header ads

অসমীয়া গল্প, হেপ্পী বিহু, পল্লবী পাঠক,৪ৰ্থ বছৰ ৩য় সংখ্যা

 হেপ্পী বিহু



    

           ৰাতিপুৱা কাষৰ পথাৰখনৰ পৰা ভাঁহি অহা বিহু নামটোৰ লগতে ৰজত বৰুৱাৰ টোপনি ভাগিল । চকুহাল মেলিয়েই মনত পৰিল আজি প্ৰথম বহাগ । মনটো ভাল লগাৰ লগতে ক'ৰবাত কিবা এটা শোকে বৰুৱাৰ বুকুখন গধুৰ কৰিও পেলালে । আজিকালি ভাল লগাবোৰৰ লগতে কিয় জানো বেয়া লগাবোৰেও মনটো ভৰাই তোলে । ইমান বছৰত আজি প্ৰথমবাৰৰ বাবে একমাত্ৰ পুতেক সীমান্ত বিহু বুলি ঘৰলৈ আহিব নোৱাৰিলে । অৱশ্যে তাক দোষ দিও লাভ নাই । ছমাহ আগতে বিয়াখন পাতি বিদেশলৈ গৈছেহে দুয়ো , আহিব নোৱাৰে বুলি যাওঁতেই কৈ গৈছিল । পিছে কৈ গ'লেও দুখটো জানো কমি যায় । বৰুৱা দম্পত্তিৰ কাৰণে দুখৰ কাৰণ আৰু এটা আছে , বিদেশী বোৱাৰী চুজী মেথিউ । ল'ৰাই বিয়া পাতিলেই হেনো মাক-বাপেকৰ পৰা আঁতৰি যায় , তাতে আকৌ বিদেশী ৱোৱাৰী , সাতে -সোঁতৰই মিলি বৰুৱা দম্পত্তিৰ দুখ কুলাই পাচিয়ে নধৰা হৈছে । তাতে আকৌ দুখবোৰো এনেকুৱা যে আনৰ আগত ক'ব ও নোৱাৰি । কয় নো কেনেকৈ , ইমান দিনে ল'ৰা বিদেশত থাকে বুলি তেওঁলোকে কৰা গৰ্ব চাৰখাৰ নহ'ব নে ? সেয়ে মনৰ কথা মনতেই ৰাখে দুয়ো ।

      গা-পা ধুই ডাইনিং টেবুলত বহে মানে ঘৰৰ বাকীবোৰ কাম শেষ কৰি বৰুৱানীও কাষতে চাহকাপ লৈ বহিল ।  দুয়ো ইটো-সিটো কৈ বহুত কথা পাতিলে যদিও কাণখন কিন্তু মোবাইলতেই থাকিল । আজি কিছুদিন সীমান্তই মাক-বাপেকৰ সৈতে কথাও পতা নাই ভালকৈ । বিভিন্ন কামৰ অজুহাত দেখুৱাই ফোনটো থৈ দিয়ে । চুজীয়ে অসমীয়া ক'বলৈ নজনাৰ অজুহাত দেখুৱাই কথা নাপাতে । কথাবোৰে বুকুখন গধুৰ কৰি তোলে দুয়োৰে । নিজে দিয়া সংস্কাৰৰ ওপৰতেই সন্দেহ জাগে । তথাপিও এটা ক্ষীণ আশাই মনত গঁজালি মেলে , কিজানিবা বিহুৰ দিনা পুতেকৰ ফোন এটা আহেই । বহু অপেক্ষাৰ অন্তত বহু আকাংক্ষিত ফোনটো বাজি উঠে । প্ৰায় উচপ খাই উঠে দুয়ো । বৰুৱাই ফোনটো ধৰাৰ লগে লগে "হেল্লো" বুলি নাৰীৰ কন্ঠ ভাঁহি আহে । বৰুৱাই সেই নাৰী কন্ঠ চিনি পায় । সেইটো তেওঁলোকৰ বহু আকাংক্ষিত পুতেকৰ ফোন নাছিল , আছিল বোৱাৰীয়েক চুজীৰ ফোন ।

- " তুমি চুজী নহয়নে ! "

- " Yes " সিপিনৰ পৰা চুজীয়ে উত্তৰ দিয়ে ।

- " Wishing you a very happy Rangali Bihu Sujee

- " বৰুৱাই বোৱাৰীয়েকক বিহুৰ শুভেচ্ছা জনায় । বিদেশী ৱোৱাৰী , ইয়াতকৈ বেছি আৰু কি ক'ব । আশীৰ্বাদটো বুজি নাপায় ।

- " ধন্যবাদ দেউতা , আপোনালৈও ৰঙালী বিহুৰ সেৱা জনালোঁ । আশীৰ্বাদ কৰিব দেউতা । "

      চুজীৰ মুখৰ ভগা ভগা অসমীয়াৰে কোৱা কথা কেইটা শুনি বৰুৱাই যেন নিজৰ কাণ দুখনকেই বিশ্বাস কৰিব নোৱাৰিলে ।

- " দেউতা , মই ক'ব পাৰিছোনে অসমীয়া ? " চুজীৰ মাতত নিশ্চুপ হৈ থকা বৰুৱাৰ হুচ আহিল । ইমান দিনে বুকুত থূপ খাই থকা দুখবোৰ বৰফ গলা দি গলি চকুৰে ওলাই আহিল ।

- " পাৰিছা ,পাৰিছা চুজী । বহুত আশীৰ্বাদ থাকিল তোমালৈ । লোৱা মাৰাৰ লগত কথা পাতা । " থোকাথুকি মাতেৰে কথা কেইটা কৈ ঘৈণীয়েকৰ পিনে ফোনটো আগবঢ়াই দিলে ৷

      হঠাৎ বৰুৱাৰ মনটো ভাল লাগি গ'ল । ল'ৰাক দিয়া নিজৰ সংস্কাৰ , শিক্ষাৰ ওপৰত আকৌ এবাৰ গৌৰৱ অনুভৱ কৰিলে ৷

      হেপী বিহু নকৈ ৰঙালী বিহুত সেৱা জনোৱা বিদেশী বোৱাৰীজনীক আজি প্ৰথমবাৰৰ বাবে বৰুৱাৰ নিজৰ নিজৰ লাগি গ'ল ।



পল্লবী পাঠক
সহ: শিক্ষয়িত্ৰী
গুইমাৰা মধ্য ইংৰাজী বিদ্যালয়



Post a Comment

0 Comments