Labels

বাৎসল্য বনাম বাৎসল্য | Assamese Short Story by Nilakshi Nath

                    বাৎসল্য বনাম বাৎসল্য

                                            


 বৰুৱাৰ পত্নীয়ে ল'ৰাটোৰ জেদ ৰাখিবলৈ যিদিনা নিজৰ সাঁচতীয়া ধন ভাঙি ৰিমোট কন্ট্ৰোল গাড়ীখন কিনি দিছিল, সিদিনাৰ পৰাই চাগে আৰম্ভণি, ল’ৰাজনৰ পদস্খলনৰ সূত্রপাত । অৱশ্যে সহজভাৱে চালে দিবই দিয়কচোন, একমাত্ৰ পুত্ৰ, তাতে আকৌ বিয়াৰ দহবছৰৰ পিছত সন্তানপ্রাপ্তি । মন্দিৰত কিমান মূৰ দোঁৱাইছিল, নামঘৰত কিমান মাহ-প্রসাদ দিছিল, কিমান তাবিজ-কৱচ পিন্ধিছিল, তাৰ হিচাপ নাই । লাহে লাহে ল’ৰা ডাঙৰ হ’ল । মাকে ফুটকে পৰিব নিদিয়া ‘সোণটোৰ’ জেদবোৰ লাহে লাহে বাঢ়ি গৈ থাকিল । অৱশ্যে নিজ আদৰ্শত চলা শিক্ষক ৰমেন বৰুৱাও কৰ'বাত নহয় কৰ'বাত নিজ সন্তানৰ প্ৰতি দুৰ্বল । নহ'লেনো সৌসিদিনা বেংক-লোণলৈ হলেও পুতেকক লাখটকীয়া বাইকখন দিয়ে নে ?

 স্কুটিখন হঠাৎ ব্ৰেক মাৰি ৰৈ যোৱাত বৰুৱাই নিজ ভাবৰ পৰা ওলাই আহি চাৰিওফালে চালে । আৰক্ষীচকী ; নিজ কৰ্মজীৱনত কাহানিও আহিব লগা হোৱা নাছিল ইয়াত, অথচ আজি...

 চকীখনত কুঁজা হৈ বহি থকা বৰুৱাৰ মূৰ তুলি চাব পৰা অৱস্থা নাছিল তেতিয়া, হঠাৎ এষাৰ মাত কাণত সোমাল- "চাৰ !! আপুনি ইয়াত যে !’’ 

 ‘চাৰ’ শব্দটোৱে তেওঁৰ বুকুত খুন্দিয়াই গ’ল । মূৰ তুলি অলপ সময় চালে, কিন্তু ধৰিব নোৱাৰিলে । ইউনিৰ্ফমত থকা অফিছাৰজনৰ মুখলৈ ভেবা লাগি চাই থাকিল । অফিছাৰজনে আকৌ আগ্রহেৰে ক'লে, “চাৰ, মই অজিত । আপোনাৰ ছাত্ৰ । ধৰিব পাৰিছেনে ? পাহৰিলে চাগে আপুনি । মই নতুনকৈ বদলি হৈ আহিছোঁ, ইয়ালৈ ; আগতে বৰপেটাত আছিলোঁ ।”

 “ অ-অ-অ-জিত… হয়-হয়… মনত পৰিছে… মনত পৰিছে ” কঁপা কঁপা মাতেৰে বৰুৱাই লাহেকৈ ক’লে ।

 “চাৰ, আপোনাক যে মই কেতিয়াও পাহৰিব নোৱাৰোঁ, আপোনাৰ মনত আছেনে ? আপুনি আর্থিক সহায় নকৰিলে মই কিজানি মেট্ৰিক পৰীক্ষাই দিব নোৱাৰিলোহেঁতেন । আপোনাৰ শিক্ষা আৰু সেই সহায়ৰ বাবে মই আজি এই পৰ্যায়ত আছোঁ, চাৰ ।"

 নিষ্ঠা, কষ্ট আৰু সাধনাৰে সফলতাৰ এই পর্যায়ত উপনীত হোৱা ছাত্ৰজনৰ মুখত নিজৰ প্ৰশংসাই যেন বৰুৱাক ৰাজহাড়ডাল পোন কৰাত সহায় কৰিলে । তাৰ কথাত বৰুৱাৰ মুখখন ক্ৰমাত উজ্বল হৈ উঠিল । কিন্তু, পিছমুহূৰ্ততে ছাত্ৰজনে যেতিয়া আৰক্ষীচকীত তেওঁৰ আগমনৰ কাৰণ জানিব বিচাৰিলে, সজীৱ হৈ পৰা বৰুৱা যেন আকৌ মৰহি গ'ল । কেনেকৈ কয় যে, যোৱাৰাতি গ্ৰেপ্তাৰ কৰা ড্রাগছ সেৱনকাৰী দলটোত তেওঁৰ একমাত্ৰ পুত্ৰজনো আছে ।

 তলমূৰ কৰি পাগুলি থকা কথাবোৰ কোৱাৰ সাহস তেওঁৰ নহ'ল । লগত যোৱা সম্বন্ধীয় খুলশালীজনে লাহে লাহে কথাখিনি আৰম্ভ কৰিলে, অফিছাৰজনে নীৰৱে শুনি থাকিল, আৰু বৰুৱাই চকু তল কৰি আত্মগোপনৰ চেষ্টা কৰিলে ।

 অলপ পিছত গণিতৰ কৃতী শিক্ষক বৰুৱাই মূৰটো দাঙিলে । সেমেকা অনুজ্জ্বল চকুৰে এবাৰ তেওঁ ছাত্রজনৰ পিনে চালে, তাৰ পিছত লকআপত আবদ্ধ নিজৰ পুত্রক চাই জীৱনৰ যোগ-বিয়োগৰ হিচাপ মিলাবলৈ যত্ন কৰিলে ।

 নীলাক্ষি নাথ

সহকাৰী শিক্ষয়িত্ৰী,

লাচিত শিশু প্ৰাথমিক বিদ্যালয়

শিক্ষাখণ্ড- কৰৰা, কামৰূপ ।

Post a Comment

0 Comments