বিজ্ঞানৰ কুইজ
১. সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি ?
- নেপচুন।
২. সৌৰজগতৰ কেন্দ্ৰ কি ?
- সূৰ্য ৷
৩. মহাকাশলৈ প্ৰথম প্ৰাণী কঢ়িয়াই নিয়া মহাকাশযান খনৰ নাম কি আছিল ?
- স্পুটনিক – ২ ৷
৪. কোনখন দেশে প্ৰথমে চন্দ্ৰত অৱতৰণ কৰা মহাকাশযান উৎক্ষেপণ কৰিছিল
?
- আমেৰিকা যুক্তৰাষ্ট্ৰ ৷
৫. জুই জ্বলিবলৈ কোনটো গেছৰ দৰকাৰ ?
- অক্সিজেন ৷
৬. পৃথিৱীৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি ?
- স্পুটনিক – ১ ৷
৭. আলোকবৰ্ষৰ সহায়ত কি জোখা হয় ?
- পোহৰে এবছৰত অতিক্ৰম কৰা দূৰত্বক আলোকবৰ্ষৰে জোখা হয় ৷
৮. মানৱ শৰীৰৰ সৰ্ববৃহৎ হাড়ডাল কি ?
- ফিমাৰ বা উৰ্বস্থি ৷
৯. আমাৰ দেহত কাৰ্ব’হাইড্ৰেট কি ৰূপত
সঞ্চিত হয় ?
- গ্লাইক’জেন ৷
১০. কোন গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় ?
- মঙ্গল গ্ৰহক ৷
মুনমী নাথ
ভিতৰখোলা মধ্য ইংৰাজী বিদ্যালয়
৭ম শ্ৰেণী
কমলপুৰ শিক্ষাখণ্ড
0 Comments