header ads

কৌতূহল । Assamese Short Story by Hangshadhar Sharma

 কৌতূহল



                  " মা! মা ! চোৱাহিচোন আমাৰ ঘৰত কোন আহিছে ! " 

               ত্ৰিদিৱ ওচৰতে থকা জাতীয় বিদ্যালয়খনৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ । স্কুলৰপৰা আহোঁতে বাটতে খোজকাঢ়ি আহি থকা মহিলা এগৰাকী দেখিলে । ওখ-পাখ , মূৰত ওৰণি , গাত মেৰাই লোৱা চাদৰ খনৰ নীলা বহল তিনিসেৰীয়া পাৰি । আদহীয়া মহিলা , বহল মুখৰ , মুখত বয়সৰ আচোৰ পৰা । ত্ৰিদিৱে মহিলাগৰাকীৰ হাতত ধৰি আনি ঘৰৰ পদুলিৰ পৰা মাতৃক চিঞৰি মাতি তেনেদৰে কৈছে ।

            মহিলাগৰাকীয়ে একো বুজা নাই । হোজা মহিলা । ত্ৰিদিৱহতৰ ওচৰতে শালেদল গাঁও । ইছলাম ধৰ্মাৱলম্বী সম্প্ৰদায়ৰ গাঁৱৰ মহিলা । তেওঁ বৃদ্ধ পেঞ্চন নিবৰ বাবে বেংকলৈ আহিছে l 

          " মই একো বুজা নাই মাই বাপাটোৱে কি কৈছে , চাচোন মোক হাতত ধৰি কেনেকৈ টানি লৈ আনিছে ! " 'উমা' বুলি চুমা এটিৰে মৰম কৰি ক'লে, "বেয়া নাপাবি দে মাই মৰম লগা বাপাটো ।" লাহেকৈ হাতখনেৰে ত্ৰিদিৱৰ গালখন মচি দিলে ।

             ত্ৰিদিৱৰ চিঞৰত মাতৃ ঘৰৰ ভিতৰৰ পৰা ইতিমধ্যে বাহিৰলৈ আহি সকলো দেখিছে । তেওঁ বাৰন্দাতে পাৰি থোৱা চকীখন আগবঢ়াই কʼলে- " বহক আই । "

          " বাপাটোৱে কি কৈছে মাই ?" মহিলা গৰাকীয়ে সুধিলে l

         " কৈছোঁ ৰব আই । "  ত্ৰিদিৱৰ মাতৃ ঘৰৰ ভিতৰলৈ গ'ল । ত্ৰিদিৱেও মাতৃৰ লগে লগে ভিতৰলৈ গৈ মাকৰ কাণৰ কাষত ফুচফুচাই কʼলে- "এওঁ মাদাৰ টেৰেছা মা ।" 

             ত্ৰিদিৱৰ মাতৃয়ে এগিলাচ পানী আনি মহিলা গৰাকীক দিলে । মহিলা গৰাকীয়ে ঘোটঘোটকৈ পানী গিলাচ পি ক'লে -" উফ্ ! ভাগাৰ লাগছি মাই !"

           " চাহ খাব ৰʼব আই , অলপ জিৰাওক ।" ত্ৰিদিৱৰ মাতৃয়ে কলে l

             ত্ৰিদিৱে ঘৰৰ ভিতৰৰ পৰা কিতাপ এখন আনি তাত থকা ফটো এখন দেখুৱাই মহিলা গৰাকীক কলে- "এইটো তুমি নহয় ? "

            মহিলা গৰাকীয়ে দুৰ্বল চকুৰে নিৰিখি ফটোখন চালে । কিন্তু তেওঁ একো বুজি নাপালে । এনেতে ত্ৰিদিৱৰ মাতৃয়ে চাহ আনি মহিলা গৰাকীক দিলে ।

         " বাপাটোৱে কি কৈছে মাই ?" মহিলা গৰাকীয়ে পুনৰ সুধিলে ।

           ত্ৰিদিৱৰ মাতৃয়ে তেওঁক  মাদাৰ টেৰেছাৰ বিষয়ে আৰু তেওঁক যে তেনে দেখিছে বুজাই দিলে । মহিলাগৰাকী ভেবা লাগি চাই লাহেকৈ ক'লে -" চাৱে ধুনুটো !"

            ত্ৰিদিৱৰ কিন্তু কৌতূহলৰ ওৰ নপৰিল ।


হংসধৰ শৰ্মা

লেখকৰ ঠিকনা:

হংসধৰ শৰ্মা

অৱসৰপ্ৰাপ্ত অধ্যক্ষ

বৃন্দাবন উচ্চতৰ মাধ্যমিক বিদ্যালয়

কৰৰা শিক্ষাখণ্ড ।

Post a Comment

0 Comments