header ads

সাঁথৰ | Collected by Shymantika Kakati

সাঁথৰ 


(১) নাকত উঠি যাওঁ আৰু কাণত ধৰি তোমাক পঢ়াওঁ ।

উত্তৰঃ চচ্‌মা ।

(২)অজাতিৰ জাতি মাৰি মঘাৰ মৰি ঘা মৰাণৰ মন মাৰি চুপি চুপি খা ।

উত্তৰঃ অমৰা ।

(৩) পোহৰ দিওঁ জোন,বেলি নহয় তেজ সুহু মহ , মাখি নহয় ।

উত্তৰঃ চাকি ।

(৪)চুই চা চুই চা চুই চালেই পইচা ।

উত্তৰঃ কেৰেলোঁৱা ৷

(৫)এটা ছাগলীৰ তিনিটা মাথা ,সি খাই লতা - পতা ।

উত্তৰঃ চৌকা ।

********************************


নাম - শ্ৰী শ্যামন্তিকা কাকতি 
শ্ৰেণী - চতুৰ্থ
৩২৭ নং লেজা প্ৰাথমিক বিদ্যালয়