header ads

ভ্ৰমণ কাহিনী- ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী সূৰ্য পাহাৰত এভূমুকি |

 ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী সূৰ্য পাহাৰত এভূমুকি


             বহুদিনৰ পৰাই মনত এটি আশা পুহি ৰাখিছিলোঁ শ্ৰী শ্ৰীসূৰ্য মন্দিৰ দৰ্শন কৰাৰ ৷ যোৱা বছৰেই যাম বুলি ভাবিছিলোঁ যদিও ক’ভিডকালীন তলাবন্ধৰ বাবে তেতিয়া আৰু যোৱা নহ'ল । এতিয়া ল'ৰাৰো পৰীক্ষা শেষ , মোৰো স্কুলৰ পৰীক্ষা শেষ হ’ল যেতিয়া মই আৰু মোৰ মানুহজনে আলোচনা কৰি ইংৰাজী ২৩/০৩/২০২২ তাৰিখ বুধবাৰৰ দিনাখনেই ইমানদিনে মনত পুহি ৰখা আশাকণ পূৰণ কৰিবলৈ ঠিৰাং কৰিলোঁ । কথা মতেই কাম । শাহুমাকো জনালোঁ । শাহুমাৰ লগতে মই , মোৰ স্বামী আৰু আমাৰ একমাত্ৰ পুত্ৰ , আমি আটায়ে ৰাতিপুৱা প্ৰাতঃ কৰ্মখিনি সমাপন কৰি কিবা অলপ খাই ব্যক্তিগত বাহনখনেৰে ৰাতিপুৱা প্ৰায় ৮ বজাত গন্তব্যস্থানলৈ বুলি ৰাওনা হ'লো ৷ দুপৰীয়া খাবলৈ বুলি ৰুটি-ঘুগুনী অলপো বনাই ল’লোঁ , যদিও বাটত বহুতো ৰেস্তোৰাঁ , ধাবা আদি আছে ।

          আগতেও মই স্কুলৰ প্ৰশিক্ষণৰ বাবে বকোৰ J.N College লৈ প্ৰায় ২০ দিনমান গৈছিলোঁ । এই বাটটো মোৰ বৰ প্ৰিয় । ছয়গাঁও পাৰ হোৱাৰ পিছতে ৰাস্তাৰ দুয়োকাষে থকা শাল , চেগুন , দেৱদাৰু আদি গছবোৰে যাত্ৰাটো অধিক মায়াময় কৰি তোলে । আমি যেতিয়া প্ৰশিক্ষণলৈ গৈছিলোঁ , সেই সময়ত ৰাস্তাৰ দুয়োকাষে সোণাৰু আৰু কৃষ্ণচূড়া ফুলি আছিল । চালে চকুৰোৱা পথটো পাৰ হৈ কেতিয়ানো ক’লেজখনত গৈ উপস্থিত হৈছিলোঁ গমেই পোৱা নাছিলোঁ ৷ এতিয়া চ'ত মাহ , প্ৰায়বোৰ গছৰ পাত সৰি আছে আৰু কিছু কিছু গছত কুঁহিপাত মেলিছে । বতৰো বৰ শুকান ৷ কিন্তু গছবোৰৰ সৰাপাতে যেতিয়া চলি থকা গাড়ীখন চুই গৈছিল তেতিয়া অন্য এক মাদকতা অনুভৱ কৰিছিলোঁ ।

         বকো , ৰাজাপাৰা , ধূপধৰা , কৃষ্ণাই আৰু দুধনৈৰ বাটৰ দুয়োকাষে গছবোৰ আৰু দুই এখন বজাৰ পাৰ হৈ আমি আগবাঢ়ি গৈ আছোঁ । দুধনৈৰ পৰা মৰনৈ হৈ ২৫ কি.মি. বাট অতিক্ৰম কৰিয়েই আমি আমাৰ গন্তব্য স্থানত উপস্থিত হ’লোগৈ । মৰনৈৰ সেই পথত শাৰী শাৰী গছবোৰে যিধৰণে শোভা বঢ়াইছিল , পথৰ দাঁতিৰ অনামী বেগুনীয়া ফুলবোৰে সেই শোভা দুগুণে বঢ়াইছিল । এই পথেৰে কিছুদূৰ পাৰ হৈ আমি গোৱালপাৰা সৈনিক স্কুল পাইছিলোঁ । সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা সৈনিক স্কুলখন দেখি ভাল লাগি গ'ল । যদিও স্কুলৰ ভিতৰলৈ নগলোঁ স্মৃতিৰ পটত সাঁচি ৰাখিবলৈ বাহিৰৰ পৰাই স্কুলখনৰ ফ’টো তুলি ললোঁ ৷

          গুৱাহাটীৰ পৰা ১৩৩ কি.মি. পথ অতিক্ৰম কৰি আমি দুপৰীয়া প্ৰায় ১১.৪৫ বজাত শ্ৰী শ্ৰীসূৰ্য পাহাৰৰ প্ৰৱেশদ্বাৰত উপস্থিত হ'লোঁঁ । তোৰণখনেৰে প্ৰৱেশ কৰিয়েই এক স্বৰ্গীয় অনুভূতিৰ পৰশ পালোঁ । তোৰণখন পাৰ হৈ শাৰী শাৰী গছ আৰু তলত শুকান সোণোৱালী সৰাপাতৰ দলিছা , এক বুজাব নোৱাৰা অনুভূতি । সেই অনুভূতিখিনি পুনৰ কেতিয়াবা অনুভৱ কৰিবলৈ কেমেৰাৰে ভিডিঅ’ কৰি ললোঁ ৷ সোমায়েই সোঁফালে এখন প্ৰকাণ্ড ফিল্ডত গাড়ীখন পাৰ্ক কৰি থলোঁ । তাৰ বাবদ ১০০ টকা দিবলগীয়া হ'ল । তাতে আমি শ শ বান্দৰ দেখিবলৈ পালোঁ । যাত্ৰী সকলে খাবলৈ দিছে বাবে জাকে জাকে বান্দৰ আহিছে ৷ সিহঁতৰ খেল-ধেমালি আৰু চাৰ্কাচ কিছুসময় উপভোগ কৰিলোঁ , লগতে কিছু স্থিৰচিত্ৰ আৰু কিছু ভিডিঅ' কৰি ললোঁ ৷ তাৰ পিছত আমি আটায়ে মন্দিৰ অভিমুখে আগবাঢ়িলোঁঁ । আচলতে পাহাৰখন কিমান ডাঙৰ তাক অনুমান কৰা কঠিন ৷ মন্দিৰৰ পুৰোহিত এজনৰ পৰা জানিব পাৰিলোঁ যে গোটেইখন পাহাৰ চাব বিচাৰিলে তিনিদিনমান লাগিব ।

          অ' মই পাহৰিছিলোঁ , প্ৰৱেশদ্বাৰেদি সোমাই আহোঁতে বাওঁফালে এটি সংগ্ৰহালয় আছে । পিছে সংগ্ৰহালয়টো আমি দৰ্শন কৰিব নোৱাৰিলোঁ । ক’ভিডৰ সময়ৰ পৰা সেইটো বন্ধ হৈ আছে । এই সংগ্ৰহালয়টো কেন্দ্ৰীয় চৰকাৰে পৰিচালনা কৰে বুলি পুৰোহিত জনৰ পৰা জানিব পাৰিলোঁ । পুৰাতত্ব বিভাগে পাহাৰখন খনন কৰোঁতে পোৱা বিভিন্ন বস্তু ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে । সংগ্ৰহালয়টো দৰ্শন কৰিব পাৰিলে আৰু কিছু কথা জানিব পাৰিলোহেঁতেন । সংগ্ৰহালয়টো চোৱাৰ হেঁপাহ মনতে থাকি গ'ল ।

           আমি যোৱাৰ দিনা মন্দিৰত যাত্ৰীৰ বৰ বেছি ভিৰ নাছিল ৷ মৰিগাঁৱৰ পৰা এখন বাছেৰে কিছুসংখ্যক লোক আহিছিল ৷ গুৱাহাটীৰ পৰাও কিছু লোক গৈছিল আৰু দুই এক ওচৰৰ গাঁৱৰ পৰা গৈছিল । জানিব পাৰিলোঁ যে ইয়াত মাঘ মাহত চাৰিদিনীয়া মেলা অনুষ্ঠিত হয় ৷ তেতিয়া ইয়াত অগণন ভক্তৰ সমাৱেশ ঘটে ৷ দূৰণিবটীয়া যাত্ৰীৰ বাবে ৰাতি থকাৰ ব্যৱস্থাও আছে । লগত খোৱা বস্তু লৈ গ'লে ৰান্ধি খাব পৰা ব্যৱস্থাও আছে। তাৰ বাবদ কিবা টকা-পইচা দিব লাগে নে নালাগে অৱশ্যে সেইটো সোধা নহ'ল বাবে নাজানিলোঁ । শীতকালত বহুতো লোক ইয়ালৈ বনভোজ খাবলৈও আহে । যাত্ৰীৰ বাবে সুন্দৰ জিৰণি চ'ৰা আছে ৷ প্ৰস্ৰাৱগাৰ আৰু শৌচালয়ৰো সু-ব্যৱস্থা আছে । এই সমূহ ব্যৱহাৰ কৰিলে দুটকা দিব লাগে ।

           গাড়ীখন থৈ আমি কিছুদূৰ আহি কাঠৰ সৰু টেবুল লৈ ধূপ-চাকি, ফুল আদি বিক্ৰী কৰি থকা দুগৰাকী হাঁহিমুখীয়া বাইদেউক লগ পালোঁ ৷ তেওঁলোকৰ হাতত বাঁহৰ লাঠী দুডালমান আছে । পূজা সামগ্ৰী লৈ মন্দিৰলৈ যাওঁতে বান্দৰে দিগদাৰী কৰে বাবে যাত্ৰীসকলৰ হাতত একোডাল লাঠি দি পঠিয়ায় বা তেওঁলোকে নিজেও আগবঢ়াই দি আহেগৈ । আমাকো বৰ মৰমেৰে আগবঢ়াই দিব লাগিব নেকি সুধিছিল । আমি তেওঁলোকক ধন্যবাদ জনাই নালাগে বুলি ক'লো আৰু এডাল লাঠি তেওঁলোকৰ পৰা মোৰ মানুহজনে হাতত ল'লে আৰু আমি তেওঁৰ কাষে কাষে আগবাঢ়িলোঁঁ ৷ বাওঁফালে আছে শ্ৰী শ্ৰীসূৰ্য্য মন্দিৰ , যাৰ নামেৰেই পাহাৰখনৰ নাম শ্ৰী শ্ৰীসূৰ্য্য পাহাৰ । প্ৰায় ৬০ বছৰমান আগতে খনন কৰোঁতে বিশাল পৰিধিৰ এক এলেকাত শ্ৰী শ্ৰীসূৰ্য্যৰ শিলত খোদিত মূৰ্ত্তিটো উদ্ধাৰ হৈছিল । বৰ্তমান সেই মূৰ্ত্তিটো নতুনকৈ সজাই মন্দিৰত প্ৰতিষ্ঠা কৰা হৈছে । এটা ঘূৰণীয়া শিলত খোদিত কৰা আছে এই সূৰ্য্যৰ মূৰ্ত্তিটো ৷ মূৰ্তিটো উদ্ধাৰ হোৱা ঠাইৰ এক বিশাল এলেকা প্ৰাচীন প্ৰাচীৰেৰে আৱৰি আছে । অতিকৈ মজবুত বৰ্তমানৰ হিচাপত প্ৰায় তিনিখন মান দেৱাল লগ লাগিলে যিমান বহল হব সিমান বহল সেই প্ৰাচীৰৰ প্ৰস্থ । কিন্তু কিমান প্ৰাচীন সেই ধ্বংসাৱশেষ , সেই বিষয়ে সবিশেষ নাজানিলোঁ । হয়তো লিপি আৱিষ্কাৰৰ বহু আগেতেই নিৰ্মাণ কৰা হৈছিল । আমি মন্দিৰত ধূপ-চাকি জ্বলালোঁ , পুৰোহিতজনে আমাক অতি সুন্দৰকৈ আশীৰ্বাদ নিৰ্মালি দিলে ৷ মনটো কিবা এটা ভাল লাগি গ'ল ৷ মন্দিৰৰ পৰা ওলাই সোঁফালে এটি শিৱ মন্দিৰ দৰ্শন কৰিলোঁ । এই পাহাৰখনত সিঁচৰিত হৈ আছে ৯৯৯৯ টা শিৱলিঙ্গ । আমি তাৰে মাত্ৰ কিছুসংখ্যকহে দৰ্শন কৰিলোঁ । পাহাৰৰ ওখ ওখ শিলসমূহৰ গাতে লাগি থকা গছসমূহ আৰু তাৰ সৌন্দৰ্যই বৰকৈ মোহিত কৰিলে । প্ৰকাণ্ড প্রকাণ্ড গছৰ শিপাবোৰক আলিংগন কৰি থকা দৃশ্যও অতিকৈ মনোমোহা ।

এইবাৰ আমি পুনৰ বাইদেউ কেইজনীৰ ওচৰলৈ আহি তেওঁলোকৰ পৰা ধূপ-চাকি লৈ বিষ্ণু মন্দিৰলৈ বুলি ওলালোঁ । কেইটামান খটখটী বগাই বিষ্ণু মন্দিৰ পালোঁ । বাওঁফালে তাৰ পৰা কিছু ওপৰলৈ হনুমান মন্দিৰ এটাও আছে । তালৈ আমাৰ যোৱা নহ'ল ৷ বিষ্ণু মন্দিৰত সোমায়েই তাৰ পুৰোহিত জনৰ ব্যৱহাৰত অতিকৈ মুগ্ধ হৈ পৰিলোঁ । মন্দিৰত প্ৰৱেশ কৰিয়ে কিবা এক প্ৰশান্তি অনুভৱ কৰিলোঁ । প্ৰবাদ অনুসৰি এই মন্দিৰত লক্ষ্মী দেৱীয়ে বিষ্ণুক উপাসনা কৰিছিল ৷ মন্দিৰৰ পৰা তললৈ সোঁফালে গৈ এটি সৰোবৰ আছে ৷ তাৰ পৰাই পদুমফুল আনি দেৱীয়ে বিষ্ণুক পূজা কৰিছিল । বৰ্তমান এই সৰোবৰত Boating ৰ সু-ব্যৱস্থা আছে । ওচৰতে থকা টিকট ঘৰৰ পৰা টিকট কাটি লৈ Boating কৰিব পাৰি ৷ Life Jacket ৰো সু-ব্যৱস্থা আছে ।

       এবাৰ দেৱীয়ে বিষ্ণুক হেনো প্ৰশ্ন কৰিছিল কেনেকৈ তেওঁ এই বিশাল জগতখন সৃষ্টি কৰিছিল বুলি । তেতিয়া বিষ্ণুৱে দেৱীক জনাইছিল যে শিৱইহে তেওঁক এই সৃষ্টি কাৰ্যত সহায় কৰিছিল । সেয়ে শিৱক আৰাধনা কৰিবলৈ বিষ্ণুৱে দেৱীক কৈছিল আৰু দেৱীয়ে ১০৮ টা বেলপাতেৰে আহুতি দি শিৱৰ যজ্ঞ এই স্থানতে আৰম্ভ কৰিছিল । এই মন্দিৰত যিটো যজ্ঞকুণ্ড আছে সেইটো হেনো সত্য-দ্বাপৰ যুগৰ মাজভাগৰ পৰাই বৰ্তমানলৈ জ্বলি আছে । প্ৰায় সাত ফুট মান দ এই যজ্ঞ কুণ্ড ৷ কথিত আছে যে , লক্ষ্মীয়ে যজ্ঞ কৰি থাকোতে শিৱই এটি বেলপাত নোহোৱা কৰি দিছিল । তেতিয়া লক্ষ্মীয়ে নিজ অংগৰে সেই যজ্ঞত আহুতি দিব খুজিছিল । এই আটাইবোৰ কথা পুৰোহিত জনে আমাৰ আগত অতি মনোমোহাকৈ বৰ্ণনা কৰি গৈছিল আৰু আমি একান্ত মনে তেওঁৰ কথাখিনি শুনি আছিলোঁ । সেইদিনা অতিপাত গৰম আছিল । ঘামত তিতি আমি গা ধোৱাৰ দৰে হৈছিলোঁ । এনে লাগিছিল যেন যজ্ঞত বহাৰ আগেয়ে মন্দিৰত প্ৰভুৱে আমাক পুনৰবাৰ স্নান কৰাই শুদ্ধ কৰি লৈছিল ৷ পুৰোহিতজনে যজ্ঞকুণ্ডত আমাৰ হৈ পূজা কৰি সুন্দৰকৈ আশীৰ্বাদ , নিৰ্মালি দি আমাক আকাশীগঙ্গা দৰ্শন কৰিবলৈ কৈ দৰ্শনৰ পিছত আমাক পুনৰ লগ পাম বুলি ক'লে ৷

         এইবাৰ আমি সৰোবৰৰ ফালে আগবাঢ়িলোঁ । আন এক মনোমোহা দৃশ্য ৷ কিছুদূৰ গৈ দেখিলোঁ পাহাৰৰ শিলসমূহত বহুতো শিৱলিঙ্গ । টিলা এটাত উঠি গৈ আকাশীগংগা বুলি লিখা দেখা পাই তালৈ আগবাঢ়িলোঁ । দুটা প্রকাণ্ড শিলৰ ফাঁকৰ মাজত এটি সৰু ফাঁক মানে গুহা ৷ সেইফালে প্ৰৱেশ কৰি দেখিলোঁ গুহাৰ ভিতৰত শিৱৰ ফটো আৰু পূজাৰ সামগ্ৰী ৷ গুহাৰ বাহিৰফালে থিয় হৈ পাহাৰখনৰ এক অপৰূপ সৌন্দৰ্য উপভোগ কৰি অহা বাটে তললৈ নামি আহিলোঁ । তাত বহু দৰ্শনাৰ্থীয়ে ভিৰ কৰি থকা দেখি তাত সোমোৱা ন'হল । তাতো আঁতৰৰ পৰাই শিলত খোদিত সৰু বৰ বহুতো শিৱলিঙ্গ দেখিবলৈ পালোঁ । আচলতে প্ৰচণ্ড ৰ'দত খোজ কাঢ়ি কাঢ়ি আমি ভাগৰি পৰিছিলোঁ , সেয়ে আমি উভতিব খুজিছিলোঁ । ওভতাৰ সময়ত বিষ্ণু মন্দিৰৰ পুৰোহিত জনক এবাৰ লগ কৰি যাবলৈ কোৱাত তেওঁক মাত এষাৰ লগাবলৈ গ'লো । তেওঁ ক'লে যে যদি আমাৰ শৰীৰে অনুমতি দিয়ে তেন্তে তেওঁ এই ঐতিহ্যমণ্ডিত পাহাৰখনৰ আৰু কিছু অংশ আমাক দেখুৱাব বিচাৰে ৷ তেতিয়া দিনৰ দুই বাজিছিল , প্ৰায় দুঘণ্টা সময় পাহাৰ বগাই গৰমত আমি আটায়ে ভাগৰুৱা হৈ পৰিছিলোঁ । বিশেষকৈ মোৰ ল'ৰাটোৰ খোজ কাঢ়িবলৈ আৰু যেন শক্তি নোহোৱা হৈ আহিছিল , অলপ অলপ ভোকো লাগিছিল তাৰ । পিছে মোৰহে উভতিবলৈ মন যোৱা নাছিল । মোৰ কথা এৰাব নোৱাৰি পুনৰ আটায়ে খোজ লৈছিলো ৷ মই ইতিমধ্যেই উল্লেখ কৰি অহা পুৰোহিতজনে আমাক সূৰ্য মন্দিৰৰ মূৰ্তি উদ্ধাৰ হোৱা ঠাইখনলৈ লৈ গৈছিল ।

         
       তাৰ পিছত তেখেতে আমাক বৌদ্ধ স্তূপ এটা দেখুৱাইছিল । যদিও বৌদ্ধ স্তূপ বুলি লিখা আছে তেখেতে ক’লে যে সেয়া আচলতে ধনকুবেৰ ৷ পাহাৰখনত থকা সম্পদসমূহৰ ৰখীয়া কুবেৰ । প্ৰকাণ্ড ঘূৰণীয়া আকৃতিৰ শিলটোৰ তলৰ অংশত থকা পদুমৰ পাহি দেখুৱাই তেওঁ ক'লে যে স্তূপত যিহেতু পদুম খোদিত নাথাকে , সেয়ে এইয়া কুবেৰহে ৷ কিছুদূৰ ওপৰলৈ উঠি গৈ দেখিলোঁ শিলৰ ফাঁকৰ মাজত এটি কুণ্ড । তাৰ পৰা আৰু অলপ ওপৰলৈ গৈ এটি গুহাত প্ৰবেশ কৰিলোঁ । তাত বাওঁফালে এটি ফেঁচা খোদিত আছে । সোঁফালে দুজনা জৈন দিগম্বৰ গুৰুৰ মূৰ্তি খোদিত আছে । এই মূৰ্তি দুটা উদ্ধাৰ হোৱাৰ পিছত ভাৰতবৰ্ষৰ জৈন ধৰ্মাৱলম্বী লোকসকল আহি পাহাৰখনৰ প্ৰায় ২০ বিঘা মাটি তেওঁলোকৰ দখললৈ লৈ ল'লে । সোঁফালে দিগম্বৰ মূৰ্তি দুটাৰ কাষত এখন তৰোৱাল খোদিত কৰা আছে । তাৰ পৰা কিছু ভিতৰলৈ সোমাই গৈ বিষ্ণুৰ কুৰ্ম অৱতাৰ ৰূপী এক শিলাখণ্ড ৷ তাৰ অলপ ভিতৰত গণেশৰ আকৃতিৰ আন এক শিলাখণ্ড , গুহাৰ ভিতৰফালে অন্য এক ঘঁৰিয়াল সদৃশ শিলাখণ্ডও দেখিবলৈ পালোঁ । অৱশ্যে দূৰৈৰ পৰা দেখা বাবে অনুমান কৰিব নোৱাৰিলোঁ প্ৰকৃততে সেই শিলাখণ্ডটোনো কি ?

        আমি তাৰ পৰা তললৈ নামি আহিলোঁ । বাটত পুৰোহিতজনে ক'লে যে প্ৰায় ৩৭৭ টা মান খটখটি বগাই গ'লে  বৌদ্ধ মন্দিৰ এটি পোৱা যায় ৷ পাহাৰৰ কিছু ওপৰলৈ কামাখ্যা মন্দিৰ এটাও আছে । তাত থকা গছবোৰ হেনো মানুহৰ আকৃতিৰ । তেতিয়া বিয়লি তিনি বাজিছিল । ইতিমধ্যে আমি আটাইয়ে গৰমত খোজ কাঢ়ি কাঢ়ি ভাগৰি পৰিছিলোঁ । ভোক-পিয়াহ আৰু ভাগৰে হেঁচি ধৰিছিল । সেয়ে আকৌ কেতিয়াবা আহিলে বাকীখিনি দৰ্শন কৰিম বুলি কৈ পুৰোহিতজনৰ পৰা বিদায় ল'লোঁ আমি । বতৰটো ঠাণ্ডা হোৱাহেঁতেন আৰু কিছু সোনকালে আহি পোৱা হ'লে এই পাহাৰখনৰ আৰু কিছু অংশ দৰ্শন কৰিব পাৰিলোহেঁতেন ৷ পুৰোহিত জনৰ পৰা বিদায় লৈ আমি গাড়ীখনলৈ আহি লগত লৈ যোৱা ৰুটি ভাজি খাই ললোঁ ।

          এই পাহাৰখন বিভিন্ন বনৌষধিৰে ভৰি আছে । বিভিন্ন আপুৰুগীয়া চৰাই-চিৰিকতি , জীৱ-জন্তুৰ আবাসস্থলী এই পাহাৰ । ইয়াত উদ্ধাৰ হোৱা আয়ুৰ্বেদ শাস্ত্ৰখন বৰ্তমান চৰকাৰৰ হাতত আছে বুলি পুৰোহিতজনৰ পৰাই জানিব পাৰিলোঁ । অলপতে লুপ্তপ্ৰায় বনৰৌ দুটা চোৰাং চিকাৰীয়ে কেবালাখ টকাত বিক্ৰী কৰিব লওঁতে ধৰা পেলাই চৰকাৰে এই পাহাৰতে এৰি দিয়ে বুলিও জানিব পাৰিলোঁ ।

          আচলতে অতি কম সময়ত এই পাহাৰখনৰ যি কিঞ্চিত অংশ দৰ্শন কৰিলোঁ তাৰ পৰাই ধাৰণা হয় যে ভিন্ন ধৰ্মৰ মহামিলনৰ মিলনভূমি এক বিশাল ঐতিহ্যৰে মহিমামণ্ডিত এই শ্ৰী শ্ৰীসূৰ্য পাহাৰ ৷ বিস্তৃতভাৱে কৰা গৱেষণা আৰু খনন কার্যই হয়তো এই বিশাল পাহাৰখনৰ বুকুত অন্তৰ্নিহিত হৈ থকা আৰু বহুতো ৰহস্যভেদী ন ন তথ্য উদ্ঘাটনত সহায় কৰিব । সন্ধিয়া নামি অহাৰ আগে আগে সূৰ্য পাহাৰৰ সজীৱ স্মৃতিৰ টোপোলা কঢ়িয়াই আমি ঘৰলৈ বুলি ওভতনি যাত্ৰা আৰম্ভ কৰিলোঁ ৷ বহুদিনীয়া আশা এটা পূৰণ হোৱাৰ আনন্দত আমাৰ মন-প্ৰাণ পুলকিত হৈ উঠিল ।


লেখকৰ ঠিকনা:

বৰ্ণালী দাস ।

সহ: শিক্ষয়িত্ৰী ,

বঙৰা পাছনীয়াপাৰা মজলীয়া বিদ্যালয়।

ৰামপুৰ শিক্ষাখণ্ড।

Post a Comment

0 Comments