header ads

নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ কিছু অনুভৱ | An Assamese Article by Dr. Ganeswar Saharia

নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ কিছু অনুভৱ




আমাৰ দেশত ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ গ্ৰহণ কৰাৰ লগে লগে বিভিন্ন মহলত আলোচনা সমালোচনাৰ সৃষ্টি হৈছে। ব্যৱস্থাটোৰ সপক্ষে বিপক্ষে দেশৰ বুদ্ধিজীৱি, শিক্ষাবিদ ,দল,সংগঠন সমূহে মতামত আগবঢ়াইছে।২০১৯চনত এই শিক্ষানীতিৰ খচৰা খন ডঃ কস্তুৰীৰংগন কমিটি খনে ৰাইজৰ মাজলৈ উলিয়াই দি সকলোৰে পৰামৰ্শ আৰু মতামত বিচাৰিছিল।প্ৰাক-প্ৰাথমিক স্তৰৰ পৰা উচ্চ শিক্ষালৈ থকা গোটেই শৈক্ষিক কাঠামোটোৰ কিছু পৰিৱৰ্তন ঘটাই পূৰ্বৰ ১০+২ ব্যৱস্থাৰ ঠাইত ৫+৩+৩+৪ তৰপীয়া স্কুলীয়া শিক্ষাৰ প্ৰৱৰ্তনৰ ব্যৱস্থা কৰা হ'ল। ৩ বছৰ বয়সৰ পৰা প্ৰাক প্ৰাথমিক শিক্ষা ব্যৱস্থা আৰম্ভ কৰি দ্বিতীয় শ্ৰেণীলৈ পাঁচ বছৰ; তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈ ৩ বছৰ; ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ ৩ বছৰ আৰু নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ৪বছৰ -সৰ্বমুঠ পোন্ধৰ বছৰীয়া শিক্ষাৰ ব্যৱস্থা কৰা হৈছে। এই ব্যৱস্থা টোৰ বাবে বৰ্তমান চৰকাৰী বিদ্যালয়বোৰত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি যাব। ইয়াৰ বাস্তৱ ভিত্তি থকা কথাটো হ'ল আজিকালি ব্যক্তিগত বা ইংৰাজী মাধ্যমৰ বিদ্যালয় সমূহত ৩ বছৰ বয়সতে নামভৰ্তি হৈ যায়। তাৰোপৰি আজিকালি শিশুসকল সৰুৰেপৰা সকলো দিশতে পাৰ্গত হোৱা দেখা যায়। সেয়েঅভিভাৱকসকলে শিশু সকলক ঘৰত ৰাখিবলৈ টান পায় আৰু জঞ্জালমুক্ত হৈ থকাৰ নিমিত্তে ৩বছৰ বয়সতে ব্যক্তিগত বা ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰে। যিহেতু চৰকাৰী বিদ্যালয়ত প্ৰাক- প্ৰাথমিক শ্ৰেণী নাথাকে, সেইকাৰণে অভিভাৱকসকলে পঢ়ি থকা বিদ্যালয়খনৰ পৰা চৰকাৰী বিদ্যালয়লৈ আনিবলৈ টান পায়। এই ব্যৱস্থাই চৰকাৰী বিদ্যালয়সমূহত নাম ভৰ্তিৰ সংখ্যা কমাই আনিছে।
শিক্ষাৰ আৰম্ভণিৰ সময়ছোৱাত শিশু সকলে ৫ম শ্ৰেণীলৈ মাতৃভাষাত শিক্ষালাভ কৰিবলৈ সুবিধা পোৱাটো এই শিক্ষানীতিৰ অন্যতম বৈশিষ্ট্য।ৰাজ্যভাষা আৰু মাতৃভাষাৰ বাবে ই এটা ইতিবাচক দিশ।


ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ সকলোবোৰ কথা একেবাৰে নতুন নহয়।১৯৬৪-৬৬চনৰ কোঠাৰী আয়োগ,১৯৮৬চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি ,তাৰ আধাৰত ১৯৮৮চনৰ ৰাষ্ট্ৰীয় পাঠ্যক্ৰম, তাৰ সংশোধিত ৰূপ Programme of action 1992, তাৰ পিছত National Curriculum Framework 2005ৰ জৰিয়তে দেশৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিবৰ্তনৰ চিন্তা কৰা হৈছিল। বিশেষকৈ প্ৰাথমিক আৰু মাধ্যমিক শ্ৰেণীত ছাত্ৰ ছাত্ৰীৰ ৰুচি অনুসৰি বিভিন্ন বিষয়ৰ অধ্যয়নৰ সুবিধা দিয়া,তাৰ বাবে আন্তঃগাথঁনি আৰু শিক্ষা শৈলীৰ উন্নয়ন সাধন কৰা, বিভিন্ন ৰুচিবোধক আৰু ব্যক্তিত্ব গঠনৰ সুযোগ হোৱা বিষয় অধ্যয়নৰ ব্যৱস্থা থকা, ছাত্ৰ ছাত্ৰীৰ অন্তৰ্নিহিত বুদ্ধিদীপ্ততাৰ বিকাশ হোৱা আৰু তাৰ বাবে প্ৰয়োজনীয় শিক্ষকৰ ব্যৱস্থা কৰা ইত্যাদি কথা NCF-2005ত আছে। বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষাৰ ধাৰণা কোঠাৰী আয়োগৰ পৰামৰ্শৱলীত সন্নিবিষ্ট কৰা আছে যদিও সেইবোৰ সম্পূৰ্ণ কাৰ্যকৰীকৰণ কৰিব পৰা নাই। ৮ম শ্ৰেণীৰ পৰা কৰ্ম অভিজ্ঞতা বিষয়ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক কৰ্মমুখী শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছিল। উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক বিভিন্ন বিষয়ৰ ভকেশ্যনেল শিক্ষা দিয়াৰ ব্যৱস্থা আছিল। সেইবোৰ শিক্ষা বা পাঠ্যক্ৰম যথেষ্ট ফলদায়ক আছিল যদিও ব্যৱহাৰিক দিশত ছাত্ৰ ছাত্ৰীক আকৰ্ষিত কৰিব নোৱাৰিলে। ফলস্বৰূপে সেইবোৰ শিক্ষানুষ্ঠানে কৰ্মক্ষেত্ৰত বেছি সুফল লাভ কৰিব নোৱাৰিলে। সেইবোৰ নীতি ব্যৱস্থাক আধাৰ আৰু প্ৰগতিশীল সমাজ ব্যৱস্থা ই দাবী কৰা অনুসৰি নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ গ্ৰহণ কৰা হৈছে।আলোচনা সমালোচনা যিয়েই হওঁক এই শিক্ষানীতিয়ে ছাত্ৰ- শিক্ষক- অভিভাৱক সকলোকে ইয়াত জড়িত কৰাৰ সুবিধা দিছে আৰু বাস্তৱ জীৱনমুখী শিক্ষাৰ সূচনা কৰিছে। অৱশ্যে এতিয়াও বহু বিষয় ইয়াত স্পষ্ট হোৱা নাই, ব্যাখ্যাৰ প্ৰয়োজন আছে। কৰ্মশালা, আলোচনা চক্ৰ, প্ৰশিক্ষণ আদিৰ প্ৰয়োজন আছে। প্ৰাথমিক, মাধ্যমিক, উচ্চ শিক্ষাৰ ক্ষেত্ৰত সুকীয়া সুকীয়াকৈ আলোচনাৰো প্ৰয়োজন আছে। বাস্তৱত এই ব্যৱস্থাটোক আগুৱাই লৈ যোৱাত শিক্ষক, শিক্ষাৰ্থী, অভিভাৱকৰ উপৰিও বিভাগীয়ভাৱে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। লগতে উচ্চশিক্ষা, কাৰিকৰী আৰু বৃত্তিমুখী শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰতো কৰিবলগীয়া বহুখিনি আছে। ২০২১ৰ পৰা আৰম্ভ কৰি ২০৩০চনত সম্পূৰ্ণ কৰিবলৈ যোৱাটোত এক প্ৰত্যাহ্বান আছে যদিও তাক গ্ৰহণ কৰিব লাগিব। বিশেষকৈ আন্তঃগাথঁনি নিৰ্মাণ, অৰ্হতা সম্পন্ন শিক্ষক নিযুক্তি,শিক্ষা শৈলীৰ পৰ্যাপ্ততা,স্মাৰ্ট ক্লাছ,লেব'টৰী ৱৰ্কচপ, শাৰিৰীক শিক্ষাৰ বাবে indoor আৰু outdoor stadiumৰ ব্যৱস্থা, ইণ্টাৰনেট যোগাযোগ ব্যৱস্থাৰ পৰ্যাপ্ততা,শিক্ষক ছাত্ৰৰ অনুপাত, পৰিকল্পিত শ্ৰেণীকোঠা আদিৰ দৰে বিভিন্ন অত্যাৱশ্যকীয় ব্যৱস্থা সম্পূৰ্ণ কৰিব লাগিব।


নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত Continuous & Comprehensive Evaluation (CCE)ৰ ওপৰত গুৰুত্ব দিয়া হৈছে। শিক্ষাৰ্থীসকলৰ বাবে ই এক যোগাত্মক দিশ আনি দিয়াৰ লগতে ছাত্ৰ ছাত্ৰীৰ সৈতে শিক্ষকৰ পোনপটীয়া সম্পৰ্ক গঢ়ি তুলিব। ছাত্ৰ শিক্ষকৰ নিৰ্দিষ্ট অনুপাতত(৩০:১) শিক্ষক সকলে ছাত্ৰ ছাত্ৰীসকলক ব্যক্তিগত ভাৱে পাৰদৰ্শিতাৰ ওপৰত মূল্যায়ন কৰাত সহজ হৈ পৰিব। ইয়াৰ বাবে হয়তো বিদ্যালয় সমূহত কিছু বিশেষ সুবিধা থাকিব লাগিব। আৱাসিক বিদ্যালয়ত ইয়াৰ ফলপ্ৰসূতা যিমান হ'ব,অনাৱাসিকৰ ক্ষেত্ৰত কিছু অসুবিধা থাকিব। পূৰ্বে প্ৰচলিত এই ব্যৱস্থাই সম্পূৰ্ণ কৃতকাৰ্যতা লাভ কৰিব নোৱাৰিলে। বিদ্যালয়ৰ চৌহদত যদি ছাত্ৰ ছাত্ৰী বা শিক্ষক সকলৰ আৱাসিক ব্যৱস্থা থাকে তেতিয়া ইয়াৰ যোগাত্মক দিশটো ভালকৈ আশা কৰিব পৰা যাব। শিক্ষকৰ অৰ্হতা, যোগ্যতা সম্পৰ্কেও ইয়াত আছে স্পষ্ট নিৰ্দেশনা।চাৰি বছৰীয়া বি.এড.পাঠ্যক্ৰমৰ উপৰিও প্ৰাৰ্থীসকলৰ বাবে টেট্ পৰীক্ষাত উত্তীৰ্ণ হোৱাতো হৈছে তেওঁ লোকৰ নুন্যতম যোগ্যতা। তদুপৰি মহাবিদ্যালয়, বিশ্ববিদ্যালয় পৰ্যায়ৰ উচ্চ শিক্ষা ব্যৱস্থাৰ বাবেও আমূল পৰিবৰ্তনৰ ব্যৱস্থা লোৱা হৈছে। একেদৰে প্ৰায়োগিক, কাৰিকৰী,বৃত্তিমূলক প্ৰায়বোৰ বিষয়ৰ ওপৰত কিছু নতুন দৃষ্টিভংগী তুলি ধৰা হৈছে। এইখিনি কথা সুকীয়াকৈ আলোচনা কৰা ভাল।


নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত বহুতো কথাই অভিজ্ঞতাৰ আধাৰত উপস্থাপন কৰা হৈছে যদিও ইয়াক প্ৰয়োগ কৰাৰ বাবে কিমান ফলপ্ৰসূ ব্যৱস্থা ল'ব পাৰি তাৰ ওপৰত নিৰ্ভৰ কৰিব ইয়াৰ ক্ষলপ্ৰসূতা।


*****************************************************



ড. গণেশ্বৰ চহৰীয়া
অধ্যক্ষ, হেকেৰা উ: মা: বিদ্যালয়