header ads

বিজ্ঞানৰ খুটিনাটি | Collected by Sahab Uddin Ahmed

 বিজ্ঞানৰ ইটো সিটো


১) সৰ্পদংশনে কি দৰে এজন ব্যক্তিৰ মৃত্যু ঘটায়?

 

উ- ৰেটল সাপ(rattle snake) অথবা আন যিকোনো বিষাক্ত সাপে যেতিয়া এজন ব্যক্তিক দংশন কৰে, তেতিয়া দংশন কৰা স্থানত সাপে দাঁতৰ সহায়ত বিষ( venom) ঢালি দিয়ে। লগে লগে দংশন কৰা স্থানৰ চাৰিওফালৰ কোষ সমূহ ধ্বংস হয়। মূহুৰ্তৰ ভিতৰত তেজ পৰিবাহী সিৰা আৰু ধমনীসমূহ ধ্বংসপ্ৰাপ্ত হয়। অৱশ্যে এই সময়ত ধমনী আৰু সিৰাৰ ভিতৰত থকা তেজ গোট নামাৰে। বৰঞ্চ তেজ নিৰ্গত হয়। শৰীৰৰ অন্তৰ্ভাগত ৰক্তক্ষৰণ হয়। ইয়াৰ লগে লগে হৃদযন্ত্ৰ, শ্বাস অংগ আৰু বৃক্ক কাম নকৰা হয়। এইদৰে সৰ্প দংশন ত ব্যক্তিজন মৃত্যু মূখত পৰে।

 

2) চন্দ্ৰ অবিহনে পৃথিৱীৰ অস্তিত্ব সম্ভাৱনে?

 

উ:- ভূপৃষ্ঠৰ জীৱৰ ওপৰত চন্দ্ৰৰ প্ৰভাৱৰ গুৰুত্ব মন কৰিবলগীয়া।  আমাৰ দৈনন্দিন জীৱনত পৃথিৱীৰ সাগৰ-মহাসাগৰ , বতৰ আৰু সময় ওপৰত চন্দ্ৰৰ প্ৰভাৱ অতিশয় গুৰুত্বপূৰ্ণ।  চন্দ্ৰ অবিহনে জোৱাৰ ভাটা হ'ব নোৱাৰে।  চন্দ্ৰ নাথাকিলে ৰাতিৰ আকাশখন অন্ধকাৰ হ'ব, ঋতুসমূহ পৰিবৰ্তন হৈ থাকিব।  দিনবোৰো পৰিবৰ্তনশীল হ'ব।

 

৩) কণী এটাৰ ভিতৰত পানীখিনিৰ কি ঘটে যেতিয়া পানীখিনি গৰম কৰা হয়?

 

উ- সাধাৰণতে এটা কণীত শতকৰা ৯০ ভাগ পানী থাকে। যেতিয়া  কণী এটা গৰম কৰা হয়, তেতিয়া কেলচিয়াম কাৰ্বনেটেৰে গঠিত ইয়াৰ টান খোলাটোৰ বাবে কণী থকা পানীখিনি বাষ্প আকাৰে বাহিৰত ওলাব নোৱাৰে আৰু পানীখিনি ভিতৰতেই থাকি যায়।  কণীটো গৰম কৰাৰ পিছত কণীৰ ভিতৰত থকা জুলীয়া পদাৰ্থ খিনি কঠিন অৱস্থালৈ পৰিবৰ্তন হয়। কণীৰ ভিতৰত থকা প্ৰটিন লগত পানীখিনি কলয়ড অৱস্থালৈ পৰিবৰ্তন হয়।কণীটো গৰম কৰিলে কণীৰ প্ৰটিনভাগ গোট মাৰে আৰু এই গোটমৰা প্ৰটিন ভাগে কণীত থকা পানীখিনি শুহি লয়। আৰু পানীখিনি  অদৃশ্য হয়।

 

৪) কি ঘটিব যদিহে হঠাৎ পৃথিৱী পৃষ্ঠৰ বায়ুমণ্ডল নাইকীয়া হয়?

উ:- যদিহে পৃথিৱী পৃষ্ঠৰ বায়ুখিনি হঠাতে নাইকীয়া হয়, তেন্তে আমি বাস কৰা ভূপৃষ্ঠৰ উষ্ণতা ভয়ানক ভাবে বৃদ্ধি পাব আৰু আমাৰ বাবে হৈ পৰিব এক ভাবুকি। সূৰ্য্যৰ পৰা অহা তাপ ভূপৃষ্ঠৰ জলধাৰাত প্ৰবেশ কৰি পানীখিনি গৰম কৰিব। আৰু ইয়াক তীব্ৰ গতিত বাস্পীভূত কৰিব আৰু এই বাষ্পখিনি মহাশূণ্যৰ পিনে উপঙিবলৈ ধৰিব।বায়ু অবিহনে ভূ-পৃষ্ঠ নিয়ন্ত্ৰিত নহ'ব, আৰু জীৱ সমূহ মৃত্যু মূখত পৰিব। বায়ু নহ'লে ভূপৃষ্ঠত পানী নাইকীয়া হ'ব। জলচক্ৰ বন্ধ হৈ পৃথিৱীখন সংকতত পৰিব।

 

             **********************************     

 

সংগ্ৰাহক-

চাহাব উদ্দিন আহমেদ

বিজ্ঞান শিক্ষক।

মধ্য চৌ. পাম আ: এম ই এম।

ছয়গাওঁ। 

 

অলংকৰণ :- সংগীতা কাকতি


Post a Comment

0 Comments