গণিতৰ যাদু
বৰ্গকৰাৰ সহজ উপায় :-
৫৭ × ৫৭ = ?
প্ৰথমতে, ৫ আৰু ৭ ৰ বৰ্গ লিখিম তলত দিয়াৰ দৰেঃ
২৫ ৪৯
দ্বিতীয়তে , ৫ × ৭ = ৩৫ ক ২ ৰে পূৰণ কৰি আমি পাম ৭০ । এতিয়া আমি ৭০ ৰ ০ ক প্ৰথমতে পোৱা পূৰণফলৰ দহকৰ স্থানত আৰু ৭ ক শতকৰ স্থানত বহুৱাই তলত দিয়াৰ দৰে যোগ কৰি আমাক লগা বৰ্গফল পাম -
২৫৪৯
+ ৭০
-----------------------------------
৩২৪৯
নিৰ্ণেয় বৰ্গফল ৫৭ × ৫৭ = ৩২৪৯
অন্য দুটা উদাহৰণঃ
ক) ৮৯ × ৮৯ = ?
১মঃ ৬৪ ৮১
২য়ঃ ৮ × ৯ × ২ = ১৪৪
এতিয়া ,
৬৪৮১
+ ১৪৪
----------------------------------
৭৯২১
খ) ১১৪ × ১১৪ = ?
১মঃ ১২১ ১৬
২য়ঃ ১১×৪×২=৮৮
এতিয়া ,
১২১১৬
+ ৮৮
-------------------------
১২৯৯৬
প্ৰস্তুতকৰ্তা:
গিৰিণ দাস।
সদস্য, জ্ঞানম্।
0 Comments