header ads

অসমীয়া গল্প, স্বপ্ন ভংগ ( কথা গল্প ), কৃষ্ণ কলিতা, ৩য় বছৰ ৩য় সংখ্যা

 স্বপ্ন ভংগ  ( কথা গল্প )





: অভিনন্দন ৰাজবীৰ ।
: ধন্যবাদ ।
: তুমি কেতিয়া যাবাগৈ ?
: মই নাযাওঁ ।
: কিন্তু , কিয় ?
: মন নাই ।
: তেন্তে এন্ট্ৰেন্স দিছিলা কিয় ?
: নিজক জুখি চালোঁ ।
: আচৰিত , তাত 'চিট' পাবলৈ সৌভাগ্য লাগে ,
: নাই , মই নামানো ।
: তোমাৰ কষ্টবোৰ আৰু মেধাক অপচয় নকৰিবা ,
: মই ইয়াতে সন্তুষ্ট ।
: ওফ্ , নুবুজা কিয় ?
: মোৰ উচ্চাকাংক্ষাক বধ কৰিছোঁ ..
: আৰু তোমাৰ সপোনবোৰৰ !!?
: সপোন দাদাৰো আছিল ।
: সি কোৰ্চৰ বোজা লৱ নোৱাৰিলে ।
: মিছা কথা , সি অসমৰ প্ৰথম স্থান প্ৰাপ্ত আছিল ।
: সি গুচি আহিব নালাগিছিল।
: তাক শাৰিৰীক , মানসিক আতিশয্য চলোৱা হৈছিল ।
: Oh , no . He was mentally disorder .
: False , It was established by the institution .
: Actually , তোমাকহে , mental disorder ত ভোগা যেন লাগিছে ।
: নহয় । Treatment is going on . এতিয়া দাদা সচাঁই Mental Disorder ত ভুগি আছে ।






কৃষ্ণ কলিতা
মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক
কূলহাটী চেছামুখ মণ্ডল
শিক্ষাখণ্ড : হাজো।

Post a Comment

0 Comments