header ads

মৃত্যুঞ্জয়ী বিষ্ণুৰাভা

 মৃত্যুঞ্জয়ী বিষ্ণুৰাভা

        ১৯০৯ চনৰ ৩১ জানুৱাৰী ; বৰ্তমান বাংলাদেশৰ ঢাকা চহৰত জন্ম গ্রহণ কৰা এজন মনীষী তেওঁ। শকত-আৱত, হৃষ্ট-পুষ্ট, শিশু-সুলভ, সৰলতাপূৰ্ণ, অন্তৰখোলা হাঁহিৰ, মদৰুৱা ৰঙৰ গলাবান এখন ডিঙিত মেৰিয়াই বিনয়ী হৈ বাটে-ঘাটে দীন-দুখী, কৃষক-বনুৱাৰ লগত আপোন-ভোলাকৈ কথাপাতি ভালপোৱা লোক তেওঁ । জনসাধাৰণৰ লগৰ এজন হৈ মাটিত থৈলা পাৰি বহি কলপাতত ভাত আৰু পানীয় খোৱা সহজ সৰল অমায়িক, প্ৰতিভা সম্পন্ন সংগ্ৰামী শিল্পী জনেই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ; যিগৰাকী ভাৰতৰ শ্ৰেষ্ঠ কলাবিদ , সৰ্বহাৰাৰ বুকুৰ বান্ধৈ ।

        ডঃ ভূপেন হাজৰিকাই কৈছিল " বিষ্ণুপ্ৰসাদ ৰাভা ঠিকাদাৰো নহয়, মন্ত্রীও নহয়, সত্ৰাধিকাৰীও নহয়, নাস্তিকো নহয়... খাটি মহাপুৰুষীয়া যদিও মাছ-মাংসও খায় । ২৫০০ বিঘা মাটিৰ জমিদাৰ হৈও পুজিঁপতি নহয়। গেৰুৱা-বসন নিপিন্ধে যদিও সন্যাসী, তিনিটা সন্তানৰ পিতৃ যদিও গতানুগতিক সংসাৰী নহয় ৷ জাতি-ভেদ নামানে যদিও ধনী-দুখীয়াৰ জাতি বিচাৰ মানে । বয়স তিনিকুৰি হ'লেও মনটো একৈশ বছৰীয়া ।" সেয়েহে বিষ্ণুপ্ৰসাদ ৰাভা কেনেধৰণৰ 'মানুহ' আছিল সেই বিষয়ে একেআষাৰে কৈ দিয়া টান । জনসমাজৰ দাৰিদ্ৰতাই মানুহজনক ম্ৰিয়মান কৰিছিল। সত্য আৰু ন্যায়ৰ অৰ্থে জনতাৰ কাৰণে যুঁজাৰ মানসেৰে ৰাভাই ৰাজনীতিৰ আশ্রয় গ্রহণ কৰিছিল, মন্ত্রী হ'বৰ কাৰণে নহয় । তেওঁ সংগ্ৰামী বৈপ্লৱিক শিল্পী আছিল । ৰাভাদেৱে নিজেই কৈছিল," সংগ্ৰাম বাদ দিলে মোৰ জীৱন দুৰ্বিসহ । "

        সৰ্বহাৰাৰ দৰিদ্ৰ নাৰায়ণৰ মুক্তিৰ বাবে প'ল ৰবচনৰ দৰে গীতৰ মাজেৰে বৈপ্লৱিক বাতাৱৰণৰ সৃষ্টি কৰি ফুৰিছিল ৰাভাদেৱে । তেওঁ আছিল অসমীয়া ৰাইজৰ হিয়াৰ আমঠু, সৰ্বহাৰাৰ মুক্তিদাতা বিপ্লৱী শিল্পী ।১৯৬৯ চনৰ ২০ জুনৰ ৰাতি ২ বাজি ২৫ মিনিটত ৰাভাদেৱৰ জীৱন নাটৰ অৱসান ঘটিছিল কল্যাণ খৰমান ৰাগত । সৰ্বহাৰা জনতাই হেৰুৱালে মৰমৰ আবৌক, বুকুৰ বান্ধৈক, জনতাৰ শিল্পীক, বিপ্লৱী সংগ্ৰামীক, কলাগুৰুক, ভাৰতশ্ৰেষ্ঠ কলাবিদজনক । ৰাভাদেৱ আমাৰ মাজত নাই যদিও তেওঁ চিৰজাগ্ৰত হৈ আছে, কাৰণ পোহৰৰ মৃত্যু নাই । ৰাভাদেৱ অসম আৰু অসমীয়াৰ জ্যোতি , সেয়েহে তেওঁ মৃত্যুঞ্জয়ী..........।

(আলম লোৱা হৈছে---' বিষ্ণুৰাভাৰ সংগ্ৰামী আভা'- দেবেন্দ্রনাথ বৰা আৰু

'বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি ' -তিলক দাস)

*********************


তৃপ্তিময়ী তালুকদাৰ

সহকাৰী শিক্ষয়িত্ৰী

শিলগুৰী মজলীয়া বিদ্যালয়

হাজো শিক্ষাখণ্ড

 

অলংকৰণ:-মনবিনী দাস




Post a Comment

0 Comments