ্মকালীন শিবিৰে শিক্ষাৰ্থীসকলক নতুন জ্ঞান আৰু জীৱনদক্ষতা আহৰণৰ সুযোগ দিয়ে। শিক্ষাৰ্থীসকলে বিজ্ঞান, পৰিৱেশ সংৰক্ষণ, তথ্য-প্ৰযুক্তি, নৈতিক শিক্ষা, যোগাযোগ দক্ষতা, সমস্যা সমাধান, সময় ব্যৱস্থাপনা, প্ৰাথমিক চিকিৎসা আদি বহু বিষয়ত ব্যৱহাৰিক শিক্ষা লাভ কৰিব পাৰে। এই জ্ঞানসমূহ ভৱিষ্যৎ জীৱনত অত্যন্ত উপযোগী হয়।
(৬) গ্ৰীষ্মকালীন শিবিৰে শিক্ষাৰ্থীসকলক সময়ৰ সৎ ব্যৱহাৰ কৰিব শিকায়। গ্ৰীষ্মকালীন বন্ধৰ সময় অপচয় নকৰি গঠনমূলক কামত নিয়োজিত থাকিবলৈ শিকায়। মোবাইল ফোন, টেলিভিছন বা অনলাইন গেমৰ প্ৰতি অতিৰিক্ত আসক্তিৰ পৰা আঁতৰাই স্বাস্থ্যকৰ অভ্যাস গঢ়ি তুলিবলৈ সহায় কৰে ।
(৭) গ্ৰীষ্মকালীন শিবিৰে শিক্ষাৰ্থীসকলৰ মাজত পৰিৱেশ সচেতনতা বৃদ্ধি কৰে। গছপুলি ৰোপণ, পানী সংৰক্ষণ, প্লাষ্টিকমুক্ত পৰিৱেশ, পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান আদি কাৰ্যসূচীৰ জৰিয়তে শিক্ষাৰ্থীৰ মাজত প্ৰকৃতি সংৰক্ষণৰ মনোভাৱ গঢ়াত সহায় কৰে।
(৮) গ্ৰীষ্মকালীন শিবিৰে শিক্ষাৰ্থীসকলৰ নৈতিক আৰু মানৱীয় মূল্যবোধৰ বিকাশ ঘটায়। সততা, শৃংখলা, দায়িত্ববোধ, সহমৰ্মিতা, দেশপ্ৰেম, সমাজসেৱাৰ মানসিকতা আদি গুণৰ বিকাশৰ বাবে গ্ৰীষ্মকালীন শিবিৰ এক উৎকৃষ্ট মাধ্যম।
গ্ৰীষ্মকালীন শিবিৰৰ সফলতা বহুখিনি শিক্ষাৰ্থীসকলৰ আচৰণ, শৃ্ংখলা আৰু সক্ৰিয় অংশগ্ৰহণৰ ওপৰত নিৰ্ভৰ কৰে । শিবিৰৰপৰা সম্পূৰ্ণ সুফল লাভ কৰিবলৈ শিক্ষাৰ্থীসকলে কিছুমান দায়িত্ব পালন কৰা উচিত । গ্ৰীষ্মকালীন শিবিৰৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ শিক্ষাৰ্থীসকলৰ কৰণীয়সমূহ হ’ল --
(১) শিবিৰৰ সকলো কাৰ্যসূচীত নিয়মিত উপস্থিত থাকিব লাগে। সময়মতে উপস্থিত থাকিলে &সকলো অনুষ্ঠানত অংশগ্ৰহণ কৰি নতুন অভিজ্ঞতা লাভ কৰিব পাৰি।
(২) শিবিৰৰ সকলো নিয়ম-কানুন মানি চলিব লাগে । শিক্ষক, প্ৰশিক্ষক আৰু আয়োজকসকলৰ নিৰ্দেশনা অনুসৰণ কৰা আৰু সময়ৰ মূল্য বুজি চলাটো প্ৰতিজন শিক্ষাৰ্থীৰ কৰ্তব্য।
(৩) শিবিৰত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব লাগে। কেৱল দৰ্শক হিচাপে উপস্থিত নাথাকি আলোচনা, ক্ৰীড়া, সাংস্কৃতিক অনুষ্ঠান, বিজ্ঞানভিত্তিক কাৰ্যসূচী আদিত উৎসাহেৰে অংশগ্ৰহণ কৰি কাৰ্যসূচীৰপৰা নতুন কিবা শিকিবলৈ চেষ্টা কৰিব লাগে।
(৪) সহযোগিতা আৰু দলীয় মনোভাৱ গঢ়ি তুলিব লাগে। শিবিৰত সহপাঠীসকলৰ সৈতে বন্ধুত্বসুলভ আচৰণ কৰিব লাগে । দলীয় কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আনক সহায় কৰিব লাগে আৰু আনৰ মতামতক সন্মান কৰিব লাগে ।
(৫) ব্যক্তিগত স্বাস্থ্য আৰু পৰিচ্ছন্নতাৰ যত্ন ল'ব লাগে। পৰিষ্কাৰ-পৰিচ্ছন্ন পোছাক পৰিধান কৰা, স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰা, পৰ্যাপ্ত পানী পান কৰা আৰু নিয়মিত ব্যায়াম কৰাটো প্ৰয়োজনীয়।
(৬) পৰিৱেশ সংৰক্ষণত সক্ৰিয় ভূমিকা ল'ব লাগে। বৃক্ষ ৰোপণ, পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান, প্লাষ্টিকমুক্ত পৰিৱেশ গঢ়াৰ দৰে কাৰ্যসূচীত অংশগ্ৰহণ কৰা উচিত ।
(৭) মোবাইল ফোন আৰু সামাজিক মাধ্যমৰ অতিৰিক্ত ব্যৱহাৰ পৰিহাৰ কৰি শিবিৰৰ কাৰ্যসূচীত সম্পূৰ্ণ মনোযোগ দিব লাগে ।
(৮) নতুন বিষয় শিকিবলৈ আগ্ৰহী হ'ব লাগে। নুবুজা বিষয়ত শিক্ষকক প্ৰশ্ন সুধিব লাগে আৰু শিবিৰত শিকোৱা প্ৰতিটো বিষয় মনোযোগেৰে গ্ৰহণ কৰিব লাগে।
(৯) নৈতিক আচৰণ বজাই ৰাখিব লাগে। সকলোৰে সৈতে সৌজন্যমূলক ব্যৱহাৰ আৰু সত্য কথা ক’ব লাগে । কাৰো প্ৰতি বৈষম্যমূলক আচৰণ কৰিব নালাগে ।
(১০) শিবিৰত লাভ কৰা শিক্ষা বাস্তৱ জীৱনত প্ৰয়োগ কৰিব লাগে। শৃংখলা, সময়ানুবৰ্তিতা, সহযোগিতা, পৰিৱেশ সচেতনতা আৰু স্বাস্থ্যকৰ অভ্যাস বিদ্যালয়, ঘৰ আৰু সমাজত অনুসৰণ কৰা উচিত ।
গ্ৰীষ্মকালীন শিবিৰ শিক্ষাৰ্থীৰ সৰ্বাংগীণ বিকাশৰ এক ফলপ্ৰসূ আৰু জীৱনমুখী কাৰ্যসূচী । ইয়াৰ জৰিয়তে শিক্ষাৰ্থীয়ে কেৱল নতুন জ্ঞানেই লাভ নকৰে, বৰং আত্মবিশ্বাস, নেতৃত্ব, সৃষ্টিশীলতা, শৃংখলা, সামাজিক সম্প্ৰীতি, নৈতিক মূল্যবোধ আৰু জীৱনদক্ষতাও আহৰণ কৰে । ক’বলৈ গ’লে, গ্ৰীষ্মকালীন শিবিৰ শিক্ষাৰ্থীৰ জীৱনৰ বাবে প্ৰয়োজনীয় আত্মবিশ্বাস, নেতৃত্ব, দক্ষতা, শৃংখলা, সামাজিক সম্প্ৰীতি আৰু নৈতিক মূল্যবোধ গঢ়ি তোলাৰ এক উৎকৃষ্ট মঞ্চ । বৰ্তমান প্ৰতিযোগিতাৰ যুগত শিবিৰত লাভ কৰা অভিজ্ঞতাই ভৱিষ্যৎ জীৱনত এজন দায়িত্বশীল, সচেতন আৰু আদৰ্শ নাগৰিক হিচাপে গঢ়ি উঠিবলৈ সহায় কৰে । সেয়ে প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে গ্ৰীষ্মকালীন শিবিৰত আন্তৰিকতা, শৃংখলা আৰু উৎসাহেৰে অংশগ্ৰহণ কৰি ইয়াৰ পৰা লাভ কৰা শিক্ষা নিজৰ দৈনন্দিন জীৱনত প্ৰয়োগ কৰা উচিত । তেতিয়াহে গ্ৰীষ্মকালীন শিবিৰৰ প্ৰকৃত উদ্দেশ্য সফল হ'ব আৰু শিক্ষাৰ্থীসকলৰ উজ্জ্বল ভৱিষ্যৎ গঢ়াৰ পথ অধিক সুদৃঢ় হ'ব ।
________
( প্ৰৱন্ধটো যুগুত কৰোঁতে বিভিন্ন প্ৰৱন্ধ সংকলন আৰু ইণ্টাৰনেটৰ সহায় লোৱা হৈছে )
শ্ৰীভাস্কৰজ্যোতি তালুকদাৰ
কাৰ্যালয় সহায়ক
বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়,
কামৰূপ জিলা সংমণ্ডল , আমিনগাঁও

.jpg)
0 Comments