header ads

বিজ্ঞানৰ ইটো সিটো | Science Quiz

বিজ্ঞানৰ ইটো সিটো


1. মাছে পানী দেখা পায়নে?

উঃ-- মাছে পানী দেখা নাপায়। আমি যিদৰে বায়ুমণ্ডলত থাকি বায়ু দেখা নাপাওঁ, ঠিক সেইদৰে মাছে পানীত থাকিলেও পানী দেখা নাপায়। 


2) যদিহে পৃথিৱীত মাত্ৰ এক ছেকেণ্ডৰ বাবে অক্সিজেন নোহোৱা হয়, তেন্তে কি হ'ব?

উঃ-- সময়ৰ ক্ষুদ্ৰ অংশ এক ছেকেণ্ডৰ বাবে অক্সিজেন নোহোৱা হ'লে মানুহ অথবা অন্য কোনো প্ৰাণী মৃত্যু মুখত নপৰে।কিন্তু যিকোনো সক্ৰিয় ইঞ্জিন কলকাৰখানা, চলিত  গাড়ী , আদিৰ অন্তৰ্দহন দুৰ্বল হৈ শক্তি হেৰুৱাব পাৰে, সেই বুলি কৰ্মহীন নহয়। বায়ুমণ্ডলত থকা 21% অক্সিজেন এক ছেকেণ্ডত শেষ হৈ নাযায়। বৰঞ্চ পুনৰ ঘূৰি অহাৰ সম্ভাৱনাই বেছি আছে।


3. আমাৰ শৰীৰত থকা দাঁত আৰু হাড় একেনে?

উঃ আমাৰ শৰীৰত থকা হাড় আৰু দাঁত একে নহয়। দুয়োবিধ আমাৰ শৰীৰৰ কঠিন অংশ। দাঁত আৰু হাড়ৰ মাজত সাদৃশ্য আছে।দুয়োবিধ কঠিন অংশতেই কেলছিয়াম থাকে। শৰীৰৰ 99% কেলছিয়াম দাঁত আৰু হাড়ত পোৱা যায়। দাঁত আৰু হাড়ৰ গঠনো বেলেগ বেলেগ হয়।


4. বাদুলি এক বিস্ময়, কিয় আৰু কেনেকৈ?

উঃ-- হয় বাদুলি এক বিস্ময়। বহুতেই বাদুলিক চৰাই বুলি কয়।কিন্তু এয়া সঁচা নহয়। কিয়নো বাদুলিয়ে কণী নাপাৰে । পোৱালীহে জগায়। বাদুলি হ'ল স্তন্যপায়ী প্ৰাণী। বাদুলিয়ে এবছৰত এটাকৈ বা কেতিয়াবা দুটাকৈ পোৱালি দিয়ে। বাদুলিয়ে বাহ নাসাজে। ই গছৰ ডালত তলমুৱাকৈ ( up side down) ওলমি লাগি থাকে। 

বাদুলিৰ গৰ্ভধাৰণ প্ৰক্ৰিয়া আন স্তন্যপায়ী প্ৰাণীৰ দৰে একেই। মিলনৰ পূৰ্বে মতা বাদুলিয়ে এটা বিশেষ শব্দৰে(chirp) মাইকী বাদুলিক মাতে। ইয়াৰ mating call বুলিও কোৱা হয়। 

বাদুলিয়ে দিনৰ পোহৰত দেখা নাপায়। ৰাতিৰ ভাগত, অতিশব্দ (ultrasound ) ৰ সহায়ত উৰি ফুৰে।

বাদুলিৰ দেহত rabies virus নামৰ এবিধ ভাইৰাছ থাকে। এই ভাইৰাছ বাদুলিৰ মল-মূত্ৰ , তেজ অথবা নখত পোৱা যায়। এইবোৰে মানুহক সাংঘাটিক ধৰণে ক্ষতি কৰে। মুক্ত হাতেৰে বাদুলিক কেতিয়াও স্পৰ্শ কৰিব নালাগে। বাদুলিৰ লালটি( saliva) আমাৰ বাবে ক্ষতিকাৰক। Histoplasmosis নামৰ ৰোগ বিধ বাদুলিৰ মলৰ পৰাই হয়। ৰোগীয়ে উশাহ-নিশাহ লওঁতে ভীষণ কষ্ট পায়। 

Rabies virus ৰ আক্ৰমণ ৰ ফলত এজন মানুহ আক্ৰমণাত্মক হয় আৰু মানুহজন সুস্থিৰে নাথাকে। মানুহজনৰ শৰীৰৰ যিকোনো অংগ দুৰ্বল হৈ নিস্ক্ৰিয় হৈ পৰে। 


********************************


চাহাব উদ্দিন আহমেদ ।

বিজ্ঞান শিক্ষক। 

মধ্য চৌধুৰী পাম আঃ এম ই মাদ্ৰাছা।

ছয়গাওঁ শিক্ষাখণ্ড


অলংকৰণ :- পল্লবী পাঠক

Post a Comment

0 Comments