header ads

বিহুৰ ঐতিহ্য আৰু পৰিৱৰ্তন | Assamese article by Dr. Upen Rabha Hakacham

বিহুৰ ঐতিহ্য আৰু পৰিৱৰ্তন

বিহুৰ ঐতিহ্য আৰু পৰিৱৰ্তন | Assamese article by Dr. Upen Rabha Hakacham


               বিহু অসমীয়া তথা বৰ অসমৰ সৰু বৰ আটাইবোৰ জাতি-জনগোষ্ঠীৰ হিয়াৰ আমঠু, বুকুৰ আপোন। সেয়েহে বিহু বা বিহু সদৃশ ঋতুকালীন কৃষি উৎসৱেই তেওঁলোকৰ মানত জাতীয় উৎসৱ আৰু বাপতি সাহোন। অসমৰ বিভিন্ন লোকাচাৰ আৰু লোক-সাংস্কৃতিক দিশত প্ৰভাৱ পেলাব পৰা আদিম উৰ্বৰা বিশ্বাসৰ সৈতে জড়িত আৰু সম্পৃক্ত এইসমূহ থলুৱা জনগোষ্ঠীৰ উমৈহতীয়া চিন্তা-চেতনাৰ সন্মিলিত ৰূপেই বিভিন্ন নামেৰে উদযাপিত বিহুৰ বৰ্ণাঢ্য ৰূপ। যৌনতাৰ আন এটা নাম উৰ্বৰা বিশ্বাস(fertility faith)-ৰ ধাৰক আৰু বাহক অষ্ট্ৰ'-মংগোলয়ডৰ কৃষি উৎসৱেই সময়ত গো-পালন আৰু হলকৰ্ষণৰ উদ্ভাৱক আৰ্য- দ্ৰাবিড়সকলৰ বিভিন্ন সত্ৰ আৰু যজ্ঞৰ (গোৱময়ম, ইন্দ্ৰধ্বজ, অতিৰাত্ৰ প্ৰভৃতি) পৰশ পাই মাৰ্জিত আৰু পৰিশীলিত ৰূপত বিহু চাৰিটাই ( আহাৰমহীয়া অম্বুবাচী বা আমতী চুৱাৰ আৰু এতিয়া ব'হাগৰ ৰঙালী, কাতিৰ কঙালী আৰু মাঘৰ ভোগালী বিহুৰ দৰে আহাৰ বৰতীয়া বিহু বুলি চিনাকি দিব পৰাৰ কোনো লক্ষণেই নাই) স্বকীয় বৈশিষ্ট্যৰে যে ঠন ধৰি উঠিছিল, সেয়া পণ্ডিতসকলে বুজাই নক'লেও পালিত আৰু আমন্ত্ৰিত ব্যক্তিমাত্ৰৰে বোধগম্যৰ বাহিৰত নহয়। এৰা-ধৰা আৰু মিলা-মিছাৰ আদৰ্শেৰে যুগ- যুগ ধৰি একেখন ঠাইত সহ-অৱস্হান কৰাৰ ফলতে বিহুৰ দৰে ধৰ্মনিৰপেক্ষ চৰিত্ৰৰ সকলোৱে অংশগ্ৰহণ কৰিব পৰা এক জাতীয় অনুষ্ঠানলৈ উত্তৰণ ঘটিছে। সেয়েহে, সমগ্র উত্তৰ-পূৰ্বাঞ্চলৰ লোক-সংস্কৃতিৰ উমৈহতীয়া সমল হিচাপে একমাত্র বিহু উৎসৱেই( বিশেষকৈ ব'হাগ বিহু আৰু মাঘ বিহু) এতিয়াও ইয়াৰ প্ৰাচীন বৈশিষ্ট্য অক্ষুণ্ণ ৰাখি যুগৰ সৈতে খাপ খাই জনজীৱনৰ মাজত সমাদৃত হৈ আহিছে। 

         বিহু আৰু ইয়াৰ লগত জড়িত নানা ধৰণৰ ধৰ্মীয় আচাৰ-ৰীতি, লোকবিশ্বাস(লোকাচাৰ), লোকব্যঞ্জন, লোক আভৰণ, লোকবাদ্য( ভৌতিক সংস্কৃতি), লোকনৃত্য-গীত( লোক পৰিবেশ কলা) বিশেষকৈ বিহুগীত, বনঘোষা,হুঁচৰি ক'তো কেনিও গাইগুটীয়া একক চৰিত্ৰ অক্ষুণ্ণ হৈ থকা নাই। সকলোতে এক সমন্বিত আৰু সমাহৰিত( cultural synthesis) ৰূপহে প্ৰকট হৈ আছে।

        এই ধাৰা অকল বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰে নহয়, ভাৰতীয় মহাজাতি গঠন প্ৰক্ৰিয়াৰো এক ইতিবাচক দিশ হিচাপে চিহ্নিত হৈ আহিছে। এইসমূহ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীৰ স্বকীয় সংস্কৃতিয়ে সমন্বিত ৰূপ লাভ কৰি বিহু বা বসন্ত উৎসৱে তাহানিতে যি বৰ্ণাঢ্য ৰূপ লাভ কৰিছিল, সম্প্ৰতি ইয়াৰ ওলোটা প্ৰক্ৰিয়া আৰম্ভ হৈছে । অৰ্থাৎ বিহুৰ আঞ্চলিকতা ক্ৰমাৎ পৰিদৃষ্ট হৈছে। অৱশ্যে ইয়ে সংস্কৃতিৰ পৃথক পৃথক সত্ত্বা হ'ব পাৰে, যি আপাতঃ দৃষ্টিত বিকিৰিত বা অপসাৰিত(cultural fusion) ৰূপ যেন বোধ হয়। অৰ্থাৎ ক্ষুদ্ৰ পৰম্পৰা(little tradition) আৰু বৃহৎ পৰম্পৰাৰ( great tradition) পাৰস্পৰিক ক্ৰিয়া-প্ৰতিক্ৰিয়া অহৰহ চলি আছে, ঠিক যেনিবা জাতি-জনজাতিৰ মাজত পৰিদৃষ্টি হোৱা চলন্ত প্ৰবাহৰ(tribe-caste continuum) লেখীয়া।

             আদিম কৃষিজীৱী জনগোষ্ঠী সকলৰ মাজত যেনেকৈ কৃষিৰ আৰম্ভণিতে ভূমিৰ( বসুমতী বা প্ৰকৃতি) উৰ্বৰা বৃদ্ধিৰ বাবে বলি-বিধানেৰে নিজ-নিজ ইষ্ট দেৱতাক পূজিছিল, নতুবা আদিৰসেৰে সম্পৃক্ত যৌনমূলক নৃত্য-গীতেৰে মুখৰিত কৰি যৌনাচাৰত লিপ্ত হৈছিল তদ্ৰূপ সৌমাৰপীঠৰ বদৰাহী-চুতীয়া, মৰাণ-মটক, আহোম-কছাৰীসকলেও বিহুৰ দিনাখন( ব'হাগৰ প্ৰথম বুধবাৰে) বৰগছৰ তলিত কেঁচাইখাতী গোঁসানী(ভৰলী বা ক'লীমতীৰ) আৰু শিৱ (লাংকুৰি, খ্ৰিংখ্ৰিং বুঢ়াগোঁসাই, ধনকলীহা আদি নামেৰে)ৰ যুগল উপাসনা কৰি বিবাহোপযুক্ত ডেকা-গাভৰুক মুকলি মিলনৰ সুবিধাৰ্থে ৰাতিবিহু, চ'তৰ বিহু বা বৰদৈ বিহুত ঢোল-পেঁপা-গগণাৰে জাকৰুৱাকৈ 'বিয়া বাছনি' নৃত্য-গীতত ভাগ লবলৈ সুবিধা কৰি দিছিল ; এয়াই প্ৰথম স্তৰৰ গছতলৰ বিহু বা বনৰীয়া বিহু, য'ত অলপ হ'লেও শালীনতাৰ সীমা চেৰাই যোৱাৰ পূৰ্ণ সম্ভাৱনা আছিল। সেই সময়তে হয়তো কৰিছিল- 

                    প্ৰথম ঈশ্বৰে         জগতখন স্ৰজিলে

                           তাৰ পিছত স্ৰজিলে জীৱ,

                    সেইনোজন ঈশ্বৰে      পীৰিতি কৰিলে

                              আমিনো নকৰিম কিয়?

            এইদৰে নিয়ম-নীতি নমনাকৈ চলিব পৰা মুকলিমূৰীয়া ডেকা-গাভৰুজাকক সমাজপ্ৰিয় বৰমূৰীয়াসকলে পহিলা ব'হাগৰ পৰা সাতদিনৰ ভিতৰত গছতলৰ ডেকাজাক-গাভৰুজাকক আমন্ত্ৰণ কৰি আনি(তামোল পাণ বা বিহুৱান যাঁচি) নিজ চোতালত গাব পৰাৰ বিধান দিলে আৰু বিহু নৃত্য-গীত(বিহুনাম, বিহুমৰা প্ৰথা)ক নাকী লগাই সাংসাৰিক বা ভকতীয়া ভাৱাপন্ন কৰি পেলালে। এইদৰে বনঘোষা, বনৰীয়া নামৰ পৰিবৰ্তে হুঁচৰি আৰু বিভিন্ন মালিতাৰ সৃষ্টি হ'বলৈ পালে। বিহু-হুঁচৰিৰ এই দ্বিতীয় স্তৰতে গাঁৱৰ মুৰব্বী, ৰজাঘৰ আৰু গোঁসাই প্ৰভুসকলৰ পৃষ্ঠপোষকতা পোৱাৰ অৰ্থে স্তুতিধৰ্মী বা বন্দনাধৰ্মী বিহুনাম ঘোষাপদৰ সংযোজন হোৱা বুলি সহজে ধাৰণা কৰিব পাৰি। সেই স্তৰৰ বিহুনাম, হুঁচৰি পদ এফাঁকি শুনি লওঁ আহক-

                             "দেউতাৰ পদূলিত   গোন্ধাইছে মাধুৰী

                                       কেতেকী মলেমলায় ঐ

                                             গোবিন্দাই ৰাম"।

                                            - - - - - - - - - - - - - - - -

                             "স্বৰ্গদেউ ওলালে      বাটচ'ৰাৰ মুখলৈ

                                        দুলীয়াই পাতিলে দোলা;

                              কাণত জিলিকিলে    নৰা জাংফাই

                                       গাত গোমচেঙৰ চোলা।"

                দেখদেখকৈ বঁটা-বাহন বা সংস্হাপন বিচাৰি এক শ্ৰেণীৰ বিহুৱা-বিহুৱতীৰ সৃষ্টি হ'বলৈ পালে বিহুৰ দ্বিতীয় স্তৰৰ শেষৰফালে। কোৱা হয় যে স্বৰ্গদেউ ৰুদ্ৰসিংহই পথাৰৰ বিহুক ৰ‌ংঘৰ বাকৰিলৈ আনে আৰু বিহু অনুষ্ঠানক পূৰ্ণৰূপে ৰাজকীয় পৃষ্ঠপোষকতা প্ৰদান কৰে। স্বৰ্গদেৱে হুঁচৰি দলক মাতি আনি বিহুৰ দিনা সেৱা লোৱা পৰম্পৰাৰো ৰাজ্যখনত প্ৰৱৰ্তন কৰে বুলি জনশ্ৰুতি আছে। এটা সময়ত বিহুৱে ৰাজনৈতিক উত্থান-পতনতো চমকপ্ৰদ ভূমিকা পালন কৰিছিল। অপৰাজেয় চুতীয়া সেনানীক আহোম বৰফুকনে অবতৰত বিহুঢোল কোবাই বিহুবলীয়া চুতীয়াসকলক কাটি মাৰি খাস্তাং কৰা বা মোৱামৰীয়া বিদ্ৰোহৰ মূল যোদ্ধা বীৰ ৰাঘৱ মৰাণক মগলৌ কুঁৱৰী কুৰংগ নয়নীয়ে ছদ্মবেশী হুঁচৰি দলৰ আগত আঁঠু কৰাই হত্যা কৰা বুৰঞ্জী প্ৰসিদ্ধ কাহিনীক কোনেনো নাজানে? অসমলৈ মান আহিল, মান-মৰাণৰ যুদ্ধ হল, ইয়াণ্ডাবু সন্ধিৰ চৰ্তমতে স্বাধীন অসম ব্ৰিটিছৰ অধীন হ'ল(১৮২৬ চনত) আৰু কলিকতাকেন্দ্ৰিক বংগৰ পৰা ব্ৰিটিছ প্ৰশাসনীয় বিষয়াসকলে অসমখন শাসন কৰিলে, ৰেললাইন হ'ল, জাহাজ চলিল, চাহবাগিচা খুলিলে, কয়লা আৰু তেলৰ খনিত কাম কৰিবলৈ ব্ৰিটিছ উদ্যোগপতিসকল ঢাপলি মেলিলে আৰু স্বাধীনচেতীয়া অসমীয়া যুৱকে ব্ৰিটিছৰ দৰ্মহাধাৰী গোলামী হোৱাৰ প্ৰৱণতাই দেখা দিলে। সেইদৰে মিছনেৰী সকলৰ খ্ৰীষ্টধৰ্ম প্ৰচাৰ, পৰ্বতীয়া জাতি- জনজাতিৰ বিদ্ৰোহ আৰু দমন, খাজনা আদায়, স্বাধীনতা আন্দোলন, চীনা যুদ্ধ, আধুনিক শিক্ষাবিস্তাৰ এই সকলো বিহুগীতত স্হান পালে। অকল স্হান লোৱাই নহয়, চাহ বাগিচাৰ বঙলা, হাট-বাট, দাৰোগা, হাকিম, কেৰাণী, মহৰী, বাবু-চাপ্ৰাচী, চৰ্দাৰ, গাঁওবুঢ়া সকলৰ পৃষ্ঠপোষকতাত একো একোখন অঞ্চলত বিহুমেলা উদযাপিত হ'বলৈ ধৰিলে। ক্ৰমাৎ গছতলৰ, চোতালৰ কৃষিজীৱী লোকৰ হাতত থকা বিহু বনুৱা-শ্ৰমজীৱী লোকৰ হাতত গ'ল। লাহে লাহে পণ্যদ্ৰব্যৰ দৰে বনিয়াৰ মনোৰঞ্জনৰ বাবে বিহু-নৃত্য-গীতক পৰিৱৰ্তন কৰি লোৱা হ'ল। এনে অৱস্থাত ইংৰাজী শিক্ষাৰে শিক্ষিত বংগৰ জাতীয় জাগৰণেৰে দীক্ষিত নৱন্যাসবাদী এচাম বুদ্ধিজীৱীৰদ্বাৰা অসমীয়াৰ বাপতি সাহোন বিহু নিজ দেশতে দেশান্তৰিত হোৱাৰ পৰ্যায় পাইছিল। কিন্তু সুখৰ কথা ৰজনীকান্ত বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা, নকুল চন্দ্ৰ ভূঞা,ভাল নাৰায়ণ বৰা, বিশেষকৈ নগাঁৱৰ আনন্দ চন্দ্ৰ দাসৰ সবল নেতৃত্বত আইনৰ গণ্ডীত সোমাই পৰা বিহুৱে ৰাজৰোষৰপৰা চিৰদিনৰ বাবে পৰিত্ৰাণ পালে। ব্ৰিটিছকালীন বিহুৰ অস্তিত্ব ৰক্ষাৰ এই কালছোৱাকে আমি বিহুৰ তৃতীয় স্তৰ বুলিব পাৰোঁ।

               এইদৰে বিহুৱে ৰাজৰোষৰ পৰা মুক্তি পোৱাই নহয় শিক্ষিত লোকৰ অৱজ্ঞাৰ পৰাও পৰিত্ৰাণ পালে। লাহে লাহে উদ্যোগ-ব্যৱসায়-বাণিজ্য, শিক্ষা-স্বাস্থ্য, প্ৰশাসন আদি কাৰণত গঢ়ি উঠা নগৰ-চহৰত জাতীয় ভাবোপন্ন এচাম নাগৰিকৰ পৃষ্ঠপোষকতাত গছতলৰ মুকলি বিহুৱে মঞ্চবিহু হিচাপে নতুন ৰূপ লাভ কৰিলে। চতিয়াৰ মাধুৰী আঁহতৰ তলতে হওঁক(১৯১৮/১৯৪৯),বা গোলাঘাট দেৰগাঁৱৰ বিহু সন্মিলনতে হওঁক(১৯৩৪/৩৫), শিৱসাগৰৰ নাট্যমন্দিৰতে হওঁক(১৯৪১) বা গুৱাহাটীৰ লতাশিল খেলপথাৰতে হওঁক নতুন ৰূপত বিহু-হুঁচৰি, জেংবিহু, মুকলি বিহু, বিহুৱা-বিহুৱতী প্ৰতিযোগিতা(বিহু সম্ৰাজ্ঞী, বিহুৰাণী, বিহুকুঁৱৰী), পতাকা উত্তোলন, স্মৃতিগ্ৰন্হ উন্মোচন, মুকলি বিহু সন্মিলন, সাংস্কৃতিক সন্ধিয়া আদি বৰ্ণাঢ্য কাৰ্যসূচীৰে দুই-তিনিদিনীয়াকৈ উদযাপন কৰাৰ পৰম্পৰা অদ্যাপি চলি আহিছে, এয়া অসমীয়াৰ বাপতি-সাহোন বিহুৰ গৌৰৱোজ্জ্বল চতুৰ্থ স্তৰ। এই স্তৰতে আকাশবাণী, দূৰদৰ্শন আদি প্ৰচাৰ কেন্দ্ৰৰ জৰিয়তেই হওঁক বা দৃশ্য-শ্ৰাৱ্য মাধ্যম যোগেই হওঁক(কেচেট, গ্ৰামোফোন ৰেকৰ্ড) বিহুগীত, বিহুসুৰীয়া গীতৰ নানা পৰীক্ষা-নিৰীক্ষা চলিলেও সুখ্যাতিৰে কোনো বিকৃত নোহোৱাকৈ ৰাইজৰ বুকুৰ মাজত স্হান লাভ কৰিবলৈ সক্ষম হৈছিল। বোলছবিৰ গীততো বিহু আৰু বিহুসুৰীয়া গীতে যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ডঃ ভূপেন হাজৰিকা, খগেন মহন্ত-অৰ্চনা মহন্ত যুটি, দ্বীপেন বৰুৱা, নমিতা ভট্টাচাৰ্য, দীপালি বৰঠাকুৰ, ঊষা মংগেশকাৰ প্ৰভৃতি কণ্ঠৰ নিভাঁজ সুৰৰ বিহুগীতে কেৱল অসমতে নহয়, সৰ্বভাৰতীয় স্তৰতো সংগীতপ্ৰাণ লোকৰ হৃদয় চুবলৈ সক্ষম হৈছিল।

               কিন্তু অতি পৰিতাপৰ কথা যে সাম্প্ৰতিক কালৰ বিহুৰ যি ৰূপ(পঞ্চম স্তৰ) সেয়া বহু ক্ষেত্ৰত নিয়ন্ত্ৰণৰ বাহিৰত। বিশ্বায়নৰ খামখুমীয়াত আৰু তথ্য-প্ৰযুক্তিৰ বিপুল অপপ্ৰয়োগৰ ফলত নানা ধৰণৰ সস্তীয়া আৰু অধিক বিস্তাৰিত হোৱা(viral হোৱা), সামাজিক মাধ্যম যোগে(YouTube, WhatsApp, blogs, tiktok, এফ.এম. ৰেডিঅ' , প্ৰাইভেট চেনেল, পৰ্টেল টিভি আদিৰ যোগে) বিহুগীতৰ নামত অসম্পাদিত নানা গীত-মাত, ৰেপ মিউজিক, পপ মিউজিক আদিকে চলাই দিয়া হৈছে। পৰম্পৰাগত ঢোল-পেঁপা-গগনা, টকা-বাঁহীৰ উপৰিও নানা ধৰণৰ বৈদ্যুতিন বাদ্য যন্ত্ৰ আৰু বেশভূষাৰে , নৃত্য ভংগীমাত এতিয়াৰ মঞ্চ বিহু বা টিভি বিহু পাশ্চাত্যমুখী আৰু সস্তীয়াকৰণ কৰা হৈছে। সুৰৰ ক্ষেত্ৰতে নহয়, ভাৱ-ভাষা আৰু অংগী-ভংগীতো নানা নৃত্য-গীত আৰু বেশভূষাৰ ৰিমিক্স(remix), ফিউচন(fusion) কৰা হৈছে। এইক্ষেত্ৰত তথাকথিত কিছু জনপ্ৰিয় শিল্পীৰ বিহু গীত আৰু বিহু কেছেটে আধুনিকতাৰ সৰ্ব্বোচ্চ সীমা চেৰাই গৈছে। অৱশ্যে তাৰ মাজতো খগেন গগৈ, বিপিন চাওডাং , কল্পনা পাটোৱাৰী, জিনা ৰাজকুমাৰী আদিয়ে পৰম্পৰাগত আৰু জনগোষ্ঠীয় বিহুৰ স্বকীয় সুৰ বজাই ৰাখিবলৈ সক্ষম হৈছে। সমকালীন যুগত বিশ্বায়নৰ খামখুমীয়াত আৰু ছচিয়েল মিডিয়াৰ সৰ্বগ্ৰাসী ৰূপত অসমীয়া বিহুগীতে আৰু কিমান দিন নিজৰ সতীত্ব-কুমাৰীত্ব অক্ষুণ্ণ ৰাখিব পাৰিব সেয়াহে এতিয়াৰ লাখটকীয়া প্ৰশ্ন।

*****************************

ড উপেন ৰাভা হাকাচাম

অধ্যাপক

অসমীয়া বিভাগ

গুৱাহাটী বিশ্ববিদ্যালয়







 

অলংকৰণ :- সংগীতা কাকতি

Post a Comment

0 Comments