header ads

প্ৰবন্ধ, ৰঙৰ উৎসৱ ফাকুৱা বা দৌলোৎসৱ, ভাগ্যশ্ৰী ডেকা

 ৰঙৰ উৎসৱ ফাকুৱা বা দৌলোৎসৱ


" ৰঙৰে জুই জ্বলিল আজি
           পলাশৰ ডালতে ,
ফাগুনৰে বা লাগিল 
           নিকুঞ্জ বনতে । "
                             - জুবিন গাৰ্গ

       সঁচাকৈয়ে ৰঙৰ আবিৰ গাত সানিয়েই ধৰাৰ বুকুলৈ ফাগুন আহে । প্ৰকৃতিয়ে ন-সাজত সাজি-কাচি বিনন্দীয়া ৰূপ লয় । পলাশ , মদাৰ , শিমলু আদি নানাৰঙী ফুলেৰে জাতিষ্কাৰ হৈ পৰে এই ধৰা । লঠঙা বিৰিখৰ ডালত এই তেজৰঙী ফুলবোৰে এনেদৰে ওৰণি টানে যেন আকাশ জুৰি একুৰা জুইহে জ্বলিছে ।
        ধূলিৰে ধূসৰিত ফাগুনৰ এই বতৰতেই সকলোৰে মনবোৰ ৰঙিয়াল কৰি তুলিবলৈ ৰঙৰ সম্ভাৰ লৈ আগমন ঘটে হেঁপাহৰ উৎসৱ ফাকুৱা বা হোলীৰ । ফাগুনৰ ছন্দোময় মাদকতাক দুগুণে উজ্জীৱিত কৰি তোলে ৰঙৰ উৎসৱ ফাকুৱাই । শিশুৰ পৰা আবাল-বৃদ্ধ-বনিতালৈ সকলোৰে মনবোৰ এক নৱ উছাহেৰে আন্দোলিত হৈ উঠে ।
         ফাগুন মাহৰ পূৰ্ণিমা তিথিত ধৰ্মীয় ৰীতি-নীতিৰে দৌলোৎসৱ পালন কৰা হয় । ঠাই ভেদে ফাকুৱাক দৌলোৎসৱ , ফাগুৱা , ফাকু , মদনোৎসৱ আদি নামেৰেও জনা যায় । হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুক উদ্দেশ্য কৰি সমগ্ৰ ভাৰতবৰ্ষতে এই উৎসৱ বৰ উলহ-মালহেৰে উদ্ যাপন কৰা হয় । কথিত আছে যে নিজৰ গাৰ ৰঙ কʼলা কিন্তু ৰাধাৰ গাৰ ৰং বগা হোৱাৰ বাবেই শ্ৰী কৃষ্ণই যশোদাক অভিযোগ কৰিছিল । তেতিয়া যশোদাই কʼলা ৰঙ ঘঁহি দিলে ৰাধাও কʼলা হৈ পৰিব বুলি কৈছিল । তেতিয়াৰ পৰাই ফাকুৱাৰ প্ৰচলন হʼল বুলি জনা যায় । ধৰ্মীয় পৰম্পৰাৰে পালন কৰা হোলী উৎসৱৰ লগত জড়িত হৈ আছে বহুতো পৌৰাণিক আখ্যান । তেনে এক আখ্যানমতে এসময়ত দেৱী পাৰ্বতীয়ে মহাদেৱক স্বামীৰূপে পাবলৈ কঠোৰ তপস্যা কৰিছিল । সেই সময়ত মহাদেৱ কঠোৰ তপস্যাত নিমগ্ন হৈ আছিল । দেৱতাসকলে মহাদেৱৰ তপস্যা ভংগ কৰি বিবাহকাৰ্য্য সম্পন্ন কৰাৰ কোনো উপায় নেদেখি অৱশেষত কামদেৱক ' কামবাণ ' নিক্ষেপ কৰিবলৈ দিছিল। কামবাণত জৰ্জৰিত হৈ মহাদেৱৰ তপভংগ হোৱাত মহাদেৱ ক্ৰোধত জ্বলি উঠিছিল আৰু সেই ক্ৰোধাগ্নিত কামদেৱ ভস্মীভূত হয় । কামদহনৰ এই আখ্যানে মূলত সাংসাৰিক লোভ , মোহ , কাম , ক্ৰোধ ত্যাগকেই প্ৰতিনিধিত্ব কৰে । তেতিয়াৰ পৰাই হোলীৰ প্ৰচলন হʼল।
         অসমত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে দৌল উৎসৱৰ পাতনি মেলিছিল । ২১ বছৰ বয়সতে গুৰুজনাই বৰদোৱাত এই উৎসৱ পালন কৰিছিল । তেওঁ বলোৰাম আতৈক ফাকুগুৰি আনিবলৈ মৰুৱাপুৰলৈ পঠাইছিল । দহদিন পিছত বলোৰাম আতৈয়ে সাতকড়ি দি সাত কলহ প্ৰাকৃতিক ফাকুগুৰি বৰদোৱালৈ আনিছিল । এই ফাকুগুৰি মদাৰ , শিমলু , পুৰৈ , জেতুকা আৰু হালধিগুৰি আদিৰে তৈয়াৰ কৰা হৈছিল । এই ফাকুগুৰি গালে-মুখে সানিলে বসন্ত ৰোগ নিৰাময় হয় , ছাল নিমজ হয় আৰু সৌন্দৰ্য বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়।
         বৰদোৱাৰ পিছতেই ১৫১৮ শকত বৰপেটাত মথুৰাদাস বুঢ়াআতাই দৌল উৎসৱৰ আৰম্ভণি কৰিছিল । বৰপেটাত স্থানীয় ভাষাত ইয়াক ' দেউল ' বুলি কোৱা হয় । তাত হস্ত-নক্ষত্ৰৰ গতিবিধি চাই দেউল তিনি দিনৰ পৰা পাঁচদিনীয়া হয় । ফাগুনৰ পূৰ্ণিমাত পাঁচদিনীয়াকৈ পালন কৰা দেউলক ' বুঢ়া দেউল ' আৰু চʼত মাহৰ তিনিদিনীয়াকৈ পালন কৰা দেউলক ' ডেকা দেউল ' বোলে । দেউলৰ প্ৰথম দিনাক বহ্নোৎসৱ বা গন্ধযাত্ৰা বুলি কোৱা হয় । তাৰ পাছৰ দিনা ভৰদেউল । দেউল তিনিদিনীয়া হʼলে ভৰদেউল এদিন আৰু চাৰিদিনীয়া বা পাঁচদিনীয়া হʼলে ভৰদেউল দুদিন হয় । ভৰদেউলৰ পিছৰ পৰাই সুঁৱেৰী বা ফাকুৱা আৰম্ভ হয় ।
         দৌলোৎসৱত হোলীগীত গোৱাটোও এক আকৰ্ষণীয় পৰম্পৰা । খোল , তাল লৈ পৰিৱেশন কৰা এই গীতসমূহত হোলীৰ মহত্ব , বসন্ত ঋতুৰ বৰ্ণনা, শ্ৰীকৃষ্ণৰ গুণানুকীৰ্ত্তন , প্ৰকৃতি আৰু মানুহৰ প্ৰেমৰ বৰ্ণনা আৰু শ্ৰীকৃষ্ণৰ লগত গোপিনীসকলৰ ৰাসলীলাৰ বৰ্ণনা আছে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষাত লিখি যোৱা তেনে এফাঁকি হোলী গীত হʼল ―
   " ৰংগে ফাকু খেলে চৈতন্য বনমালী
     দুহাতে ফাকুৰ গুড়া সিচন্ত মুৰাৰী । "
        ৰঙৰ আবিৰেৰে ৰঙিয়াল কৰি তুলি ভুলবোৰ মচি পেলোৱাৰ বাবেই এই উৎসৱ পালন কৰা হয় । ফাগুনৰ এই উৎসৱটোৱে জাতি-ধৰ্ম , উচ্চ-নীচ , ধনী-দুখীয়া নিৰ্বিশেষে সকলোকে একতাৰ এনাজৰীৰে বান্ধি ৰাখে । ফাগুনৰ উৰুঙা বতৰত দি যায় নতুনত্ব । সম্প্ৰীতি আৰু একতাৰ এনাজৰীডাল কটকটীয়া কৰে এনে উৎসৱে । ফাকুৰ ৰঙেৰে ৰঙীন হৈ পৰক সকলোৰে জীৱন , সমগ্ৰ পৃথিৱী ...... ।





ভাগ্যশ্ৰী ডেকা 
সহ:শিক্ষয়িত্ৰী ( বিজ্ঞান )
জৱাহৰলাল নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় ,
বামুণগাঁও
শিক্ষাখণ্ড : কমলপুৰ
জিলা: কামৰূপ ।

Post a Comment

0 Comments