header ads

ভোগালী বিহুৰ পটভূমিত কামৰূপৰ হাজোস্থিত হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বিখ্যাত বুলবুলি চৰাইৰ যুঁজৰ তাৎপৰ্য | Article by Rajat Bharali

 ভোগালী বিহুৰ পটভূমিত কামৰূপৰ হাজোস্থিত হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বিখ্যাত বুলবুলি চৰাইৰ যুঁজৰ তাৎপৰ্য

ভোগালী বিহুৰ পটভূমিত কামৰূপৰ হাজোস্থিত হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বিখ্যাত বুলবুলি চৰাইৰ যুঁজৰ তাৎপৰ্য

পঞ্চতীৰ্থ হাজো বিশ্বৰে এখনি লেখত লবলগীয়া পৰ্যটনথলী। তীৰ্থ নগৰী হিচাপে যিমান বিখ্যাত, সমন্বয়খলী হিচাপেও সিমানেই বিখ্যাত। ইছলাম, বৌদ্ধ, হিন্দু আৰু জনজাতিসকলৰ মিলনভূমি এই হাজো। সাহিত্য, সংস্কৃতি,শিল্পকলাই হাজোক যেনেকৈ

মহীয়ান কৰিছে, ঠিক তেনেকৈ ঐতিহ্যমণ্ডিত বুলবুলি যুঁজেও হাজোক চহকী আৰু মহান কৰিছিল। বছৰে বছৰে এইবিধ খেলৰ প্রতি জনসাধাৰণৰ আকৰ্ষণ বৃদ্ধি হৈছে। আইনৰ বাধ্যবাধকতাৰ বাবে সম্প্ৰতি বুলবুলি যুঁজ বন্ধ হৈছে। কিন্তু ইয়াৰ ঐতিহ্য ম্লান হৈ নাযায়। আৱহমান কালৰে পৰা চলি অহা বুলবুলি যুঁজৰ যি মহত্ব, নেদেখিলে বিশ্বাস কৰিব নোৱাৰি। তদুপৰি ইয়ো আছিল মানুহৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু। সেয়েহে ইয়াৰ ঐতিহ্য স্মৰণীয় ৰূপত লিপিবদ্ধ কৰি ৰখাটো অতি প্রয়োজনীয় ; এনে প্রয়াসৰ ফলস্বৰূপেই এই লেখা।

জনশ্ৰুতি :

বুলবুলি যুঁজ কেতিয়াৰ পৰা আৰম্ভ হয়, তাৰ সঠিক তথ্য জনা কঠিন। এই সম্পৰ্কীয় দুটিমান জনশ্ৰুতি এনে ধৰণৰ

(১) স্বৰ্গদেউ প্রমত্ত সিংহই হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰিবলৈ আহোঁতে মন্দিৰ প্রাঙ্গণত এযোৰ বুলবুলি চৰাইৰ অনুপম যুঁজ দেখি মুগ্ধ হৈছিল আৰু সেই ঠাইতে বছৰে বছৰে বুলবুলি যুঁজ অনুষ্ঠিত কৰাৰ পোষকতা কৰিছিল।

(২) বুলবুলি চৰাইৰ যুঁজৰ আগতে হয়গ্ৰীৱ-মাধৱ মন্দিৰত হেনো শেন চৰাইৰ যুঁজ অনুষ্ঠিত হৈছিল। মাঘ মাহৰ কোনোবা এটা দিনত শেন চৰাইৰ যুঁজ উপভোগ কৰি আহোম স্বৰ্গদেউ প্রমত্ত সিংহই মন্দিৰৰ উত্তৰ দিশে থকা খট্‌খটীৰে নামি আহোঁতে এহাল বুলবুলি চৰাই যুঁজত মত্ত হৈ থকা দেখা পালে। ৰজাৰ আগমনতো চৰাই হালে এনে ধৰণে যুঁজত মত্ত হৈ থাকিল যে সেই যুঁজ চাই স্বৰ্গদেউ প্রমত্ত সিংহই বৰ আনন্দ পালে আৰু সেই তাহানিৰে পৰা হাজোৰ মাধৱ মন্দিৰ প্ৰাঙ্গণত স্বৰ্গদেউ প্রমত্ত সিংহৰ নিৰ্দেশানুযায়ী শেন চৰাইৰ যুঁজৰ পৰিৱৰ্তে বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত হৈ থকাৰ কথা জনা যায়। (৩) এই যুঁজ হেনো হয়গ্ৰীৱ মাধৱে চায়। এইবাবেই হয়তো বুলবুলি যুঁজ মন্দিৰ প্রাঙ্গণৰ বাহিৰে অইন কতো অনুষ্ঠিত কৰাৰ কথা কোনেও আজিলৈ ভবা নাই।

আহোম স্বৰ্গদেউ প্রমত্ত সিংহৰ ৰাজত্ব (১৭৪৪-১৭৫১) কালৰপৰা ধৰিলেও এই বুলবুলি যুঁজে আনুমানিক ২৬০ বছৰ অতিক্ৰম কৰিলে। এই খেলবিধ মাঘ মাহৰ দোমাহীৰ দিনা অনুষ্ঠিত হয়। বুলবুলি চৰাইৰ প্রৱজন : হেমন্ত খতুৰ শেষৰফালে পুহ মাহৰ আগমনৰ লগে লগে এই চৰাইবিধৰ প্রৱজন ঘটে । হাজোৰ জলাশয়, বিল, পিটনি আৰু পৰিৱেশৰ বাবেই প্রৱজনৰ প্রধান কাৰণ। পুহৰ ঠেঁটুৱৈ লগা জাৰ পৰাৰ লগে লগে এই চৰাইবিধ হাজো মন্দিৰৰ চৌহদৰ জোপোহা গছ, বাৰীৰ পাছফালে ওলমিবলৈ ধৰে। এই সময়ত চোৰাত গছৰ সৰু সৰু গুটিবোৰ পকিবলৈ আৰম্ভ কৰে। বুলবুলি চৰাইৰ এই গুটিবোৰ বৰ প্ৰিয় আৰু সেইবোৰ খাবলৈ আহে। বুলবুলি চৰাই ধৰা আৰু পোহ মনোৱা ? বুলবুলি চৰাই প্রায় একেলগে থাকে। খোৱাৰ সময়ত বা গা ধোৱাৰ সময়ত দল বান্ধি থাকে। বুলবুলি চৰাই ধৰাৰ বাবে প্রথমতে পৰ্যাপ্ত পৰিমাণে বুলবুলি চৰাই বিচৰণ কৰা ঠাই নিৰ্বাচন কৰি লয়। ডিচেম্বৰ মাহৰ পৰাই চৰাই ধৰোঁতাক চৰাই ধৰাৰ হেঁপাহে আৱৰি ধৰে। চৰাই ধৰা: নিৰ্দিষ্ট ঠাই নিৰ্বাচনৰ পিছত ফান্দ পতাৰ ব্যৱস্থা আছিল। আনহাতে প্লাষ্টিকৰ ৰছীৰে ফান্দ পতা হয়। চৰাই ফান্দত পৰাৰ লগে লগেই দৌৰি গৈ চৰাই ধৰা হয়, যাতে চৰাইটোৱে অকণো কষ্ট নাপায়। বন্দী বুলবুলি চৰাইবোৰক ভালদৰে পৰীক্ষা-নিৰীক্ষা কৰি ফান্দীয়ে দুই ঠেঙৰ মাজেৰে পেট আৰু পাখী সংলগ্ন কৰি অতি মিহি পুৰণি কপাহী কাপোৰেৰে বান্ধে। ইয়াকে পেটি  বুলি জনা যায়। এনেদৰে দুদিনমান সিঁহতক ৰাখি বনৰীয়া আচৰণ কমোৱা চেষ্টা কৰা হয়। পিছত মানুহলৈ কিছু ভয় কমিবলৈ ধৰে। এইকেইদিন সিঁহতক ভীমকল খাবলৈ দিয়া হয়। এইদৰে সিঁহত গৰাকীৰ বশ হৈ পৰে।


বুলবুলি যুঁজৰ প্ৰশিক্ষণ:

    বন্দী বুলবুলি চৰাইবোৰক অতি যত্লেৰে খুৱাই-ধুৱাই যুঁজৰ প্রশিক্ষণ দিয়া হয়। গৃহস্থৰ ঘৰৰ এচুকত নিৰিবিলি ঠাইত ৰাখি প্ৰশিক্ষণ দিয়াৰ নিয়ম। বন্দী চৰাইৰ গতিবিধিৰ লগতে স্বাস্থ্যৰ প্ৰতি অতি সচেতন থাকে গৰাকীসকল। বুলবুলি চৰাইবোৰক সৰু বাঁহ নাইবা ধনছাত বান্ধি কল খাবলৈ দিয়া হয়। পূৰঠ আঠীয়া কল এটা দুভাগ কৰি বন্দী চৰাইৰ মাজে মাজে ৰখা হয়। খোৱাত অভ্যস্ত হোৱাৰ কেইদিনমান পিছত ফান্দী বা গৰাকীয়ে প্রশিক্ষকৰ ভূমিকা লৈ দুটা বুলবুলি চৰিব দি ৰৈ দিলে খাদ্যৰ বলিয়া চৰায়ে ইটোৰ লগত সিটো যুঁজত প্ৰবৃত্ত হয়। এইদৰেই আৰম্ভ হয় গৰাকীৰ তত্বাৱধানত বুলবুলি চৰাইৰ যুঁজৰ প্রশিক্ষণ। চৰাইবোৰক মতা-মাইকীৰ পাৰ্থক্য নৰখাকৈ প্ৰশিক্ষণ দিয়া হয়। যুঁজৰ বাবে প্রস্তুত কৰাৰ কাৰণে চৰাইবোৰ হাতত লৈ বনৰীয়া অৱস্থা দূৰ কৰা হয়, যাতে মানুহলৈ ভয় নকৰা হয়। ইয়াকে চাউৰ হোৱা বুলি সাধাৰণতে কোৱা হয়। নতুন চৰাইক যুঁজলৈ প্রস্তুত কৰাৰ বাবে ডেৰ মাহমান সময় লাগিছিল। আগতে প্রশিক্ষণ লোৱা চৰাই হলে ১৫ দিনৰ যুঁজৰ বাবে প্রস্তুত হৈ উঠে।

বুলবুলি যুঁজ:

মকৰ সংক্ৰান্তিৰ দিনা ঐতিহ্যমণ্ডিত বুলবুলি যুঁজ আনুষ্ঠানিকভাৱে অনুষ্ঠিত হয়। যুঁজৰ আগদিনা, ভুকু অথাৎ উৰুকাৰ নিশা এই বুলবুলি চৰাইবোৰক ভোগ খুওৱা হয়। ভোগ হল এবিধ কেইবাবিধো দ্রৱৰ মিশ্ৰণ। ভোগ নিৰ্দিষ্ট এজন লোকেহে প্রস্তুত কৰে। ইয়াক হেনো ভক্তি ভাৱেৰেহে প্রস্তুত কৰিব লাগে। এটা ফৈদৰ এজনে তৈয়াৰ কৰা ভোগ বাকীসকলে খুৱায়। 'অকলে পোনপটীয়াকৈ বুলবুলি চৰাই যুঁজাব নোৱাৰি। হাজোৰ ছাব্বিশটা চুবুৰি বা টোলাৰ মাত্ৰ দুটা টোলাৰ মাজতে বুলবুলি যুঁজ হয় - সেই দুটা হল ভৰালীটোলা আৰু সোণাৰীটোলা৷ এই দুটা ফৈদৰ সদস্যভুক্ত হৈ যুঁজত অংশগ্ৰহণ কৰিব লাগিব।

বুলবুলি যুঁজৰ বাবে দুফুটমান বহল এখন মেজ ৰাখি এখন পৰিষ্কাৰ কাপোৰ পাৰি দিয়া হয়। এইখনেই হল বুলবুলিৰ যুদ্ধক্ষেত্ৰ। মেজৰ দুইমূৰে মুখামুখিকৈ দুজন যুঁজ পৰিচালক থাকে। এওঁলোকক মাচিং বোলা হয়। দুয়োটা ফৈদৰ এজনকৈ পৰিচালক বা মাচিং থাকে। মাচিংশব্দটো কৰ পৰা আহিল, সঠিকভাৱে জনা নাযায় যদিও কিছুলোকে ভূটীয়া ভাষাৰ পৰা অহা বুলি কব খোজে। কিয়নো কিছু বছৰ আগলৈ ভূটীয়াসকলৰ হাজোলৈ আহ-যাহ চলিছিল।মাচিঙেই চৰাইবোৰক যুঁজত নমাই দিয়ে। কোনটো চৰাইয়ে কিমান নম্বৰ পাব, তাক জনাবলৈ এজন হিচাপৰক্ষী নিযুক্ত কৰা হয়। এডোখৰ ভীমকল হাতত লৈ মাচিঙে যুঁজত নমা চৰাইহালক ওচৰ চপাই আনি যুঁজত প্ৰবৃত্ত কৰায়। কেতিয়াবা তুমুল যুঁজ লাগে। যুঁজ চোৱা মানুহ ভৰি পৰে। যুঁজত জয়ী হোৱা চৰাইটোৱে এক নম্বৰ লাভ কৰে। কেতিয়াবা দুই-একোটা চৰাইয়ে নুযুঁজাকৈ পলাব খোজে৷ তেতিয়া তেনে চৰাইক অনুপযুক্ত বুলি মাচিঙে ঘোষণা কৰে। এনেদৰেই যুঁজৰ অন্তত প্রাপ্ত নম্বৰৰ ভিত্তিত প্রথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্রাপ্ত গৰাকী (প্রশিক্ষক) ক নিৰ্বাচন কৰা হয় আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ পৰিচালনা সমিতিয়ে স্থানপ্রাপ্ত গৰাকীক পুৰস্কৃত কৰে। চলন্ত পুৰস্কাৰৰ উপৰি নগদ পুৰস্কাৰ দিয়াৰ নিয়ম তাহানিৰ পৰাই প্রচলিত। খেলত হৰা চৰাইৰ মূৰৰ কিঞ্চিত নোম কাটি দিয়া হয়।

মানুহ আৰু বুলবুলিৰ সহৃদয়তা : বুলবুলি চৰাই ধৰাৰে পৰা এৰি দিয়া সময়খিনিলৈ গৰাকী আৰু বুলবুলিৰ মাজত গঢ়ি উঠে আত্মীয়তা আৰু সহৃদয়তা। খেলৰ অন্তত দুয়ো ফৈদৰ সকলো বন্দী চৰাই খুৱাই-ধুৱাই এৰি দিয়া নিয়ম। কোনো কাৰণতে কোনো বন্দী চৰাইক মুক্ত কৰি নিদিয়াকৈ থাকিব নোৱাৰে। এৰি দিয়াৰ পিছতো গৰাকীৰ প্ৰীতিৰ বান্ধোন এৰাব নোৱাৰি এমাহ-দুমাহলৈ গৰাকীৰ ঘৰলৈ আহ-যাহ চলি থাকে। এই সময়তো সিঁহতক আগৰদৰেই খাদ্য দি থকা হয়। এয়া এক বিমল আনন্দ। এদিন চৰাইবোৰ অন্তৰ্ধান হয়। আকৌ মাঘ মাহৰ আগে আগে বুলবুলিৰ প্রৱজন ঘটে৷ এনেকৈয়ে বছৰৰ পিছত বছৰ ধৰি বুলবুলি চৰাই আৰু গৰাকীৰ মাজত প্ৰীতিৰ বান্ধোন আছিল। সম্প্ৰতি চৰাই আৰু গৰাকীৰ এই বান্ধোন নাই। তথাপি বুলবুলি যুঁজৰ ঐতিহ্য ইতিহাসৰ বুকুত বিৰাজমান হৈ থাকিব।

****************************************

 

ৰজত চন্দ্ৰ ভৰালী

প্রাক্তন উপ-সভাপতি

কামৰূপ জিলা সাহিত্য সভা



অলংকৰণ :- মনবীনী দাস




Post a Comment

0 Comments