header ads

সাঁথৰ | Riddles Collected by Puja Rabha


সাঁথৰ


১. বাঘৰ দৰে জঁপিয়া‌য়,কুকুৰৰ দৰে বহে,শিলৰ দৰে তল যায়,তুলাৰ দৰে ভাহেঁ।

উত্তৰ: ভেকুলী।

২.মাত আছে  মানুহ নাই,ঘৰ আছে দুৱাৰ নাই।

উত্তৰ: ৰেডিঅ'।

৩. এডাল লতা,পালেগৈ কলিকতা।

উত্তৰ: টেলিফোন।

৪. আহোঁতে জাপ, যাওঁতে জাপ,মাজতে থাকে কৰ্শলা সাপ।

উত্তৰ: দুৱাৰ।

৫. ইয়াতে মাৰিলো টিপা, গঁড় গাওঁ পালেগৈ শিপা।

উত্তৰ: ভূমিকম্প।


শ্ৰী পূজা ৰাভা।

বিৰোগাওঁ মজলীয়া বিদ্যালয়।

অষ্টম শ্ৰেণী।

Post a Comment

0 Comments