header ads

অসমীয়া গল্প, সময় , নীৰা তালুকদাৰ

 সময়  (গল্প )


" মাজনী , ভাত বাঢ়িছো আহ । ককাকো মাতি লৈ আহ । "
" ককা , ভাত দিছে ব'লা । "
ককাক মানে মিহিৰ দাস অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু মাজনী , তেখেতৰ নাতিনী প্ৰিয়া । মাকৰ মাতত মাজনী আৰু ককাক ভাতৰ পাতত বহিল ।
" দেউতা , আমন - জিমনকৈ কিয় আছে ? ভাতকেইটা ভালদৰে খাওক । " - মাছৰ জোল অলপ দি তন্দ্ৰাই অৰ্থাৎ মাজনীৰ মাকে শহুৰেকক আপদাৰ ধৰিলে ।
মিহিৰ দাসে অৱসৰ পোৱা দুবছৰে হ'ল । আজিলৈকে পেন্সনৰ কামেই হোৱা নাই । যোৱাবছৰ ক'ভিডত পত্নীও ঢুকাল । সৰু চহৰ এখনত সৰু চাকৰি কৰা পুত্ৰ - বোৱাৰীয়ে গাঁৱত অকলে থাকিব নিদি মাকৰ কাজ - কৰ্ম সমাপনৰ পিছতে দেউতাকক লগত লৈ আহিল । 
সৰু ঘৰটোত থকাৰ অসুবিধা । ইফালে ককাকে সদায় মাজনীৰ মাকক কৈ থাকে পেন্সনৰ কাম হ'লে ঘৰটো ডাঙৰকৈ বনাব । এই দুবছৰে আশা দি কাম নোহোৱাত লাজ পাই নিশ্চুপ হৈ থাকিব লগা হৈছে । মাজতে ল'ৰায়ো দুদিন পেঞ্চনৰ কামৰ বাবে অফিচলৈ গৈছিল ; কিন্তু একো আও - ভাও নাপাই দেউতাককে যাবলৈ দিলে ।
কৰ্মৰত অৱস্থাতে মিহিৰ দাসে দুটা ইনক্ৰিমেন্ট একে সময়তে একেলগে লৈছিল । তেখেতৰ সম - সাময়িক বহুতে লৈছিল । সকলোৱে বুজাবুজিৰে কাম সমাধান কৰিলে । দাসৰ বেলিকা অফিচাৰ গৰাকীৰ মানসিকতা অলপ বেলেগ হ'ল । অতিৰিক্তকৈ লোৱা ধন ঘূৰাই দিবলৈ দিলে । পিছে বৰ্তমান দাসৰ ধন ঘূৰাই দিয়াৰ সামৰ্থ নাই । তেওঁ কথাখিনি বহলাই আলোচনা কৰিবলৈ টান পায় । সকলোৱে সমীহ কৰা মানুহজনে পো - বোৱাৰীৰ আগত মানসিক অস্থিৰতা উদঙাই নিজকে সৰু কৰিবলৈ টান পাই কি কৰিম , কি নকৰিম ভাবি বিমোৰত ! " ককা , ভাত শেষ কৰা । " মাজনীৰ মাতত ককাই সম্বিৎ ঘূৰাই পাই ততাতৈয়াকৈ ভাতকেইটা খাই উঠি গ'ল ।
বাহিৰৰ মুকলি আকাশৰ ফালে খন্তেক চাই পুনৰ চকু মুদি মিহিৰ দাসে নিজকে নিজে বিৰবিৰালে ― " কালিলৈ অফিচলৈ গৈ কি কৰিব লগা আছে কৰি সমস্যাটোৰ সমাধান কৰিব লাগিব । "


নীৰা তালুকদাৰ
প্ৰধান শিক্ষয়িত্ৰী
নগাঁও চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড - কৰৰা
মোবাইল - ৯৮৫৪৯১১৪৭৫

Post a Comment

0 Comments