------উৰুকাৰ নিশা------
কৰ'ণা মহামাৰীত দেউতাক ঢুকোৱাৰ পিছত জিমিহঁতৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। মাকজনী শেতেলীৰ পৰা উঠিবই নোৱাৰে ৷ বিষ , বেমাৰে মানুহজনীক তেনেই কোঙা কৰি পেলাইছে । আজি দুই তিনি বছৰেই হ'ল পৰি থকা । দেউতাক ঢুকোৱাৰ পিছত ঘৰখনৰ দায়িত্ব পৰিছে বুঢ়ী আইতাকজনীৰ ওপৰত । বাপেক থাকোতে মিস্ত্ৰী কাম কৰি হ'লেও অন্ততঃ খোৱামুঠি ভালকৈ যোগাৰ কৰিছিল ৷ কিন্তু দেউতাক ঢুকোৱাৰ পিছত সিহঁতে খোৱাখিনিৰো চিন্তা কৰিব লগা হৈছে ৷ তিনিটাকৈ ল'ৰা-ছোৱালী , মাক আৰু আইতাকজনীৰে পাঁচোটি প্ৰাণীৰ খোৱা বোৱাৰ দায়িত্ব পৰিছে আইতাকৰ ওপৰত ৷ আইতাকে মাটিৰ বাচন তৈয়াৰ কৰি আৰু সেইবোৰ বিক্ৰী কৰি আজি এবছৰে সিহঁতৰ খোৱা-বোৱাৰ দায়িত্ব বহন কৰি আহিছে ৷
মাঘ বিহু আহিছে বুলি সকলোৰে উথপ্থপ্ লাগিছে । জিমিৰ আইতাকেও চাকি, ভুৰুকী , মালৈ , পাটচৰু , বেৰীয়া আদি ঘৰতে পাইকাৰী দৰত বিক্ৰী কৰি বিহু বুলি সকলো যা-যোগাৰ কৰিছে ।
ল’কডাউনৰ কাৰণে অনলাইন ক্লাছ কৰিব নোৱাৰাত ম’বাইল কিনিবলৈ বুলি যোৱা বছৰতে আইতাকে তাইক মাটিৰ বাচন বিক্ৰী কৰি ছাগলী পোৱালী দুটা আনি দিছিল । আইতাকৰ আশা - সিহঁত দুটা ডাঙৰ হ'লে বিক্ৰী কৰি পোৱা টকাৰে জিমিক এটা ম’বাইল কিনি দিব । সিহঁত এতিয়া বহুখিনি ডাঙৰ হ'ল । হয়তো এমাহমান পিছতেই সিহঁত দুটাক বিক্ৰী কৰিব পৰা হ'ব । জিমিয়ে সিহঁত দুটাক খুউব মৰমেৰে চোৱা-চিতা কৰে । ৰাতিপুৱা এৰাল দিয়াৰ পৰা সন্ধিয়া ঘৰ চপোৱালৈকে সিহঁতক চোৱাতো তাইৰে দায়িত্ব। তাই এইবাৰ অষ্টম শ্ৰেণীলৈ উঠিছে । পঢ়া-শুনাৰ লগতে তাই আইতাককো কিছু কামত সহায় কৰি দিয়ে ৷
উৰুকাৰ নিশা আটাই কেইটাই খাই বৈ শুইছে । জিমিৰ চকু লাগিছেহে মাথো , ঠিক তেতিয়াই ছাগলীৰ বেবনি শুনি তাইৰ টোপনি ভাগিল । তাই আইতাকক গাত ধৰি মাতিলে , " আইতা আইতা উঠাছোন , ছাগলী দুটাই কিয় বা ইমান বেবাইছে ! " তাইৰ মাতত আইতাকে সাৰ পাই ক’লে, “ গোহালিৰ বেৰখন তেনেই ভাগি গৈছে , সিহঁতে ঠাণ্ডা পাইছে হ’বলা , দুখনমান ঢকুৱা কাটি বেৰখনত টাপলি মাৰি দিব লাগিব। হ’ব দে এতিয়া শুই থাক । মই কাইলৈ তাৰ ব্যৱস্থা কৰিম ।” আইতাকৰ কথা শুনি জিমি শুই থাকিল ।
ৰাতিপুৱা শুই উঠি দৌৰাদৌৰিকৈ গৈ জিমিয়ে গোহালি ঘৰ পালেগৈ । গোহালি ঘৰ পাই তাই হতভম্ব হ'ল । তাইৰ ছাগলী দুটা নাই । তাই ’আইতা’, ’আইতা’ কৈ কান্দিবলৈ ধৰিলে । লগে লগে তাইৰ আইতাকে কোৱা কথা এষাৰলৈ মনত পৰিল ,-- “ উৰুকাৰ নিশা চুৰ কৰাটো এটা পৰম্পৰা ।” তাইৰ বুজিবলৈ বাকী নাথাকিল যে তাইৰ ছাগলী দুটা চোৰে নিছে । তাইৰ মনত ভাৱ হ’ল -- পৰম্পৰা ৰক্ষা কৰিবলৈ গৈ আনক দুখ দিয়াটো জানো উচিত কথা ? - কথাষাৰ ভাবি তাইৰ মনটো দুখ আৰু ক্ষোভেৰে ভৰি পৰিল । তাই আকৌ হাও হাও কৈ কান্দিবলৈ ধৰিলে। তাইৰ কান্দোন শুনি আইতাক উধাতু খাই লৱৰি আহিল ।
তাই কান্দি কান্দি আইতাকক ক'লে, “আইতা মানুহবোৰ কিয় ইমান নিষ্ঠুৰ আৰু স্বাৰ্থপৰ ? মানুহে সদায় নিজৰ সুখটোহে বিচাৰে । আনৰ দুখৰ কথা ভাবিবলৈ যেন কাৰো আহৰি নাই ।”
জিমিৰ কথা শুনি আইতাকৰ মুখৰ মাত হৰিল আৰু দুচকুৰে সৰসৰকৈ চকু পানী বাগৰিব ধৰিলে ।
লেখকৰ ঠিকনা:
চন্দনা হীৰা
বঙৰা পাছনীয়া পাৰা মজলীয়া বিদ্যালয় ।
শিক্ষাখণ্ড- ৰামপুৰ, কামৰূপ।
ফোন নং- ৭০০২৭৮৫৯২৩
0 Comments