header ads

সাঁথৰ | Collected by Mrinal das


 

সাঁথৰ


১) মনে মনে চুকত বহে, বাহনত উঠি পৃথিৱী ঘুৰে।

উঃ- ডাক টিকট।


২) আগফালে যি 'নি', পিছফালে সি 'নি' মাজৰটোনো কি?

উঃ- নিগনি


৩) হাতীৰ সমান গছ, মাখিৰ সমান পাত,

ক’ব নোৱাৰিলে গুলামৰ জাত।

উঃ- তেঁতেলি গছ৷


৪) তিনিজনী বাই-ভনী দৌৰেহে দৌৰে

ইজনীয়ে সিজনীক ধৰিবকে নোৱাৰে।

উঃ-বিজুলী পাংখা।


৫) সৰুৰ পৰা এটা ঘৰতে ডাঙৰ হ’লো,

কিন্তু পাছফালৰ বাৰন্দাখনেই নেদেখিলোঁ৷

উঃ- পিঠি ৷

*********************


মৃণাল দাস

দ্বিতীয় শ্ৰেণী

৩২৭ নং লেজা প্ৰাথমিক বিদ্যালয়

Post a Comment

0 Comments