তত্বাৱধায়িকাৰ একলম
পোনতে ২০২৬ চনৰ জুলাই মাহত হোৱা প্ৰলয়ংকাৰী বানে অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট জিলাৰ ভালে সংখ্যক গাঁৱত আকস্মিকভাৱে মৃত্যুক আকোঁৱালি লোৱা ব্যক্তিসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ । শৈক্ষিক গোট জ্ঞানম, কামৰূপৰ তৰফৰ পৰা ২৯ জুলাই,২০২৬ তাৰিখে এই মহাপ্ৰলয়ে নিমিষতে সকলো ধুই নিয়া আৰু গৃহহীন, জীৱ-জন্তুৰ প্ৰাণ নাশ, সা-সম্পত্তি, প্ৰাচীন ঐতিহ্য আৰু ধ্বংসস্তুপত পৰিণত কৰা বহুকেইখন গাঁৱৰ ভিতৰত শিৱসাগৰ নাজিৰাৰ বিহুবৰ বানাক্ৰান্ত অঞ্চলৰ নেপালী খুঁতি , চণ্টক আদিলৈ গৈ বানপীড়িত ৰাইজৰ আৰু শিশুৰ মাজত সৰু-ডাঙৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াবলৈ এক ক্ষুদ্ৰ প্ৰয়াস কৰা হৈছিল । এই ক্ষেত্ৰত কামৰূপৰ লগতে অসম তথা মহাৰাষ্ট্ৰ, ত্ৰিপুৰা, উত্তৰাখাণ্ডৰ যিসকল সদাশয় ব্যক্তিয়ে আৰ্তজনলৈ বস্ত্ৰ/সামগ্ৰী প্ৰদান, আৰ্থিক/ নৈতিক সমৰ্থন, ইত্যাদিৰ লগতে দিহা-পৰামৰ্শ আৰু আন্তৰিকতাৰে সহায়- সহযোগিতা আগবঢ়োৱা সকলো ব্যক্তি আৰু অনুষ্ঠানৰ ওচৰত শৈক্ষিক জ্ঞানম, কামৰূপে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ।
তত্বাধায়িকাৰ একলমত ৫ ছেপ্তেম্বৰ,২০২৬ তাৰিখৰ “শিক্ষক দিৱস” উদযাপনৰ লগত সংগতি ৰাখি শৈক্ষিক গোট জ্ঞানম, কামৰূপৰ তৰফৰ পৰা প্ৰতিগৰাকী শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীৰ শ্ৰীচৰণত সেৱা আৰু সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ ।
স্বামী বিবেকানন্দই কৈছিল-
"আমাক এনে শিক্ষাৰ প্ৰয়োজন যাৰ দ্বাৰা আমাৰ সৎ চৰিত্ৰ গঠন হয় আৰু যাৰ
দ্বাৰা মানসিক বল বৃদ্ধি হয়, যাৰ দ্বাৰা বুদ্ধিমত্তা প্ৰসাৰিত হ’ব আৰু যাৰ সহায়ত আমি
নিজৰ ভৰিত নিজে থিয় দি আত্মনির্ভৰশীল হ’ব পাৰো।"
স্বামী বিবেকানন্দৰ এই মহান উক্তিষাৰ সাৰোগত কৰি ছাত্ৰ-ছাত্ৰীক সৎ চৰিত্ৰ গঠন, মানসিক বল বৃদ্ধি, বুদ্ধিমত্তা প্ৰসাৰিত হোৱা, আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলাৰ লগতে প্ৰকৃত মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত প্ৰতিগৰাকী শিক্ষাগুৰুৱে যাতে তেখেতসকলৰ নিৰবচিন্ন চেষ্টা অব্যাহত ৰাখে আৰু সমাজ সংগঠনত বিশেষ অৰিহণা যোগাব পাৰে সেৱা আমাৰ কাম্য।
এতিয়া আহো শৈক্ষিক গোট জ্ঞানম, কামৰূপৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা কামৰূপৰ সহযোগত প্ৰকাশিত তিনিমহীয়া ই-আলোচনী “জ্ঞানম” ৰ ৬ষ্ঠ বৰ্ষৰ চতুৰ্থ সংখ্যাৰ সম্পাদনা সমিতিৰ সন্মানীয় সদস্য-সদস্যাসকলে ঐকান্তিক প্ৰচেষ্টাৰে লেখাসমূহ সংগ্ৰহ কৰি সম্পাদনা, অলংকৰণ, ৱেবচাইডত আপলোড আৰু পিডিএফ সংস্কৰণ কৰি যথা সময়ত আলোচনীখন প্ৰকাশৰ কাৰণে সাজু কৰি তোলাৰ বাবে তেখেতসকলক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
তিনিমহীয়া ই-আলোচনী “জ্ঞানম” ৰ ৬ষ্ঠ বৰ্ষৰ চতুৰ্থ সংখ্যাটো প্ৰকাশত অজানিতে হোৱা ভুল ক্ৰুটিৰ মাৰ্জনা বিচাৰিছোঁ ।
আপোনালোকৰ গঠনমূলক দিহা-পৰামৰ্শ আমাৰ কাম্য ।
আমাৰ এই যাত্ৰা নতুন দিগন্তলৈ……..
ফুলপাহি নাথ, তত্বাৱধায়িকা,
ই-আলোচনী,'জ্ঞানম',
শৈক্ষিক গোট,জ্ঞানম,কামৰূপ ।


0 Comments