header ads

ড° বাণীকান্ত কাকতিৰ শিশুসাহিত্য 'পখিলা' : এটি পৰ্যালোচনা l Assamese Article by Krishna Kalita

 ড° বাণীকান্ত কাকতিৰ শিশুসাহিত্য 'পখিলা' : এটি পৰ্যালোচনা 


              অসমীয়া ভাষা-সাহিত্যৰ অন্যতম সাধক ড° বাণীকান্ত কাকতিৰদ্বাৰা ৰচিত 'পখিলা' শিশুসকলৰ বাবে ৰচিত এক উল্লেখযোগ্য গ্ৰন্থ । 'পখিলা' পুথিখনি শিশু-সাহিত্য যদিও ই প্ৰকৃততে শৈশৱতে শিশুক যোগাব পৰা জ্ঞানৰ ভাণ্ডাৰহে । বাৰটা সাধু সম্বলিত পুথিখনৰ প্ৰথম সাধুটোৱেই পখিলাৰ ওপৰত ৰচিত । লেখকে গল্পৰ চলেৰে শিশুৰ মনৰ আকাংক্ষাক ক্ৰমাৎ উচ্চস্তৰলৈ তুলিব বিচাৰিছে । পখিলাবোৰে সদায় ওপৰলৈ উৰাৰ দৰে শিশুসকলক প্ৰগতিকামী হ'বৰ বাবে ডাঙৰ চানেকি , ডাঙৰ ভাৱ আৰু ডাঙৰ কামৰ মাজত বিচৰণ কৰি ফুৰিবলৈ উপদেশ দিছে । সেয়েহে তেখেতে লিখিছে ,  " জগতত ডাঙৰ চানেকি, ডাঙৰ ভাৱ , ডাঙৰ কাম – এইবোৰেই ফুলৰ নিচিনা । সেইবোৰৰ সোৱাদ লোৱাত যদি মন বুৰাই ৰাখিব পাৰা ;  চাবা , তোমালোকৰ মনো সেই চানেকি, ভাৱ আৰু কামৰ অনুৰূপ তেজাল হ'ব । "  

আৰু তেখেতে কৈছে , "তোমালোকৰ মনৰপৰা বহুমূলীয়া জ্ঞানৰ লগতে অমূল্য গ্ৰন্থ, আৱিষ্কাৰ, উদ্ভাৱনাৰ নতুন কৌশল ওলাব ।" (পখিলা, পৃষ্ঠা: ২)

          শিশুৰ মন কল্পনাবিলাসী । সৰু সৰু ঘটনা একোটাৰ আলম লৈয়ে শিশুৱে সপোন ৰাজ্য এখনৰ কল্পনা কৰে, য'ত প্ৰতিটো বস্তুৱেই সুন্দৰ আৰু সকলো কথাই সম্ভৱ । 'সোণালী পৰশ' সাধুটোত সেইবাবেই লিডিয়াৰ ৰজা মাইদাচে বেকাচ দেৱতাৰ বৰত সোণালী পৰশ পালে । মাইদাচৰ স্পৰ্শত গছৰ ঠানি ফুলজাৰি হোৱা, শিল গুচি সোণৰ হীৰা হোৱা, আপেল গুচি সোণৰ লাড়ু, মদৰ ঠাইত হালধীয়া জুলীয়া বাখৰ, মঙহৰ ঠাইত সোণৰ গুলি, গাৰুৰ ঠাইত সোণৰ পাথৰ আৰু নৰম কাপোৰৰ ঠাইত সোণৰ পাত হোৱা অলৌকিক বৰ্ণনাই শিশুৰ কল্পনাবিলাসী মনক 'সোণৰ গছ ৰূপৰ পাত'ৰ দেশলৈ লৈ যায় ।

         বাণীকান্ত কাকতিদেৱৰ 'পখিলা'ৰ কেতবোৰ সাধুত যাদু-মন্ত্ৰেৰে অসাধ্য সাধন কৰাৰ নিদৰ্শনো পোৱা যায় । উদাহৰণস্বৰূপে তলৰ কথাখিনি বিবেচনা কৰিব পাৰি ―

"আইচিচ দেৱী যাদুকৰী আছিল । তেওঁ যাদুকৰী শক্তিৰে অলৌকিক ঘটনা ঘটাব পাৰিছিল ।" (নাম- মাহাত্ম্য, পৃষ্ঠা–৫) । আকৌ, " আইচিচে থু পৰা মাটিখিনি বুটলি ল'লে । সেই মাটিখিনি মাৰি লৈ তেওঁ এপাট যাঠি সাজিলে । পিছত যাঠিপাট জুইত পুৰিলে । জুইৰ সেকত যাঠিপাট বিষধৰ সৰ্প হ'ল । আইচিচে সেই সাপডাল ৰা' দেৱতাই সচৰাচৰ অহা-যোৱা কৰা বাটত থৈ দিলে । আইচিচৰ বাজে কোনেও সাপডাল নেদেখে ।" (নাম-মাহাত্ম্য, পৃষ্ঠা–৫)

           মন্ত্ৰৰ বলেৰেই দেৱী আইচিচে মৃত্যু হোৱা ৰা' দেৱতাক পুনৰ জীৱন্ত কৰি তুলিছে । সাধুৰ চলেৰে ধৰ্মীয়-জ্ঞান দিব বিচৰা বাণীকান্ত কাকতিদেৱে 'পখিলা'ৰ নামকৰণ প্ৰসঙ্গত হিন্দু দেৱতা ব্ৰহ্মাক সাঙুৰি লৈছে ― "আগৰ দিনত আমাক বুলিছিল প্ৰজাপতি । হিন্দুৰ প্ৰধান দেৱতা ব্ৰহ্মাৰ নামো প্ৰজাপতি । কিয়, ক'ব পাৰানে ? অনন্ত-শয়নত নাৰায়ণ দেৱতা শুই থাকোঁতে তেওঁৰ নাইৰ পৰা পদুম ফুল এটি ফুটি ওলাইছিল । সেই পদুম ফুলতেই ব্ৰহ্মাৰ জন্ম হৈছিল । ফুলৰপৰা ওপজা বুলিয়েই নেকি আমাৰ আৰু ব্ৰহ্মাৰ নাম একে !!" (পখিলা–১)

        বৈষ্ণৱ ধৰ্মত ঈশ্বৰ লাভৰ অন্যতম উপায় হৈছে নাম-কীৰ্তন । হিন্দুৰ নামধৰ্ম বিশ্বাসৰ উল্লেখেৰে কাকতিয়ে ঈজিপ্তীয় পুৰাণত থকা নাম-মাহাত্ম্যমূলক সাধুৰ বিষয়ে কৈছে । ঈজিপ্তৰ 'ৰা' দেৱতা ঐশ্ব‌ৰ্য-বিভূতিৰ সমতুল্য । দেৱ-দেৱীৰ ঐশ্বৰিক শক্তিৰ মহিমা প্ৰায়বোৰ সাধুতেই মন কৰিবলগীয়া বৈশিষ্ট্য । অমৃত কণিকা পান কৰি অমৰ হোৱা প্ৰেমিক তিথোনাচক লৈ দেৱী অৰোৰা বিপাঙত পৰিল । স্বৰ্গৰ ৰজা জুপিতাৰে ঐশ্বৰিক শক্তিৰে সমস্যা দূৰ কৰিলে এনেদৰে ― "দেৱী অৰোৰাই নিৰুপায় হৈ দেৱতাৰপৰা বৰ মাগিলে  তিথোনাচ যেন ফৰিং এটা হৈ ঘাঁহৰ পাতত জঁপিয়াই ফুৰে । অৰোৰাৰ কৰুণ অৱস্থা লক্ষ্য কৰি দেৱতাই তিথোনাচক ফৰিঙত পৰিণত কৰিলে ।" (অমৰ প্ৰেমিক ― পৃষ্ঠা:২১)

         ভাৰতীয় দৰ্শনৰ শব্দ 'ব্ৰহ্ম' আৰু বাইবেলৰ 'শব্দই ঈশ্বৰ' বিশ্বাসৰ মাজেৰে প্ৰাচ্য-পাশ্চাত্যৰ ধৰ্মীয় বিশ্বাসক এক ৰূপ দিয়াৰ প্ৰয়াসো সাধুসমূহৰ মাজেৰে ফুটি উঠা দেখা যায়  "হিন্দুসকলে শব্দ-ব্ৰহ্মত বিশ্বাস কৰে । ব্ৰহ্ম শব্দময় আৰু শব্দই ব্ৰহ্ম ।"

         "খৃষ্টিয়ানৰ বাইবেলত আছে , "In the beginning , there was the word , the word was God . " ( নাম-মাহাত্ম্য , পৃষ্ঠা : 8 ) প্ৰাচ্য-পাশ্চাত্য উভয় সাহিত্যৰ মাজত যোগসূত্ৰ স্থাপনেৰে বাণীকান্ত কাকতিয়ে শিশুসকলক উভয় সাহিত্যৰ লগতে পৰিচয় কৰাব বিচাৰিছে ।

          অসমৰ পটভূমিত গ্ৰীচ দেশৰ চৰিত্ৰ অথবা গ্ৰীচ দেশৰ চৰিত্ৰৰ অসমীয়া সাজ-পাৰ পৰিধান 'পখিলা'ত সন্নিৱিষ্ট কেতবোৰ সাধুৰ অন্যতম বৈশিষ্ট্য । উদাহৰণস্বৰূপে তলৰ কথাখিনি জুঁকিয়াই চাব পাৰি ―

"সেইটো ব্লেৰিপাচ নে কি অ' ? গাত দেখোন মেখেলা-চাদৰ মেৰাই লৈছ !

ব্লেপি ― এইখন ঘৈণীৰ ।

সভ্য ― তোৰ চোলা-চুৰিয়া একা ?" ( মহিলাৰ মহাসভা, পৃষ্ঠা : ৩৯)

         তুলনাৰ মাজেৰে সামঞ্জস্য বিচাৰ 'পখিলা'ৰ সাধুসমূহৰ এটি গুৰুত্বপূৰ্ণ দিশ । ভাৰতীয় শাস্ত্ৰৰ টুটকীয়া নাৰদ ঋষিৰ লগত গ্ৰীকসকলৰ এৰীচ দেৱী, ভাৰতীয়ৰ দেৱী সৰস্বতী আৰু গ্ৰীকৰ মিনাৰ্ভা, ভাৰতীয়ৰ ৰতিদেৱী আৰু গ্ৰীকৰ ভেনাছৰ চৰিত্ৰৰ সাদৃশ্য থকাৰ লগতে সংস্কৃত মহাকাব্য 'ৰামায়ণ' আৰু গ্ৰীক মহাকাব্য 'ইলিয়াদ'ৰ মাজত থকা সামঞ্জস্য এই ক্ষেত্ৰত উল্লেখনীয় ― " এই ঘটনাটো হ'ল সংস্কৃত মহাকাব্য ৰামায়ণৰ দৰে প্ৰসিদ্ধ গ্ৰীক মহাকাব্য ইলিয়াদৰ পট-ভূমিকা । সীতাক উদ্ধাৰ কৰোঁতে লংকা ধ্বংস হ'ল আৰু হেলেনক উদ্ধাৰ কৰোঁতে ট্ৰয় নগৰ ধূলিত পৰিণত হ'ল ।" (অৰূপ ধুনীয়া তিৰোতা, পৃষ্ঠা :২৫)

        সমাজৰ প্ৰতি দায়িত্ববোধ , শাসন ব্যৱস্থাৰ প্ৰতি সচেতনতা তথা সম অধিকাৰৰ মাজেৰে সমাজৰ ভাৰসাম্য ৰক্ষাৰ প্ৰয়াসো এই গ্ৰন্থৰ মাজেৰে ফুটি উঠা দেখা যায় ― "মোৰ কৰ্ম-তালিকাৰ পহিলা দফাই হৈছে সমান অধিকাৰ । কোনো ধনী, কোনোবা দুখীয়া, কাৰোবাৰ বিস্তৰ জমিদাৰী, কাৰোবাৰ নিজৰ মৰাশ পুৰিবৰ ঠাই নাই, কাৰোবাৰ অগণণ বান্দী-বেটী, কাৰোবাৰ এন্ধাৰত খোজ কঢ়াৰ সঙ্গী নাই ― এনেবোৰ অসাম্য মোৰ শাসনত থাকিবলৈ নিদিওঁ । ভূমি, ধন আৰু আন আন সা-সম্পত্তিত সকলো নাগৰিকৰেই সমান স্বত্ব থাকিব । (মহিলাৰ মহাসভা, পৃষ্ঠা : ৪৩)

          শিশুৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব পৰাকৈ 'পখিলা'ত দেশ-বিদেশৰ ভিন ভিন ঠাই আৰু ভিন ভিন সাহিত্যিকৰ সাহিত্যৰাজিৰো উল্লেখ পোৱা যায় । এছিয়া মাইনৰৰ ট্ৰয় ৰাজ্যৰ বৰ্ণনা, গ্ৰীকসকলৰ এথেন্স, বেবিলন, স্পাৰ্টা আদি ৰাজ্যৰ বৰ্ণনা ইয়াৰ উদাহৰণ । ইয়াৰ লগতে তুলসী দাসৰ 'ৰামচৰিত মানস', বাল্মীকিৰ সংস্কৃত' ৰামায়ণ', শংকৰদেৱৰ 'কীৰ্তন-ঘোষা', শিখসকলৰ 'গ্ৰন্থচাহেব', ডাণ্টেৰ 'ডিভাইন কমেডি', গোবিন্দ মিশ্ৰৰ 'গীতা' এৰিষ্টোফেনিছৰ 'ডাৱৰ' আদিৰ উল্লেখৰ মাজেৰেও ভিন ভিন সাহিত্য সম্পৰ্কে অৱগত হ'ব পাৰি ।

         সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব নাজানিলে মানুহ বিপদত পৰে । 'পখিলা'ত সন্নিবিষ্ট প্ৰায়বোৰ সাধুতেই ইয়াৰ নিদৰ্শন পোৱা যায় । 'বৰদান' গ্ৰহণৰ সময়ত সাৱধান নোহোৱা বাবেই দেৱী অৰোৰাই অমৰত্ব পোৱা প্ৰেমিক তিথোনাচৰ বাৰ্দ্ধক‍্যৰ বোজা বহন কৰিবলগীয়া হৈছিল, মাইদাচে সোণৰ গুলি মুখত লৈ মৰিব লগা হৈছিল, ট্ৰয় ৰাজ‍্যৰ লগতে পেৰিছ ধ্বংস হৈছিল আৰু নৰকাসুৰেও পিতৃৰ হাততেই মৃত্যুবৰণ কৰিছিল । সেইবাবেই বাণীকান্ত কাকতিয়ে প্ৰত‍্যক্ষভাৱে পাঠকক জ্ঞানীসকলৰ দৰে হ'বলৈ আহ্বান কৰিছে -

         "যচ্ছ্ৰেয় স‍্যনিশ্চিতং ব্ৰূহি তমে ।"

 অৰ্থাৎ ,  "হে দেৱতা যিটো মোৰ পক্ষে মঙ্গলদায়ক, সেইটো মোক জনাই দিয়া ।" (অৰূপ ধুনীয়া তিৰোতা,পৃ- ২৬)

          'পখিলা'ত সন্নিবিষ্ট প্ৰত‍্যেকটো সাধুৰপৰাই একোটা সজ উপদেশ পাব পাৰি । পখিলাৰ দৰে মানুহেও মনৰ পাখিৰে উধাবলৈ চেষ্টা কৰা ; তুলসী দাসৰ দৰে অতীন্দ্ৰিয় প্ৰেম-ভক্তিৰ প্ৰতি আসক্ত হৈ শান্তি উপলব্ধি কৰা ; বুদ্ধৰপৰা জ্ঞান লাভ কৰি কৃশাৰ দৰে অবিচলিত চিত্তেৰে সত্যৰ সন্ধান কৰা ; মাইদাচ , অৰোৰা আৰু পেৰিছৰ দৰে তাৎক্ষণিক চিন্তা নকৰি দূৰদৰ্শী হোৱা কথাবোৰ প্ৰকৃততে পাঠকলৈ আগবঢ়োৱা একো একোটা বাণী ।

         সততা মানুহৰ এক মহৎ গুণ । প্ৰত্যেকেই এই গুণ আয়ত্ত কৰিলেহে সমাজখন বিশুদ্ধ হ'ব । মিছাৰ আশ্ৰয় লৈ আনক ঠগিলে সিন্ধু ভাঙ্গুৰীৰ দৰে কেতিয়াবা নিজেই বিপদত পৰাৰ আশংকা থাকে । এখন শুদ্ধ সমাজ গঢ়াৰ আকাংক্ষাৰেই বাণীকান্ত কাকতিদেৱে শিশুসকলক সৎ তথা চৰিত্ৰৱানকৈ গঢ়ি তোলাৰ প্ৰয়াস কৰিছে । কাৰণ বৰ্তমানৰ শিশুৱেই ভৱিষ্যত সমাজৰ গুৰি ধৰোঁতা ।

কৃষ্ণা কলিতা l

হিন্দী শিক্ষয়িত্ৰী, 

নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুল, নহিৰা ।

শিক্ষাখণ্ড : ৰামপুৰ ।

Post a Comment

0 Comments