header ads

অসমীয়া গল্প, জাহিদা, পুস্পাঞ্জলি পাংগিং গাম, ৩য় বছৰ ৩য় সংখ্যা,

 জাহিদা( বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা )





       নীলা মিলিয়ে অট'ৰ পৰা নামি প্ৰায় দৌৰি যোৱাৰ দৰে গৈ বিদ্যালয়ত সোমালেগৈ । ঘড়ীটোলৈ চালে ৯.০৫ বাজিলে । ছেঃ .. আজিও প্ৰাতঃসভা নাপাওঁ  ।

       অফিছৰ পৰা নৱম শ্ৰেণীৰ ৰেজিষ্টাৰ খন লৈ শ্ৰেণী কোঠাত সোমালে ।

" Good Morning Mam . "

 নৱম শ্ৰেণীৰ  সকলোৱে নীলাক সম্ভাষণ জনালে ।

নীলা : " Good moorning students . "

নীলাই ছাত্ৰ-ছাত্ৰীক ইংৰাজীত ক'বলৈ শিকাইছে ।

ৰোলকল কৰি নীলাই গম পালে জাহিদা অহা নাই ।

নীলা :- " আচিফা , জাহিদা কিয়  স্কুললৈ অহা নাই ? "

আচিফা :- " নাজানো বাইদেউ । "

ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা আব্দুলে মাত লগালে -
:- " বাইদেউ জাহিদে মাইকৰ লগত ভাটাত গেইছি । "

       নীলাৰ হুমুনিয়াহ এটা ওলাই গ'ল । তাই মনতে ভাবিলে জাহিদা আৰু কেইদিনমান নাহে ।কেইদিনমান ভাটাত  যায় , কেইদিনমান গোৱে ( তামোল ) কাটে , কেইদিনমান পকা মিস্ট্ৰীৰ কাম ― এনেদৰেই জাহিদাৰ দিনবোৰ পাৰ হৈ আছে । গুণোৎসৱলৈ আৰু বেছি দিন নাই , এনেদৰে স্কুল খতি কৰিলে কেনেকৈ হ'ব ?  তাই পঢ়াত ভাল । পিছে সদায় স্কুলত আহিলেহে গম পাব , কি পঢ়াইছে ?
― কথাবোৰ  ভাবি নীলাৰ বৰ বেয়া লাগিল ।

       নীলাই গুণোৎসৱৰ বাবে সকলো ছাত্ৰ-ছাত্ৰীক ইংৰাজী পাঠ পঢ়াৰ বিষয়ে বুজাই আছিল , তেনেতে আব্দুলে দৌৰি আহি নীলাৰ কাষত থিয় হ'লহি ।

নীলা :- " আব্দুল কি হ'ল ?  স্কুললৈ কিয় অহা নাই ? "
আব্দুল :- " মেম , জাহিদাৰ নিকাহ ঠিক কৰিছে  দেউতাকে , অহা সপ্তাহৰ দেওবাৰে তাইৰ নিকাহ । "
নীলা :- " কিন্তু ... "
" আব্দুল তুমি ক্লাছত বহা , মই কিবা এটা কৰিম । "

       স্কুল ছুটিৰ পাছত নীলা জাহিদাক বিচাৰি গাঁৱৰ ফালে খোজ ললে ।

       গাঁৱত জাহিদাৰ ঘৰত কোনো নাই । ঘৰত তলা মৰা , ওচৰৰ কোনেও নাজানে । নীলাই জাহিদাৰ দেউতাকৰ ফোন নাম্বাৰ আৰু লগতে প্ৰতিবেশী দুজনৰ ফোন নাম্বাৰো লৈ আহিল ।

     গোটেই দিনটো নীলাৰ মনটো বেয়া লাগি আছে । ৰাতি বিছনাত পৰিল যদিও টোপনিও যাব পৰা নাই । বাৰে বাৰে জাহিদাৰ মুখখন ভাহি আহে ।

       দেওবাৰলৈ মাজত মাত্ৰ তিনিদিন আছে ।
" অ' আব্দুল , জাহিদাৰ খবৰ পাইছা কিবা ? "

" নাই বাইদেউ , শুনিছো দৰাজন ভাটাৰ মালিক । জাহিদাক নিকাহ কৰাৰ পাছত জাহিদাৰ মাক -দেউতাকক লগতে ৰাখিব । "

" হ'ব আব্দুল , তুমি যোৱা । গুণোৎসৱৰ বাবে মন দি পঢ়িবা দেই । "

       আব্দুলৰ কথা শুনি  নীলাৰ ভৰি তলৰ মাটি নোহোৱা যেন লাগিল । ভাটাৰ মালিকটোচোন বুঢ়া মানুহ । ইফালে তাইলৈ ধমক দিয়া ফোন আহিয়ে আছে অচিনাকি নম্বৰৰ পৰা ।

       তাইক হেডমাষ্টৰেও জাহিদাৰ বিষয়ে বেছি হস্তক্ষেপ কৰিবলৈ বা অন্তৰ্ভুক্ত হ'বলৈ বাধা দিলে ।

       তাই অকলে কি কৰিব এতিয়া ? জাহিদাৰ দেউতাকৰ ফোন অফ । জাহিদাৰো একো খবৰ পোৱা নাই ।

       স্কুলৰ ৰান্ধনী বাইদেউ মমতাজে কলে -- " বাইদেউ , জাহিদাই লুকাই-চুৰকৈ মোমায়েকৰ ছোৱালী মীৰ্জাক  ফোনকল কৰছিল , ফোনত তাই ঠিকছে কানছি , তাইৰ নিকাহ হোৱাৰ মন নায়ই , তাই পঢ়ভাৰ মন , আপনাক কথাষাৰ জনাব কৈছি । আজি পুৱাই মীৰ্জা ঘৰৰ মানুহে গম নোপোৱাকে ক'ব আইছিল । 
"

নীলা : - " মমতাজ বাইদেউ , এই কথাষাৰ আপুনি থানাত ক'ব পাৰিবনে ? "
মমতাজ :- " বাইদেউ , আমি দুখীয়া মানুহ , হলিও আপিটোক লাগি বেয়া লাগে হয়না । মই থানাত কম দক । "

       নীলাই ব্লকত কথাটো বিৱৰি  জনালে । ব্লকৰ C.R.C বাইদেৱে থানাত গৈ ঘটনাটো সম্পৰ্কে জনাবলৈ সন্মতি দিলে । পিছদিনা পুলিছে ইটা ভাটাৰ মালিকৰ নাম্বাৰ ট্ৰেছ কৰি ধুবুৰীৰ পৰা জাহিদা আৰু জাহিদাৰ মাক-দেউতাকক উদ্ধাৰ কৰি উলিয়ালে ।

       জাহিদাক পুনৰ বিদ্যালয়লৈ অনা হ'ল । জাহিদাই নীলাৰ গাত ধৰি হুক্ হুকাই কান্দিব ধৰিলে । ওচৰৰ স্বেচ্ছাসেৱী সংগঠন এটাই বিদ্যালয়ত মুকলি সজাগতা সভাৰ আয়োজন কৰিলে । সভাত গাঁৱৰ মানুহ , বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী , শিক্ষক , পুলিছ আদি সকলো উপস্হিত আছিল । নীলাক দুআষাৰ ক'বলৈ দিয়াত নীলাই ক'বলৈ উঠিলে । নীলাই  বাল্য বিবাহৰ ওপৰতে ক'লে -

       " ওঠৰ বছৰৰ কম বয়সৰ ছোৱালী বিয়াৰ বাবে শাৰীৰিক আৰু মানসিক ভাবে সক্ষম নহয় । বাল্য বিবাহ বিৰোধী আইন , ২০০৬ ৰ মতে  ওঠৰ বছৰ তলৰ ছোৱালী বিয়া পাতিলে দুবছৰ কাৰাদণ্ড আৰু একলাখ টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে ।  আকৌ POSCO আইন ২০০৭ ( ১ নবেম্বৰ ) মতে ছোৱালীৰ  বিয়াৰ বয়স ২১ বছৰ  হ'ব লাগে , যদি কম বয়সৰ ছোৱালীক বিয়া কৰায় তেন্তে দৰা , অভিভাৱক , মৌলৱী , বিয়াৰ বাবে উচটোৱা সকলো লোককে কাৰাদণ্ড বিহিব পাৰে , যাবজ্জীৱন কাৰাদণ্ড আৰু একলাখ টকা জৰিমনা দিব লগা হ'ব পাৰে ।
       ছোৱালীক পঢ়োৱাব লাগে , মুক্ত মনে ফুৰিবলৈ দিব লাগে , হাঁহিবলৈ  দিব লাগে , খেলিবলৈ দিব লাগে । আমি ছোৱালীকো ল'ৰাৰ সমানেই গুৰুত্ব দিব লাগে , মৰম কৰিব লাগে । কিজানি আমাৰ মাজৰ পৰাই হিমা দাস , ৰীমা দাস , চানিয়া মীৰ্জা , ৰীতা চৌধুৰী আদিৰ দৰে নাৰী ওলাব পাৰে । "
       মিটিঙ শেষ হোৱাৰ পাছত  নীলাই জাহিদাক লগত লৈ একেলগে টিফিন খাবলৈ কমন ৰুমত সোমালে ।

       নীলাৰ মনটো বৰ মুকলি মুকলি লাগিল । তাই জাহিদাৰ মূৰত মৰমেৰে হাত বুলাই ভালদৰে পঢ়া শুনা কৰিবলৈ ক'লে আৰু মন মাৰি নাথাকি হাঁহি-মাতি থাকিবলৈ ক'লে । দুয়ো একেলগে বহুত কথা পাতিলে ।





পুস্পাঞ্জলি পাংগিং গাম
সহঃ শিক্ষয়িত্ৰী
পাহাৰ তলী প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড - ছমৰীয়া

Post a Comment

0 Comments