header ads

চুনুৰ সপোন । Assamese Story by Pritimani Das

 ---------চুনুৰ সপোন---------


আজি চুনুৰ মন বেয়া । মন বেয়া লাগিলে তাই কাথিৰ বেঞ্চখনত বহি পিৰালিৰ বাগিছাৰ ফালে দৰক লাগি চাই থাকে ৷ আজিও তাই তেনেকৈ চাই আছে ৷ চুনুৰ মাকে খট্ খট্ কৈ তাঁত বৈ আছে ৷ তাই এবাৰ ভাবিলে । মাকক কথাটো কৈ দিব নেকি বাৰু ? নাই, লাভ নহ’ব । প্ৰিয়ংকাহঁতৰ দৰে তাইৰ মাক নহয় যে শুনাৰ লগে লগে মেখেলা কোঁচাই খেদি যাব আৰু প্ৰিয়ংকা, জিলি-মিলি, দীপাংকৰহঁতক বিধুম গালি দিব ৷ বৰং ওলোটাকৈ তাইকহে কোবাব । গোচৰ দিবলৈ গৈ চুনুৱে মাকৰ চেৰী, ফুলশলাৰ কোব কেইবাদিনো খাইছে । " থাকক, নকওঁ । " চুনুৱে মনতে ভাবি পিৰালি বাগিছাখনৰ ফালে চকু ফুৰাবলৈহে পালে , চুম্বকে লো টনাদি চুনুক পিৰালি বাগিছাত ফুলি থকা বেলিটোৱে টানি লৈ গ’ল ৷

" কি খবৰ চুনু ? "

চুনুৱে নামাতে ৷

" কি হ’ল একো নক'লা যে ? জিলি-মিলিহঁতে কিবা ক’লে নেকি ? "

চুনু নিমাত । বেলিয়ে ক’লে– ‘‘মই বুজিছোঁ ৷ সিহঁতে নিশ্চয় তোমাক আজিও কিবা কৈছে । তুমি মন বেয়া নকৰিবা । সিহঁতে নামাতিলে কি হ’ল ?

আমি আছোঁ নহয়, আমি মাতিম । নাৰ্জী, গুটিমালী, তগৰ আমি আটায়ে তোমাৰ লগৰী নহয় জানো ? "

চুনুৱে ফুলনিত ফুলি থকা অইন ফুলবোৰলৈ চালে । এটা সুমধুৰ গোন্ধে চুনুৰ দুচকু মুদ খুৱাই দিলে । একে দৌৰে তাই গুটিমালীৰ কাষ পালেগৈ । বগা, তৰা , চানেকীয়া , গুটিমালী ফুল , জুপি বতাহত হালি- জালি আছে । 

" কিয় মন মাৰি আছা চুনু ? " গুটিমালীৰ গোন্ধে চুনুৰ মন মতলীয়া কৰিছিল । তাই এইবাৰ খোলাখুলিকৈ ক’লে– "গুটিবাই, প্ৰিয়ংকা, জিলি-মিলি, দীপাংকৰহঁতে মোক সদায় জোকাই জানা ।"

" কি বুলি জোকায় ? "

গুটিমালীয়ে মৰমসনা মাতেৰে সুধিলে ।

" মই হেনো ক’লী, ভেবেলী, গাধী ।

কেঞা আঙুলিৰে সিহঁতেই নমতা দিয়ে আৰু মই আগেয়ে মাতিলেও জোকায় ।"

"কোৱাচোন, কি বুলি জোকায় ?" কাষতে থকা তগৰজুপিয়ে মাত লগালে ।

‘‘নমতা মানুহে মাতে, কলগছডাল কাটে ৷

কল খাব নাপাই , বুকু ভুকুৱাই মৰে ৷’’

" আই ঐ দেহি, চুনুজনী ।" গুটিমালীৰ ওচৰতে থকা নাৰ্জীয়ে মাত লগালে । চুনুৱে দেখিলে নাৰ্জীভনী তাইৰ দুখত একেবাৰে জঁয় পৰি গৈছে ৷

এনেতে কোনোবাই চুনুৰ পিঠিত ধমহ্ কৈ ভুকু এটা মাৰিলে ৷ ফুল কেইপাহৰ লগত তাই ইমানেই আপোন-পাহৰা হৈ কথা পাতি আছিল যে মাকে তাইক কলৰ পাৰত বাচন ধুবলৈ দিয়াৰ কথা তাইৰ কাণতেই সোমোৱা নাছিল । মাকৰ ভুকু খাই বেচেৰী চুনুজনী ধনু এখনৰ দৰে ভাঁজ লাগি গ’ল । উশাহ-নিশাহ বন্ধ হোৱাৰ উপক্ৰম হ’ল । মাকে একে উশাহে দীঘলীয়া গালি এটাও দিলে । ‘‘তোৰ কাম-বন আছেনে নাই, হা ? বাচনমখা যে ধুবলৈ দিছিলো, শুনিছিলি কথা ? পালিনে এতিয়া মজাটো ? ফুলৰ লগত কথা পাতে ভেবেলী । ফুলে খুৱাব ?" 

কান্দি কান্দি চুনুৱে দমকলৰ পাৰত পৰি থকা বাচনবোৰ ফুটছাই লেটিওৱা সোপাটোৰে মাজিবলৈ ধৰিলে ৷ মাজি থকাৰ মাজতে নাকৰ সেঙুনসোঁতাও আঁঠুটোত মচি ল’লে । বাচন মাজি মাজিয়ে তাই বেলিলৈ চালে । " লিখ আকৌ "– বেলিয়ে গেৰিয়াই ক’লে । লগে লগে চুনুৱে ফুটছাই লেটিওৱা কাঁহী এখনৰ তলিত ‘অ’ টো লিখিলে । 'অ 'টোৰ চেহেৰা দেখি তাইৰ নিজৰেই হাঁহি উঠিল৷ তাইৰ ভনীয়েক গুণু তাইতকৈ এবছৰে সৰু । তথাপি কিমান জানে ! 'অ - আ - ক - খ’ ৰে একোখিলা কাগজ ভৰ্তি কৰি ভনীয়েকে লিখা নিজ চকুৰে দেখিছে চুনুৱে । সিমানেই নে ? তাইৰ ছাৰে তাইৰ বহীৰ মাৰ্জিনৰ বাহিৰত ৰঙা চিয়াঁহীৰে দুটা শূন্য লিখি তাৰ কাষত দুটা পকোৱা আখৰ লগাই দিছে । ছাৰে তেনেকুৱা আখৰ লিখিলে চুনুৱে মাককটো দেখুৱায়ে , জিলি মিলি চবকে দেখুৱায় । তাৰ মানে হেনো শুদ্ধ হোৱা বুজায় ৷

‘‘ ইমান ইমান পানী , গংগা ৰাণী

এইফালেদি যাম মই -ৰজাৰ আগত কৈ দিম

সেইফালেদি যাম মই -ৰাণীৰ আগত কৈ দিম ..."

সুৰ টানি টানি জলিহঁতৰ কৰ্দৈজোপাৰ তলত গুণুহঁতে খেলিছে ৷ ল’ৰা-ছোৱালীহঁতৰ হাঁহি- খিকিন্দালিৰ শব্দই বাচন মাজি থকা চুনুক আনমনা কৰি তুলিলে ৷ অলপ আগতে তাইক সিহঁতে ‘কলী-ভেবেলী-গাধী’ বুলি জোকাইছিল ৷ খং কৰি চুনুৱে যে সিহঁতৰ মাজৰ পৰা গুচি আহিছিল , সেই কথা এতিয়া তাই সমুলি পাহৰি গ’ল । তাই একেথৰে সিহঁতলৈ চাই থাকিল । ফুটছাই লেটিওৱা বাচনসোপা তাতেই কৰ্কৰীয়া লাগিল । তাৰ মাজৰ এখন কাঁহীৰ ওলোটা ফালটোক চুনুৱে লিখা আপচু ‘অ’টোৱে সাৱটি থাকিল ।

চিনাকি মধুৰ গোন্ধটোৱে চুনুৰ দুচকু মুদ খুৱাই দিলে । এটা দীঘল উশাহ টানি চুনুৱে গোন্ধটো বুকুত ভৰাই থ’লে আৰু গুটিবাইলৈ চালে । গুটিমালীয়ে তাইক হাত-বাউল দি মাতিলে । চুনু একেলৰে গুটিবাইৰ ওচৰ পালেগৈ । তাই পোনচাটেই গুটিমালীক সুধিলে –

‘‘ মোক কেইটামান প্ৰশ্নৰ উত্তৰ দিবিনে, গুটিবাই ? "

‘‘ দিমতো , কিয় নিদিম ? "

‘ জিলি-মিলি , দীপাংকৰ , প্ৰিয়ংকাহঁতে মোক কিয় পাত্তা নিদিয়ে ? মই ওচৰলৈ গ’লে কিয় লেই-লেই ছেই-ছেই কৰে ? "‘‘ মায়ে তহঁতৰ ইমান যত্ন লয় মোক কিয় অৱহেলা কৰে ? ’’

‘‘ আমাৰ যত্ন ল’লে তুমি বেয়া পোৱা নেকি ? ’’ গুটিমালীয়ে আহতৰ সুৰত সুধিলে ৷

‘‘ ইস , কিয় বেয়া পাম ? ভালহে পাওঁ ৷ মই কিবা তোমালোকক বেয়া পাওঁনে ? ’’ 

এইবাৰ তাই গহীনাই ক’লে -‘‘গুণুক মায়ে সদায় স্কুললৈ পঠিয়ায় ৷ মোক প্ৰায়ে ঘৰৰখীয়া কৰি মায়ে কামলৈ ওলাই যায় । গুণুৱে যে পঢ়িব লাগে , মই কি পঢ়িব নালাগে ? মই অকল ঘৰৰ কামহে কিয় কৰিব লাগে ? ’’ শেষৰ কথাখিনি কওঁতে চুনুৰ মাতটো জোখতকৈ বেছি ডাঙৰ হৈছিল ৷ চকুকেইটাও ডাঙৰ ডাঙৰ হৈছিল ।

‘‘খং কিয় কৰিছা তুমি ? তোমাৰ মাৰা নিৰক্ষৰ মহিলা ৷ সেয়ে তেওঁ কিছুমান কথা নুবুজে ৷ ’’–এইবাৰ বেলিয়ে মাত লগালে ।

‘‘ নিৰক্ষৰ মানে কি , বেলি ? ’’

‘‘ লিখা পঢ়া নজনা , স্কুললৈ নোযোৱা মানুহক নিৰক্ষৰ বুলি কয় ৷ "

" মা কামলৈ ওলাই গ’লে প্ৰায়ে মোৰ স্কুললৈ যোৱা নহয় । দিনটো ঘৰৰ কাম কৰিব লাগে । মই কি নিৰক্ষৰ হৈ নাযাম ? ময়ো দেখোন বহু কথাই নুবুজিম । মোৰ কি হ’ব বেলি ? ’’ চুনুৱে অস্থিৰভাৱে বেলিৰ গাটো লৰাবলৈ ধৰিলে ।

‘‘এই ৰ’বা , মোৰ পাহিবোৰ সৰিব এতিয়া ৷’’

‘‘ অ' আই , হয়োতো । পাহিবোৰ সৰিলে কেনে আপচু দেখাব বেলিজনীক ! "

‘‘ আই ঐ , মৰিলো ঐ ’’ – চুনুৰ মাকে চিঞৰিবলৈ ধৰিলে । হাত ভৰি খজুৱাই খজুৱাই মানুহজনী ৰঙা ছিঙা পৰি গ’ল ৷ চুনুৱে দেখিলে খজুৱাওঁতে খজুৱাওঁতে তাইৰ মাকৰ বগা ভৰি দুখনত এনেধৰণে আঁচ বহিছে , থিক যেনে আঁচ গুণুৰ হাতৰ আখৰৰ বহীত টনা আছে ৷ ওচৰৰ পৰা চাই চুনুৱে দেখিলে কেইডালমান আঁচৰ পৰা অলপ অলপ তেজো বিৰিঙিছে ৷ চুনুৱে অসহায়ভাবে বেলিলৈ চালে ৷ বেলিয়ে মাকলৈ চাই মিচিকিওৱা দেখি তাইৰ খং উঠিল ৷

‘‘ মাৰ এই অৱস্থা দেখি বৰ ৰং পাইছা তুমি ? বুজিলোঁ । তোমাৰ মনটো ভাল নহয় ৷ তুমিয়েই যীশুৰ বাণী মোক শুনোৱা নাছিলা জানো যে - পাপক ঘৃণা কৰিবা, পাপীক ঘৃণা নকৰিবা । ’’

" চোৱা চুুনু , বেলিয়ে তোমাৰ মাৰাক অকণো বেয়া নাপায় । আমিও নাপাওঁ।তোমাৰ প্ৰতি কৰা ৰুক্ষ ব্যৱহাৰৰ বাবে মাৰাক লঘু শাস্তি আমিয়ে দিলোঁ , যদিও মাৰা তোমাৰ পৰ নহয় ৷ তোমালোকৰ দেউতা ঢুকোৱাৰ পৰা মাৰাই সংসাৰৰ যোৰা মাৰিবলৈ কত কষ্ট কৰে ! তথাপি মালিকৰ পৰা সময়মতে পইচা নাপায় ৷ ইমান কষ্টকৈ বোৱা কাপোৰৰো কেতিয়াবা উচিত দাম নাপায় ৷ সেয়ে মানুহজনী টিঙিৰিতুলা হৈ থাকে । ' উৰহৰ খং ভগা ঢাৰিত জাৰে ' । বেলিহঁতক পানী খুৱাবলৈ আহোঁতে ময়ে গা ঘঁহাই দিলোঁ ৷ বেয়া নাপাবা ৷’’

চুনুৱে প্ৰথমতে ধৰিবই পৰা নাছিল কথাকেইষাৰ ক’ৰ পৰা আহিছিল । কেৱল কাণ থিয় কৰি শুনিহে আছিল । বেঙা মেলি ইফালে-সিফালে চাই দেখিলে নাৰ্জীভনীৰ কাষতে গজি উঠা চোৰাতভায়ে কথাখিনি কৈছে ৷

হিঃহিঃহিঃ হাঃ হাঃহাঃ

এজাক ল’ৰা-ছোৱালীৰ খিল্ খিল্ হাঁহিত চুনুৱে দমকলৰ পাৰলৈ চালে । মাকৰ শেঁতাপৰা মুখ আৰু আধাখোলা চাদৰখনলৈ চাই জিলি-মিলিহঁতে খিলখলাইছে ৷ চুনুৰ খংটো চুলিৰ আগলৈ চৰিল যেতিয়া ভনীয়েক গুণুকো সিহঁতজাকৰ মাজত দেখিলে ৷ গুণুক এচৰ সোধাবলৈ তাই খোজ লৰাইছিলহে মাথো এনেতে বেলিয়ে বাধা দি ক’লে – ‘‘ চুনু শাল এৰি হালত ধৰিলে হ’ব জানো ? এতিয়া তোমাৰ প্ৰথম আৰু প্ৰধান কাম হ’ব মাৰাৰ শুশ্ৰূষা কৰা ৷ ’’

‘‘ কেনে শুশ্ৰূষা বেলি ? ‘‘

‘‘ মাৰাক হাত ভৰি ঠাণ্ডাপানীৰে ধুবলৈ দিয়া । ’’

‘‘ তাৰ পাছত ? "

‘‘ তাৰ পাছত উখহা ঠাইবোৰত খাটি সৰিয়হৰ তেল লগাই দিবা । ’’

বেলিৰ উপদেশ শিৰত লৈ খৰখেদাকৈ চুনু যাবলৈ ওলাল ৷

‘‘ অ', ৰ’বা । আজি ৰাতিৰ সাজ পাৰিলে তুমিয়েই ৰান্ধিবা । ’’ 

" হ’ব " বুলি কৈ চুনু পিৰালি বাগিছাৰ পৰা ওলাই আহিল ।

বেলিয়ে কোৱা কথা আখৰে আখৰে পালন কৰি ৰাতি বিছনাত পৰাৰ লগে লগে চুনুক ভাগৰে হেঁচা মাৰি ধৰিলে ৷ মাকে তাইক বুকুৰ মাজলৈ চপাই ল’লে ৷

‘‘ উঠ চুনু , উঠ । গুণু স্কুললৈ যাবলৈ ওলালেই ।

আজিৰ পৰা দুয়ো বাই-ভনী সদায় স্কুললৈ যাবি ৷ দুয়ো মিলি মোক ঘৰুৱা কামত অলপ সহায়ো কৰিবি ৷ ’’ ৰংমনেৰে স্কুললৈ যোৱা চুনুক মাকে পদূলিলৈ আগবঢ়াই দিলে । বেলি, নাৰ্জী, গুটিমালীহঁতে তাইক হালি-জালি শুভকামনা জনালে ।


প্ৰীতিমণি দাস

প্ৰীতিমণি দাস

সহঃ শিক্ষয়িত্ৰী,

চম্পকনগৰ ছোৱালী মধ্য ইংৰাজী বিদ্যালয় |

শিক্ষাখণ্ড- ছয়গাঁও, কামৰূপ ।

Post a Comment

0 Comments