Labels

শকত ল'ৰাজন | Assamese Short Story by Nandan Pratim Thakuria

 শকত ল'ৰাজন

              ৰবীন এজন শকত ল'ৰা । তাক লগৰবোৰে শকত হোৱা কাৰণে প্ৰায়েই জোকাইছিল । এদিন সি এনেদৰে ফুৰি থাকোতে কেইজনমান ল'ৰাই ৰবীনক জোকাবলৈ ধৰিলে । সিহঁতে ক'লে যে- ৰবীন শকত আৰু সি কেতিয়াও ক্ষীণ হ'ব নোৱাৰে। এই কথা শুনি ৰবীনৰ বৰ খং উঠিছিল ; লগতে মনত দুখো পালে। সি মনে মনে প্ৰতিজ্ঞা কৰিলে যে সি সকলোকে ক্ষীণ হৈ দেখাব । সেয়ে সি ঘৰলৈ আহি সেই দিনাৰ পৰা নিয়মিত ব্যায়াম আৰম্ভ কৰিলে ।

             ৰবীনক বেছিকৈ জোকোৱা ল'ৰাজনৰ নাম আছিল ৰাজু । ৰবীনে যে ব্যায়াম কৰি খীণাবলৈ আৰম্ভ কৰিছে এই কথা ৰাজুৱে গম পাই  ৰবীনৰ ব্যায়ামত ব্যাঘাত জন্মাব খুজিলে । সেয়ে এদিন ৰবীনক ফাষ্ট ফুড খাবলৈ লগ ধৰিলে । ৰবীনে আকৌ খাই বৰ ভাল পাইছিল । সেয়ে ব্যায়ামৰ কথা পাহৰি ফাষ্ট ফুড খাবলৈ ৰাজুৰ সৈতে ওলাই গ'ল । তেনেকৈ কেইদিনমান ৰাজুৱে ৰবীনক খাবলৈ লগ ধৰি লৈ গৈছিল । এদিন খোৱাৰ পিছত ঘৰলৈ গৈ থাকোতে সেইকেইজন ল'ৰাই আকৌ ৰবীনক জোকাব ধৰিলে । তেতিয়া ৰবীনৰ মনত পৰিলে যে ৰাজুৱেও তাক জোকাইছিল । সি তাৰ ভুল বুজি পালে । সেয়ে সি আকৌ ব্যায়াম কৰিবলৈ আৰম্ভ কৰিলে ৷ পিছদিনা যেতিয়া ৰবীনক ৰাজুৱে  আকৌ লগ ধৰিলে, ৰবীনে তেতিয়া তাৰ কথাত গুৰুত্ব নিদিলে । তেতিয়া ৰাজুৱে ভাবিলে যে ইয়াক  ফাষ্ট ফুড খুৱাই শকত কৰিব নোৱাৰি । ইয়াৰ ব্যায়ামত ব্যাঘাত ঘটাব লাগিব । সেয়ে ৰাজুৱে ৰবীনক ক’লে- "এনেয়ে কিয় তুমি সময় নষ্ট কৰি আছা ?"

          ৰবীনে সুধিলে- " মই ক'ত সময় নষ্ট কৰিলোঁ ? " ৰাজুৱে ক'লে- "তুমি ভাত খোৱাৰ পিছতো ব্যায়াম কৰিবা "।

          ৰবীনে ক’লে- " তুমি ঠিকেই কৈছা ৰাজু ।" সি ঘৰত ভাত খোৱাৰ পিছত ব্যায়াম কৰিবলৈ ধৰিলে ।ফলত কেইদিনমান পাছত তাৰ অসুখ হ'ল । ৰবীনক হাস্পতাললৈ লৈ গ'ল । ডাক্তৰে ৰবীনক ভাত খাই উঠিয়েই ব্যায়াম কৰিবলৈ মানা কৰিলে । মাকেও ৰবীনক বুজালে যে- ভাত খোৱাৰ পিছত ব্যায়াম কৰিব নালাগে । ৰবীনে বুজি পালে আৰু ডাক্তৰ আৰু মাকে কোৱা নিয়মমতে ব্যায়াম কৰিবলৈ আৰম্ভ কৰিলে ।

          এনেদৰে প্ৰায় ছমাহমান পাৰ হ'ল । ৰবীনৰ আগৰ চৰ্বিবোৰ কমি সি সুন্দৰ-সুঠাম চেহেৰাৰ হৈ উঠিল । ৰাজুৰো এই ছমাহত মন সলনি হ’ল । সি অনুভৱ কৰিলে যে সি ৰবীনক বহুত জোকোৱা সত্বেও কিন্তু ৰবীনে তাক এদিনো বেয়াকৈ নক'লে আৰু নিজৰ কামবোৰ নিয়াৰিকৈ কৰি গৈ থাকিল । সেয়ে ৰাজু বহুত অনুতপ্ত হ'ল আৰু ৰবীনৰ ওচৰত ক্ষমা বিচাৰিলে । ৰবীন খুব ভাল ল'ৰা আছিল । সেয়ে ৰাজুৰ কথাবোৰ ধৰি নাথাকিল আৰু দুয়োজন আগৰ দৰেই নলে - গলে লগা বন্ধু হৈ থাকিল । লগতে দুয়োজনেই আবেলি সময়ত সুন্দৰকৈ ব্যায়াম কৰিবলৈ ল'লে আৰু দুয়োজনেই সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হৈ থাকিল ।

লেখকৰ ঠিকনা:

নন্দন প্ৰতীম ঠাকুৰীয়া ।

ষষ্ঠ শ্ৰেণী ।

বঙৰা পাছনীয়া পাৰা মজলীয়া বিদ্যালয় ।

ৰামপুৰ শিক্ষাখণ্ড।

Post a Comment

0 Comments