header ads

প্ৰকৃত শিক্ষা | Assamese Short Story by Babita Patowary


প্ৰকৃত শিক্ষা

"পাহি, তুমি কিনো এইবোৰ অদৰকাৰী ছবি আঁকি সময় নষ্ট কৰি আছা ?যোৱা কিতাপ পঢ়াগৈ। ভালকৈ পঢ়া- শুনা কৰিলেহে ডাঙৰ হ'লে  ভাল চাকৰি কৰিব পাৰিবা ;নহ'লে দেউতাৰাৰ দৰে অৱস্থা হব।এই ক'ৰ'ণা মহামাৰীৰ দিনত লকডাউনৰ বাবে  দেউতাৰাৰ কোম্পানীৰ চাকৰি গ'ল । যাৰ বাবে দেউতাৰে এতিয়া ফুটপাথত পাচলি বেচি আমাক পোহপাল দিব লগা হৈছে।তুমি যেতিয়া ডাঙৰ হ'বা দেউতাৰাই এনেকৈ ফুটপাথৰ দোকানী হৈ থাকিলে তোমাৰ লাজ নালাগিবনে? গতিকে ভালকৈ পঢ়া- শুনা কৰাগৈ । এনেই সময় নষ্ট নকৰিবা যোৱা।"

        মাকৰ কথা শুনি চৰকাৰী বিদ্যালয়ত চতুৰ্থ শ্ৰেণীত পঢ়ি থকা  পাহিয়ে  ছবিৰ কামবোৰ সামৰি সামৰি কলে- "মা তুমি এনেকৈ কিয়নো কৈছা?মোৰ দেউতা ফুটপাথৰ দোকানী বুলি মই কেতিয়াও লাজ নকৰোঁ ।কাৰণ আমাৰ স্কুলৰ ময়ুৰী বাইদেউৱে আমাক শিকাইছে যে কামৰ কোনো সৰু- বৰ নাই।আমি সকলো বৃত্তিৰ মানুহকে  সন্মান কৰিব লাগে। যেনেদৰে শিক্ষক, ডাক্তৰ  আদি বৃত্তি; তেনেদৰে পাচলি দোকানীও এটা বৃত্তি।গতিকে মোৰ দেউতাই কৰা কামৰ বাবে মই কেতিয়াও লাজ নকৰোঁ।তেওঁ ক'তো চুৰি-ডকাইতি কৰিবলৈ যোৱা নাই নহয় মা যে মই লাজ কৰিম ! মই মোৰ দেউতাক লৈ সদায় গৌৰৱ কৰোঁ যে মোৰ দেউতাই আমাৰ পৰিয়ালটোৰ বাবে সদায় বহুত কষ্ট কৰে আৰু কামৰ সৰু - বৰ নাভাবি সকলো কাম কৰে।"

 জীয়েক পাহিৰ উত্তৰ শুনি মালবিকাৰ দুচকু সেমেকি উঠিল আৰু পাহিক সাৱটি ধৰি ক'লে- "ইমান জ্ঞানী হ'লা তুমি পাহিমা ! তুমি ঠিকেই কৈছা। বৰ ভাল ছোৱালী মোৰ তুমি" আৰু মালবিকাই মনতে  পাহিহঁতৰ দৰে নতুন  প্ৰজন্মক প্ৰকৃত শিক্ষা প্ৰদান  কৰা ময়ুৰী বাইদেউক  ধন্যবাদ জনালে।

 

                                        সমাপ্ত

 

ববিতা পাটোৱাৰী

সহ: শিক্ষয়িত্ৰী ।

মানিকপুৰ প্ৰাথমিক বিদ্যালয়।

শিক্ষাখণ্ড- ৰাণী

কামৰূপ (গ্ৰাম্য) 

 

অলংকৰণ :- সংগীতা কাকতি

Post a Comment

0 Comments