header ads

গোটোৱা গোলাপ কলি l Assamese Story by Dr. Chittaranjan Das

 গোটোৱা গোলাপ কলি


       : আপোনালোকৰ ইয়াত মোৰ ল'ৰা এজন আছে ।

    চাৰে কৈছিল । ড° হৰিনাথ শৰ্মাদলৈ চাৰে । ওখ , ঋজু শৰীৰ । যেন মনৰ সাৱলীলতা দেহতো ফুটি উঠে । চাৰে মূৰ দাঙি খোজ কাঢ়ে । মুখামুখি হোৱাৰ সাহস আৰু সততা তেখেতৰ আছে । চাৰৰ মাত কথা অত্যন্ত ভদ্ৰ আৰু স্পষ্ট । অসমীয়া শাক্ত সাহিত্য আৰু শংকৰী সাহিত্য আৰু সংস্কৃতি বিষয়ক অসংখ্য গ্ৰন্থ চাৰে প্ৰণয়ন কৰিছে । নিজা নাম আৰু সুকীয়া পৰিচয় বহন কৰিও চাৰ যেন অকলে থাকে । জীৱনৰ যি শ্বাশ্বত নিৰন্তৰ প্ৰাৰ্থনা আৰু সুকুমাৰ সাধনা সেয়া চাৰে নীৰৱে প্ৰতিপালন কৰে । এককথাত প্ৰচাৰবিমুখ মানুহ ।

       চাৰৰ কথাষাৰ মই শুনা নাছিলোঁ , আমাৰ অধ্যক্ষ চাৰে শুনিছিল । তেখেতে মোক মাতি পঠাইছিল ।

       এসময়ত আমি চাৰৰ ক্লাছলৈ ৰৈ আছিলোঁ । আজি তেখেতে মোৰ কাৰণে ৰৈ আছে ? মই নিজকে গৰিহণা দিলোঁ । চাৰ অহাৰ খবৰ মই আগতে পাব লাগিছিল , মই ৰৈ থাকিব লাগিছিল ।

         অধ্যক্ষৰ কোঠাৰ পৰ্দা ঠেলি মই ভিতৰ সোমালোঁ । তৰাৰ জেউতি আৰু আস্থা ভৰপুৰ উজ্জ্বল চকুহালিয়ে চাগে দুৱাৰমুখলৈকে চাই আছিল । মই দুৱাৰমুখৰ একোণত এখন ভৰিয়ে আনখন ভৰি হেঁচি ধৰাৰ প্ৰক্ৰিয়াৰে জোতাযোৰ খুলি থলোঁ ।

         : আহা , চাৰে ক'লে ।

           মই একো নকলোঁ । মই চাৰৰ সন্মুখত আঁঠুকাঢ়ি বহি লৈ চাৰৰ ভৰি দুখনত হাত থলোঁ । মন্দিৰতো মই এনেকৈয়ে সেৱা কৰোঁ ।

           চাৰ থিয় হ'ল । মোৰ চুলি স্পৰ্শ কৰি মোক থিয় কৰাই দিলে ।

           : কাম এটাত আহিলোঁ । ভাবিলোঁ তোমাক চাই যাওঁ । ভালে আছা ?

            মই মুৰ দুপিয়ালোঁ । আগতেও চাৰ-বাইদেউ কাৰো লগতেই বৰকৈ কথা পাতি পোৱা নাছিলোঁ । অথচ গম পাইছিলোঁ চাৰ-বাইদেউসকলে মোক মৰম কৰে,  আগতেও কৰিছিল । কিবা এটা ভয় , সংকোচ পুহি ৰাখিছিলোঁ । এতিয়া ময়ো এজন শিক্ষক । আজিৰ ল'ৰা-ছোৱালীয়ে আমাক সংকোচ কৰেনে ? ভয় ?

           অনাহকত ভয় কিজানি এতিয়াৰ ল'ৰা - ছোৱালীয়ে নকৰে । ফাঁকিও নিদিয়ে । নিজৰ ৰুচি অনুযায়ী আত্মপ্ৰতিষ্ঠাৰ বাবে চেষ্টা কৰে । পইচা ? পইচাতো লাগিবই । টকা - পইচা নহ'লে চলিম কেনেকৈ ? কিন্তু সেইটো ৰাস্তাত পইচা অহা কথাটো স্পষ্ট নহয় !

           : কি আৰু কৰিম চাৰ ! নিজৰ জীৱনটো নিজৰ ধৰণেৰে চলিবলৈ হ'লে অলপ কষ্টও কান্ধ পাতি ল'ব লাগিব ?

             কথাষাৰ প্ৰবালে কৈছিল । স্নাতক মহলাৰ অন্তিম বৰ্ষত যোগ্যতাৰে উত্তীৰ্ণ হৈছিল প্ৰবাল চহৰীয়াই । অৰ্থবিজ্ঞানত প্ৰথম শ্ৰেণীৰ তৃতীয় । আমি বৰকৈ আশা কৰিছিলোঁ সি স্নাতকোত্তৰ মহলাত ভৰ্তি হ'ব । সময়ত কলেজৰ ল'ৰাই কলেজলৈ উভতি আহিব । সি  আইন পঢ়িবলৈ নাম ভৰ্তি কৰিলে । ভাৰতৰ আইনৰ ধাৰাটোৰ বিষয়ে জানিবলৈ মন তাৰ । কিমানে ন্যায্য বিচাৰ নাপায় ! এনেকৈয়ে নহ'ব !!

           প্ৰায় একেখিনি কথা আমাৰ এসময়ৰ ছাত্ৰী মল্লিকায়ো ক'লে । স্নাতক , স্নাতকোত্তৰ উভয়তে তাইৰ চকু থৰ কৰা ফলাফল । কিন্তু তাই চাকৰি নকৰিলে । আমাৰ কলেজতে দুদিনমান খাটি দিবলৈ মতা হৈছিল । নাহিল । সকলোৱে চাকৰি কৰিব লাগে বুলিতো কথা নাই !

        : কিন্তু তোমাৰ এই ৰিজাল্ট ? প্ৰতিভা ?

          মল্লিকাই হাঁহিছিল । সংসাৰ এখন গঢ়িবলৈকো প্ৰতিভা লাগে । দক্ষতা লাগে চাৰ । ঘৰে য'লৈকে দিয়ে বিয়া হ'ম । ভালকৈ থাকিম আৰু লোককো ভালকৈ ৰাখিম !

           ককায়েকৰ বিয়াত মাতিবলৈ অহা মল্লিকাই কৈছিল । আমি বিভাগৰ আটাইকেইগৰাকী অধ্যাপক - অধ্যাপিকা আছিলোঁ সেই সময়ত । মল্লিকাৰ মাতত সামান্য ধেমালিৰ সুৰ আছিল । কিন্তু অৰ্থত ?

          মই মনতে ভাবিছিলোঁ । সকলো ভাব সহকৰ্মীক বহলাই কোৱাৰ প্ৰশ্ন নুঠে । এনেয়েও সহকৰ্মীসকল দুই ধৰণৰ । কিছুমানে দূৰত্ব বজাই ৰাখে । কিছুমানে বন্ধুৰ দৰে থাকে । দুয়োটাৰ মাজতো এটা ৰাস্তা আছে । আমাৰ ককাইদেউসকল আমাৰ বন্ধু নহয় ? বহুতৰ দেউতাকো বন্ধুৰ দৰে । তেওঁলোকেই শাসকৰ , উপদেশদাতাৰ ভূমিকাও নলয় ?

          সিদিনা শৰ্মাদলৈ চাৰে কৈছিল , ইহঁতেই আমাৰ সঞ্চয় । প্ৰাপ্তিও । জীৱনত আৰুনো কি গোটালোঁ ?

          চাৰ সাহিত্যিক মানুহ । সাহিত্যৰ ভাষাৰে কথা কয় । পিছে এটা কথা হয় চাগে । পিতৃ-মাতৃয়ে সন্তানৰ মাজত নিজক থৈ যায় । সন্ত শিক্ষকে নিজক থৈ যায় হেজাৰ জনৰ মাজত । এই থৈ যোৱাৰ সাধনা কেনেকুৱা ? শিক্ষকৰো এটা নিজা ব্যক্তিগত জীৱন নাইনে ?

           সৰুতে আমাক এল পি স্কুলত পঢ়োৱা মহন্ত চাৰৰ ঘৰলৈ প্ৰতিদিনে পুৱা মই পিতলৰ ঘটি এটাত এপোৱা গাখীৰ লৈ গৈছিলোঁ । প্ৰতিদিনে । মই নগলে ভাইটি গৈছিল । বাবাৰ নিৰ্দেশত আয়ে আমাক পঠিয়াইছিল । যিদৰে মন্দিৰৰ পিৰালি মচিছিল , আইতাক পুৱাৰ দৰৱ খুৱাইছিল , তেনেকৈয়ে মহন্ত চাৰলৈ গাখীৰ এপোৱা পঠোৱাটো আইৰ প্ৰাত্যহিক কাম আছিল । ডাঙৰ হৈ গম পাইছিলোঁ মহন্ত চাৰৰ তেনেকুৱা আয় - উপাৰ্জন নাছিল । বেতনহীন শিক্ষকৰ চাকৰি । ইজনে সিজনে ইটো - সিটো দিয়ে , চলি যায় । বাবায়ো গাখীৰ পঠোৱাৰ ৰহস্যটো আনে নকওঁতেই বুজিছিলোঁ । কেও কিছু নোহোৱা বাবাক এঘৰে ডাঙৰ-দীঘল কৰিছিল , পঢ়াতো নহ'ল । এনেয়ে দুখীৰ দুখ বুজি পোৱা মন উপৰঞ্চি পঢ়িব নোপোৱাৰ আক্ষেপ , সেয়ে ঘৰৰ গৰুৰ গাখীৰ এটুপি ।

           চাকৰিত সোমোৱাৰ দুমাহমান পাছতে বাবাক হৰি মহন্ত চাৰৰ কথা সুধিছিলোঁ । আই গৈছেই , চাৰকে সেৱা এটা জনাই চুৰিয়া এখনকে দি আহোঁ । বাবাই ক'লে , চাৰ ঢুকাইছে । তেখেতৰ পত্নী ? নাই , তেখেতো ঢুকাইছে । তেনেহলে কোন আছে , ল'ৰা- ছোৱালী ?

         বাবাই কলে , "মহন্ত চাৰৰ মাটিখিনিত এতিয়া ভতিজাহঁতে ঘৰ বান্ধিছে ।" চাৰৰ ল'ৰা-ছোৱালী নাই , নাছিল ।

          শৰ্মাদলৈ চাৰৰ কথাষাৰে যেন মোক বুকুৰ মাজত বহুদিন ধৰি পুহি ৰখা বিষাদবোধ এটাৰ পৰা সামান্য সকাহ দিলে । হৰি মহন্ত চাৰৰ ল'ৰা - ছোৱালী নাথাকিব কিয় ? আমাৰ দৰে আৰু অসংখ্যজন ? দিনে এপোৱাকৈ গাখীৰ লৈ যোৱা ল'ৰাজনকো তেখেতে চেকনিৰে কম কোবাইছিল ? মই কোনোবাদিনা পাহৰিম ?

ড° চিত্তৰঞ্জন দাস l

অৱসৰপ্ৰাপ্ত প্ৰধান অধ্যাপক,

অসমীয়া বিভাগ l

বুদুৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় , শুৱালকুচি ।

Post a Comment

0 Comments