header ads

গণিতৰ যাদু

 

বৰ্গ উলিওৱাৰ সহজ  কৌশল :
         সংখ্যাবোৰৰ  বৰ্গ উলিওৱাৰ বিভিন্ন নিয়ম আছে যদিও আমি কিছুমান সহজ পদ্ধতিৰে কম সময়তে সংখ্যাবোৰৰ বৰ্গ উলিয়াব পাৰোঁ। আজি তেনেকুৱা কিছুমান পদ্ধতিৰ বিষয়ে ইয়াত আলোচনা কৰিম।

(ক) এশৰ আশে পাশে থকা সংখ্যাৰ বৰ্গ :

            এশতকৈ অলপ ডাঙৰ সংখ্যা ,যেনে ১০৬,১০২ আৰু ১০৯ লোৱা হ'ল। ইঁহতৰ বৰ্গ সহজ পদ্ধতিৰে কেনেদৰে উলিয়াব পাৰি চাঁও আহা। প্ৰথমতে ১০৬ সংখ্যাটো লোৱা হওঁক। এতিয়া (১০৬)²=? ইয়াৰ বাবে প্ৰথমতে চাব লাগিব  যে ১০৬ এশতকৈ কিমান বেছি? উত্তৰটো হ'ব ৬ বেছি। গতিকে ১০৬ ৰ লগত আমি  ৬ যোগ কৰিব লাগিব আৰু আমি পাম ১১২। এতিয়া ৬ ক ৬ ৰে পূৰণ কৰিব লাগিব আৰু আমি পাম ৩৬। এতিয়া ১১২ ৰ সোঁফালে ৩৬ বহুৱালে যিটো সংখ্যা পাম  সেই সংখ্যাটোৱে হ'ব ১০৬ ৰ বৰ্গ। অৰ্থাৎ,
(১০৬)²=১১২৩৬

তেনেদৰে,১০২ এশতকৈ ২ বেছি, গতিকে
১০২+২=১০৪  আৰু ২×২=৪
এতেকে,(১০২)²=১০৪০৪  আকৌ,

   ১০৯ এশতকৈ ৯ বেছি, গতিকে
১০৯+৯=১১৮ আৰু ৯×৯=৮১
এতেকে,(১০৯)²=১১৮৮১

       এতিয়া  এশতকৈ অলপ সৰু সংখ্যা লৈ চোৱা যাওক। উদাহৰণস্বৰূপে, ৯১, ৯৬ আৰু ৯৮  এই তিনিটা সংখ্যা লোৱা হ'ল। প্ৰথমতে চাওঁ ৯১  ৰ বৰ্গ সহজ পদ্ধতিৰে কেনেদৰে উলিয়াব পাৰি। ইয়াৰ বাবে আমি প্ৰথমতে চাম ৯১ সংখ্যাটো ১০০তকৈ কিমান সৰু ? উত্তৰটো হ'ব  ৯ সৰু । গতিকে ৯১ ৰ পৰা ৯ বিয়োগ কৰি দিব লাগিব আৰু আমি পাম ৮২। এতিয়া যিহেতু ৯ বেছি গতিকে ৯ ক ৯ লগত পূৰণ কৰিম আৰু পাম ৮১। এতিয়া ৮২  ৰ  সোঁফালে বহুৱাই দিলে যিটো সংখ্যা পাম সেইটোৱেই হ'ব ৯১ ৰ বৰ্গ। অৰ্থাৎ,

(৯১)²=৮২৮১, তেনেদৰে
৯৬ এশতকৈ ৪ সৰু। গতিকে
৯৬ - ৪=৯২ আৰু ৪×৪=১৬
(৯৬)²=৯২১৬  , একেদৰে
৯৮ এশতকৈ ২ সৰু। গতিকে
৯৮ - ২=৯৬ আৰু ২×২=৪, গতিকে
(৯৮)²=৯৬০৪
এনেদৰে এশৰ আশে পাশে থকা অন্য কিছুমান সংখ্যা চেষ্টা কৰি চাব পাৰি।
    ------------------------------------------xxxxxxx--------------------------------------

লভিতা মেধী,
পীতাম্বৰ আদৰ্শ হাইস্কুল, 
শিক্ষাখণ্ড- ৰঙিয়া।

Post a Comment

0 Comments