মৰহা সপোনৰ ৰখীয়া
১)
কনক নামৰ পঞ্চম মানত পঢ়া শিশুটি বিদ্যালয়ত ভালে কেইদিন অনপুস্থিত । ইতিমধ্যে প্ৰায় এটা মাহ পাছত বিদ্যালয়লৈ অহা শিশুটিক শ্ৰেণী শিক্ষকে কাৰণ সোধাত শিশুটি মনে মনে ৰ'ল । চাৰি পাঁচ মিনিটৰ নেৰানেপেৰা চেষ্টাৰ মূৰত তাৰ
মুখেৰে মাত ওলাল –
: দেউতাৰ লগত বেপাৰলৈ গৈছিলো ।
শিক্ষক : ক’লৈ ?
কনক: মাজলুীলৈ ।
শিক্ষক : তুমি বেপাৰত যাব পৰা হৈছা জানোঁ?
কনক : পাৰো। বেলেগ মানুহ লগত নিলে দিনে ২০০কৈ দিব লাগে ।
শিক্ষক : স্কুললৈ নাহিলে কেনেকৈ পঢ়িব পাৰিবা?
কনক : পাছ কৰিমেই ।
২)
বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ সময়। ল’ৰা-ছোৱালীবোৰে হাত ধুই শাৰী পাতি বহিছে । হৈ-হাল্লাৰ মাজতে দেখা গ’ল,
ল’ৰা-ছোৱালীজাকৰ পৰা কিছু নিলগত এজন ছাত্ৰ আমন-জিমনকৈ থিয় দি আছে । শিশুটি ঘাতমাউৰা । স্বভাৱতে
শিশুটি কম কথকী । হাতবাউল দি মতাত ছাত্ৰজন আহিল।
শিক্ষক : ভাত নোখোৱা?
মুখৰ মাত নোলাব বুলি জানি ৰান্ধনিক তলব কৰা হ’ল। ৰান্ধনীৰ মুখেৰে শুনা কাহিনীটো এনে ধৰণৰ– মাক-দেউতাক কোনো নোহোৱা ল'ৰাজন ককাক-আইতাকৰ লগত থাকে । দুয়োগৰাকীৰ বয়স ৭০ৰ আশেপাশে হ’ব ।
ককাক প্ৰায় শয্যাশায়ী । আইতাকে দুই এঘৰত কাম কৰি পোৱা কিছু টকা আৰু কিবাকিবি চৰকাৰী আঁচনিৰে ঘৰখন চলাই
থাকে । যোৱা কেইদিনমানৰ পৰা আইতাকৰো গা বেয়া হেতুকে বৰ্তমান এসাঁজ খাই আন সাঁজ লঘোণে থাকিবলগীয়া হৈছে । ল'ৰাটোৰ ভাগত দুপৰীয়া বিদ্যালয়লৈ ভাত আহে বুলি আইতাকে জানে । সি গোটেইখিনি খাব নোৱাৰে । গতিকে তাৰ মধ্যাহ্ন ভোজনৰ সাঁজটো (ৰান্ধনীয়ে উপযাঁচি দিয়া দুই এহেতা বেছি জোখেৰে ) আইতাকে ঘৰলৈ লৈ যায়। নাতিয়েক স্কুলৰ
পৰা যোৱাৰ পাছত তিনিওটাই দুপৰীয়াৰ সেই সাঁজটো একেলগে খায়। সেই গতিকে ল'ৰাজনে বিদ্যালয়ত মধ্যাহ্ন ভোজন নাখায় ৷
কথাটো যেনিবা মীমাংসা হ’ল– পৰিচালনা সমিতি আৰু প্ৰধান শিক্ষকৰ সিদ্ধান্তমৰ্মে ল’ৰাটোৱে স্কুলতে ভাত খাব । ৰাহি হোৱা দাইল-ভাত ককাক-আইতাকৰ বাবে দিয়া হ’ব।
৩)
শিশুটিৰ মনযোগ খুব কম। বয়স যদিও দহৰ ওচৰা ওচৰি শিশুটিয়ে এতিয়ালৈ বৰ্ণমালাখন ভালকৈ চিনি নাপায়।
প্ৰথম শ্ৰেণীত শিকিব লগা বৰ্ণবোধ শিশুটিৰ চতুৰ্থ মানলৈ অহা নাই। শ্ৰেণীকোঠাৰ বাকী শিশুৰ বাবে বেলেগ আৰু এই শিশুটিৰ বাবে সম্পৰ্ণূ বেলেগকৈ পাঠ পৰিকল্পনা প্ৰস্তুত কৰিব লগা হ’ল। তাৰপাছত সমস্যা হ’ল , যেতিয়া শিশুটি
এমাহত দুই/তিনি দিনহে বিদ্যালয়ত দেখা দিয়ে । কাৰণটো নতুনকৈ জন্মা ভায়েকটোৰ সৈতে নিজতকৈ সৰু দুটা ভায়েকক
চম্ভালি ৰাখিবলৈ মাক অকলে সক্ষম নহয় ৷ গতিকে বায়েকে বিদ্যালয় ক্ষতি কৰি ভায়েকক চায়, ঘৰ চম্ভালে ।
বিদ্যালয়ৰ পৰা ঘৰলৈ শিক্ষকৰ দল গ'ল। মাক দেউতাক নাচোৰবান্দা- ভায়েকক এৰি বায়েক সদ্যহতে বিদ্যালয় আহিব নোৱাৰে । ঘৰৰ কাম নকৰিলে , দায়িত্ব পালন কৰিব নাজানিলে ছোৱালীজনী নিপুণ হ’ব কেনেকৈ ?
ঘৰত বুজাই বঢ়াই ছোৱালীজনীক পুনৰ বিদ্যালয়মুখী কৰালৈ ইতিমধ্যে বহু পলম হ’ল ।
প্ৰিয়ংকা দাস
সহকাৰী শিক্ষয়িত্ৰী
হাজো ভিপি কৈৱৰ্ত প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড : হাজো


0 Comments