header ads

সাঁথৰ

 সাঁথৰ

১) মই ভাত-পানী নাখাওঁ ; দৰমহাও নল‍ওঁ ।
তথাপি আপোনাৰ ঘৰৰ সন্মুখত পহৰা দিওঁ ।
কওঁক চোন কোন মই ?

উত্তৰ=তলা-চাবি

২) খুলিলে ঘৰ, বন্ধ কৰিলে হয় লাঠি ।
ক'ব পাৰিলে তুমি নম্বৰ পাবা ষাঠি ।

উত্তৰ=ছাতি


৩) হাঁহৰ কণী দীঘলীয়া, কাছৰ কণী গোল ,
আৰু এটা কণী আছে লগাই গণ্ডগোল ।

উত্তৰ=ওকণি


৪) ওৰে গাত কটা, ভিতৰত বহি মেল কৰে হাজাৰ লোকৰ বেটা ।

উত্তৰ=কঁঠাল


৫) এটা মাছৰ দুখন ফিছা, বুৰ মাৰিলেই সকলো মিছা ।

উত্তৰ=নাও



সংগ্ৰাহক---------------

ফাইৰিনা ইয়াছমিন
শ্ৰেণী- ষষ্ঠ মান
২ নং বৰুৱাপথাৰ মধ্য ইংৰাজী বিদ্যালয়
শিক্ষাখণ্ড- ছমৰীয়া

Post a Comment

0 Comments