শিশুৰ প্ৰাৰম্ভিক অৱস্থাত ভাষা আহৰণ
সংস্কৃত ' ভাষ ' ধাতুৰ পৰা ' ভাষা ' শব্দৰ উৎপত্তি হৈছে । ভাষা অবিৰত তথা ই শিশুৰ জন্মলগ্নৰ পৰাই সক্ৰিয় ৰূপত থাকে । ভোক লাগিলে শিশুয়ে কান্দে । কান্দোন হৈছে নৱজাত শিশুৰ ভাষা । কান্দোনৰ দ্বাৰাই শিশুয়ে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে । শিশুয়ে পোন প্ৰথমে মাকৰ পৰা ভাষা শিকিবলৈ লয় যাক আমি সহজ অৰ্থত ' মাতৃভাষা ' বুলি কওঁ । লাহে লাহে আনুষ্ঠানিক শিক্ষাৰ জৰিয়তে শিশুয়ে ভাষাৰ বিভিন্ন ৰূপৰ লগত চিনাকি হয় । আনুষ্ঠানিক শিক্ষাত শিশুয়ে প্ৰথমে বৰ্ণৰ লগত চিনাকি হয় । অসমীয়া ভাষাৰ ক্ষেত্ৰত স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণৰ লগত চিনাকি হোৱাই হৈছে শিশুৰ ভাষা আহৰণৰ প্ৰথম স্তৰ ।
বৰ্ণৰ লগত পৰিচয় হোৱাৰ লগতে শিশুয়ে প্ৰাসংগিকভাৱে ধ্বনিৰ লগতো পৰিচয় হয় । মানুহে কথা কওঁতে বাগযন্ত্ৰৰ পৰা যি বায়ুপ্ৰবাহৰ সৃষ্টি হয় সেয়াই ' ধ্বনি ' । শিশুৰ ভাষা আহৰণৰ প্ৰথম কৌশল শ্ৰৱণ কাৰ্য এই ধ্বনিৰ দ্বাৰাই সফল হৈ উঠে । বৰ্ণ এটাৰ উচ্চাৰণ কিদৰে কৰা হয় তাক ধ্বনিৰ দ্বাৰাই বুজাব পাৰি । ' ক ' বুলি ক'লে ইয়াত ডিঙিৰ পৰা উচ্চাৰিত হৈ গৰম বায়ুপ্ৰবাহৰ সৃষ্টি হয় । সেইবাবে ভাষাবিদসকলে বিশিষ্ট ধ্বনিৰ তালিকাত ' ক ' ধ্বনিটোক উষ্মধ্বনিৰ তালিকাত স্থান দিছে । অসমীয়া ভাষাৰ বৰ্ণমালাৰ বৰ্ণবোৰ একো একোটা চিহ্নহে , ই ধ্বনিৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ অস্তিত্বলৈ আহে । সংস্কৃত ভাষাৰ ক্ষেত্ৰত একোটা বৰ্ণই একোটা আখৰক প্ৰতিনিধিত্ব কৰে । উদাহৰণ স্বৰূপে : अ , आ , इ , ई বৰ্ণ হোৱাৰ লগতে একো একোটা আখৰো । অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত বাগধ্বনিৰ আঠটা বিশিষ্ট স্বৰধ্বনি আৰু একৈশটা বিশিষ্ট ব্যঞ্জনধ্বনি পোৱা যায় যদিও বাগধ্বনিৰ কোনো অৰ্থ নাই । উদাহৰণ স্বৰূপে : " তুমি ক'ত আছা ? " ইয়াত ত , উ , ম , ই , ক , অ', ত , আ , চ ,( 'ছ'ৰ সলনি বিশিষ্ট স্বৰধ্বনি 'চ'ৰ ব্যৱহাৰ কৰা হয় ) আৰু আ আদিৰ কোনো অৰ্থ নাই । কথা কৈ যাওঁতে কথাৰ ঠাঁচত ধ্বনিৰ লগত ধ্বনি লগ হৈ অৰ্থ প্ৰকাশ কৰে । সুকীয়া ভাৱে ধ্বনিৰ অৰ্থ নিৰ্গত নহয় । কেতিয়াবা আকৌ নিৰ্দেশ অনুসৰি এটা ধ্বনিয়ে এটা শব্দৰ সৃষ্টি কৰিব পাৰে । যেনে : ' ই ' । ' ই ' এটা ধ্বনি । ধ্বনি হিচাপে তাৰ অৰ্থ নাই , কিন্তু যেতিয়া ' ই ' ধ্বনিয়ে কোনো বস্তু বা মানুহৰ প্ৰতি নিৰ্দেশ কৰিব তেতিয়া ' ই ' ধ্বনি অৰ্থযুক্ত হৈ পৰে ।
সাধাৰণভাৱে বৰ্ণ আৰু অক্ষৰ বা আখৰ বেলেগ বেলেগ । স্বৰবৰ্ণৰ ক্ষেত্ৰত সুকীয়া । স্বৰবৰ্ণ যিহেতু স্বতন্ত্ৰ গতিকে ইহঁত বৰ্ণ আৰু অক্ষৰ দুয়োটায়ে । ব্যঞ্জনবৰ্ণমালাৰ বৰ্ণবোৰ প্ৰকৃততে অক্ষৰহে । কাৰণ ইয়াত দুটা বৰ্ণ যুক্ত হৈ থাকে । যেনে : ক = ক + অ , ইয়াত 'ক'ৰ লগত ' অ ' যুক্ত হৈ আছে । গতিকে ইহঁত বৰ্ণৰ সলনি অক্ষৰহে । সংস্কৃত ভাষাৰ ক্ষেত্ৰত চলন্ত অক্ষৰবোৰ বৰ্ণ , ' क ' এটা অক্ষৰ ' क् ' এটা বৰ্ণ । অসমীয়া ভাষাৰ ক্ষেত্ৰত ' ক ' আৰু ' ক্ ' একে হিচাপে লিখা হয় ।
শিশুৰ প্ৰাৰম্ভিক অৱস্থাত ভাষা শিকিবলৈ হ'লে পোন প্ৰথমে শিক্ষকজনৰ ভাষাৰ ওপৰত দখল থকাটো প্ৰয়োজনীয় । শিক্ষকজনৰ বিশিষ্ট ধ্বনিৰ জ্ঞান থকাৰ লগতে ওষ্ঠ্য , কণ্ঠ্য, নাসিক্য , কম্পিত , দন্তমূলীয় , তালব্য আদি ধ্বনিৰ উচ্চাৰণৰ শুদ্ধতাৰ ওপৰত জ্ঞান থাকিব লাগিব । শিশুসকলক বৰ্ণৰ জ্ঞান দিয়াৰ লগতে বৰ্ণৰ শুদ্ধ উচ্চাৰণ তথা ধ্বনি প্ৰবাহৰ সঠিক প্ৰয়োগৰ ওপৰত গুৰুত্ব দিব লাগিব । পোন প্ৰথমে শিশুসকলক বৰ্ণমালাৰ হ্ৰস্ব-দীৰ্ঘ উচ্চাৰিত বৰ্ণসমূহৰ লগত পৰিচয় কৰাই দিব লাগিব । ইয়াৰ বাবে শিশুসকলক আৰম্ভণিৰ পৰাই বৰ্ণবোৰৰ উচ্চাৰণ শিকাব লাগিব । উদাহৰণ স্বৰূপে : দীৰ্ঘ ' ঊ ' বুলি ক'লে কিমানখিনিলৈ তাক উচ্চাৰিত কৰিব লাগিব তাৰ ওপৰত গুৰুত্ব দিব লাগিব । নিম্ন পৰ্যায়ৰ শিশুসকলক বৰ্ণমালাৰে সজা কবিতা বা গানৰ দ্বাৰা ধ্বনি উচ্চাৰণৰ শিক্ষা দিব পৰা যায় । ধ্বনি তথা বৰ্ণসমূহৰ উচ্চাৰণ নিম্ন পৰ্যায়ৰ শিশুসকলক শিকোৱাটো প্ৰয়োজনীয় । কাৰণ, বহুক্ষেত্ৰত দেখা যায় যে সৰুতে ভুলভাৱে শিকি অহাৰ ফলত উচ্চ শ্ৰেণীতো ছাত্ৰ-ছাত্ৰীসকলে সেই ভুলটোকে আগুৱাই লৈ যায় । বৰ্ণসমূহৰ শুদ্ধ উচ্চাৰণৰ লগতে তাক শুদ্ধভাৱে লিখিবৰ বাবেও লিখন কাৰ্যৰ লগত পৰিচয় কৰাই দিয়াটোও এজন শিক্ষকৰ দায়িত্ব হোৱা উচিত ।
ভাষা হৈছে মানুহৰ মনৰ ভাৱ প্ৰকাশৰ মাধ্যম । এটা ভাষাই এটা জাতিৰ গৌৰৱ । ভাষাৰ জৰিয়তে জাতিটোৰ সাহিত্য , সংস্কৃতি , কলা আদি প্ৰতিফলিত হয় । গতিকে নিজৰ ভাষাটোক শুদ্ধভাৱে ক'ব আৰু লিখিব পৰাটো সেই ভাষা কোৱা প্ৰত্যকজন মানুহৰ কৰ্তব্য ।
0 Comments