header ads

স্বাৱলম্বিতাৰ উৎস বিচাৰি | Assamese Story by Mahendra Chandra Rabha

 ----স্বাৱলম্বিতাৰ উৎস বিচাৰি----

                                                                                

          ৰাজেশৰ মন ব্যৱসায় কৰাৰ ৷ কিন্তু সি কি ব্যৱসায় কৰিব ? তাৰকাৰণে সি বিভিন্ন ঠাই ভ্ৰমণ কৰিলে ৷ বিভিন্ন ঠাইৰ বিভিন্ন উদ্যোগবোৰ আৰু পশু-পালনৰ ব্যৱস্হাবোৰ অধ্যয়ন কৰিবলৈ আৰম্ভ কৰি দিলে ৷

        কাঠফুলাৰ দৰে সৃষ্টি হোৱা কিছুমান গাঁৱৰ ঘৰৰ চোতালতে উন্নত জাতৰ গাহৰি পালন কৰি আৰু ভিন্ন উদ্যোগৰ দ্বাৰাই মানুহে অলেখ টকা উপার্জন কৰি স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে সঁচা , কিন্তু তাৰ লগতে আৰু এটা উপার্জন হৈ আছে ৷ সেইটো হ'ল ' ' প্রদূষণ ' ৷

        পৃথিৱীৰ শ্রেষ্ঠ জীৱৰ সৃষ্টিত প্রতিষ্ঠিত হোৱা ভিন্ন উদ্যোগ আৰু গাহৰি পালনৰ পৰা নির্গত হোৱা বিষাক্ত গেছ , বিষাক্ত দ্রব্যই মাটি , বায়ু , পানী ,পৰিৱেশ নষ্ট কৰি পেলাইছে ৷ বিষাক্ত দ্রব্যবোৰে মাটিৰ ভিতৰি-ভিতৰি গৈ গৈ কুঁৱা ,দমকল ,পুখুৰী আদিৰ পানী বিষাক্ত কৰি পেলাইছে ৷ তাৰ বাবে আমি পানী পৰিশোধন কৰি খাবলগীয়া হৈছে ৷

        আনৰ জীৱন ধ্বংস হোৱা কোনো ধৰণৰ কাম নতুবা ব্যৱসায় কৰিব নালাগে বুলি জ্ঞানীসকলে কোৱা কথা কিতাপত পঢ়া ৰাজেশৰ মনত আছে ৷ সেয়ে সি ব্যৱসায়ৰ অধ্যয়ন কৰা কার্য বাতিল কৰি জনার্দ্দন নামৰ এজন জ্ঞানী পণ্ডিতৰ ওচৰত গৈ উপস্থিত হ'ল ৷

ৰাজেশ : " ছাৰ,নমস্কাৰ ।"

জনার্দ্দন : " সুখী হোৱা বাচা ৷ কোৱা । তোমাৰ অভিলাষ কি ? "

ৰাজেশ : " মই গাহৰি পালন আৰু উদ্যোগৰ ব্যৱস্থাবোৰ চাই দেখিলোঁ যে এইবোৰে মানুহৰ জীৱন যাত্রাৰ পথ ধ্বংসলৈ লৈ গৈ আছে ৷ "এনেদৰে ৰাজেশে পোৱা সকলো অভিজ্ঞতাৰ কথা পণ্ডিতজনক জনালে ৷

         জনার্দ্দনে ৰাজেশৰ কথা শুনি সকলোৰে উপকাৰত অহা ব্যৱসায় কৰাৰ কথা ক'লে ৷ উদাহৰণস্বৰূপে,  ফল-মূলৰ উদ্যান, ৰবি শস্য, ফুলৰ উদ্যান, বনৌষধি উদ্যান, গৰু-ছাগলী পালন ইত্যাদি ৷ গৰুৰ পৰা গাখীৰ পুষ্টিকৰ খাদ্য পাব পাৰি আৰু গোৱৰ উত্তম সাৰ হিচাপে পোৱা যায় ৷ গোৱৰ সাৰে মাটি সজীৱ কৰি ৰাখে আৰু ধৰণী সেউজ হৈ থাকে ৷ ফলত বায়ু, পৰিৱেশ নির্মল হয় ৷

        এই কথা জানিব পাৰি ৰাজেশে তাকে কৰিবলৈ মনস্থ কৰিলে ।


   লেখক:

 মহেন্দ্ৰ চন্দ্ৰ ৰাভা ।


Post a Comment

0 Comments