header ads

অসমীয়া গল্প, নপঢ়োঁ যা , ড° হংসধৰ শৰ্মা , ৪ৰ্থ বছৰ ৪ৰ্থ সংখ্যা

 নপঢ়োঁ যা 



  ৰাতিপুৱা সময় ৷ অনুপমে পত্নী জোনালীৰ পুৱাৰ চাহকাপৰ আশাত ৰৈ আছে ৷ কাষত সৰু ছোৱালীজনীয়ে ফলি কিতাপ লৈ দেউতাকে দেখুৱাই দিয়াৰ অপেক্ষাত বহি আছে ৷ এনেতে মানুহ এজন আহি অনুপমক পোনে পোনে ক’লে , ‘’ দাদা! মোক অলপ সহায় লাগিছিল ৷ লক-ডাউন হোৱা বাবে চলাৰ উপাই নোহোৱা হৈছে ৷ আগতে বেলেগৰ ঘৰত কাম-বন কৰি কিবাকৈ চলি আছিলোঁ ৷ এতিয়া উপাই বিহীন হৈছোঁ ৷”
আশাভৰা চাৱনিৰে ল'ৰাজনে একে উশাহতে কথাখিনি কৈ অনুপমৰ ফালে চাই তলমূৰ কৰিলে ৷
          অনুপমে ঘূৰি চাই দেখিলে আৰু মনে মনে আওঁৰালে- " বাবুৰ ল'ৰা ৷"
          অনুপমক ল'ৰা জনৰ কথাষাৰে বহুবছৰ আগলৈ লৈ গ'ল ৷ ল'ৰাজনৰ দেউতাক অনুপমে পঢ়া প্ৰাথমিক বিদ্যালয়ৰ হেডছাৰ আছিল ৷ ৰাইজৰ সহযোগত নিজে পতা স্কুল ৷ বহুত ভাল মানুহ উলিয়াইছে তেওঁ ৷ তেনেই পিছপৰা অঞ্চল ৷ অঞ্চলটোত নাম আছে বাবুৰ , সকলোৱে সমীহ কৰে ৷ ছাত্ৰ-ছাত্ৰী সমন্বিতে সকলোৱে তেওঁক 'বাবু' বুলিয়ে সম্বোধন কৰে ৷ দুখীয়া অথচ পঢ়াত ভাল ছাত্ৰ-ছাত্ৰীক বিভিন্ন সহায়েৰে সহায় কৰি পঢ়াৰ সুবিধা কৰি দিছিল বাবুৱে ৷ তেখেতে অনুপমক বহুত মৰম কৰিছিল ৷ স্কুল ছুটিৰ পাছত প্ৰায়ে চাইকেলত উঠাই ঘৰত থৈ আহিছিল ৷ আনকি কেতিয়াবা কেতিয়াবা নিজৰ ঘৰলৈ লৈ গৈ ভাত-পানী খুৱাই ঘৰত থৈ আহিছিল গৈ ৷ বাবুৰ পত্নীয়ে অনুপমক মৰমতে কৈছিল ,"তই মোক মা বুলি মাতিবি ৷"
          অনুপমৰ লাজ লাগিছিল ৷ মা বুলি নামাতি ‘বাইদেউ’ বুলিয়ে মাতিছিল ৷
অনুপম হাইস্কুল পোৱাত বাবুৱে নিজৰ ল'ৰা-ছোৱালী তিনিটাক পঢ়াব দিছিল ৷ বিশেষ কাৰণত ল'ৰা-ছোৱালী কেইটা পঢ়োৱা হ'ল ৷ অনুপমৰ ঘৰৰ অৱস্থা বেয়া বাবেহে ৷ অনুপমে যাতে সোনকালে গৈ পঢ়ুুওৱাৰ লগতে ভাত-পানী খাই স্কুললৈ যাব পাৰে ৷ বাবুৰ ঘৰৰ বাটেৰেই অনুপমহঁত বোকা-পানী , ধূলি-মাকতিৰে প্ৰায়  তিনি কিলোমিটাৰমান বাট খোজ কাঢ়ি হাইস্কুললৈ যায় ৷ অনুপমৰ প্ৰতি থকা মৰমতহে বাবুৱে পঢ়া-শুনাত মন নাই যদিও নিজৰ ল'ৰা-ছোৱালী কেইটাক পঢ়াব দিছিল ৷ 
          এদিনৰ এটি ঘটনাই অনুপমৰ মনত প্ৰায়ে ৰেখাপাত কৰে ৷ এদিন অনুপমে পঢ়াই থাকোতে এই ল'ৰাজনে হাতত থকা মাটি পেঞ্চিলডাল অনুপমৰ গাত দলি মাৰি দি কলে , "নপঢ়োঁ যা ৷"
         অনুপম হতবাক হ'ল ৷ এনেতে বাবুৰ বাইদেউ কোঠাটোত সোমাই দেখা পালে ৷ তেওঁ স্কেল এপাত অনুপমৰ হাতত তুলি দি ক'লে ," কি চাই আছ , পিটি দে তাক , পিটি দে ৷"
         অনুপমে কোবাব নোৱাৰিলে ৷ অনুপমে গৃহ শিক্ষক হিচাপে অন্য ছাত্ৰ -ছাত্ৰীক সৰু-সুৰা দুই এটা শাস্তি কেতিয়াবা নিদিয়া নহয় ৷ পাছত দুখ অনুভৱো কৰে ৷ তেওঁ পঢ়াতো ভাল , পঢ়ুৱাতো ভাল বুলি সুনাম এটা আছে আৰু মৰমিয়াল বুলি প্ৰায় সকলোৱে কয় ৷ সেয়ে নিজৰ ল’ৰা-ছোৱালীৰ গৃহ শিক্ষক হিচাপে বহুতে পাব বিচাৰে ৷ আজি কিন্তু তেওঁ কোবাব নোৱাৰিলে কাৰণ ছাৰৰ ল'ৰা ৷ ল'ৰাজনৰ মাতৃয়ে স্কেলপাত নি ল’ৰাটোক কোবাব ধৰিলে ৷ অনুপমে থাপ মাৰি ধৰি কোবাবলৈ বাধা দি ক'লে , " নালাগে বাইদেউ কোবাব... নালাগে ৷"
          "নালাগে কোবাব ,এই গাধ-গৰু কেইটাক,নালাগে... নিজে সৰু হৈ ইহঁতক মানুহ গঢ়িবি ৷" তেওঁ খঙতে ফোপাব ধৰিলে ৷
         বাবুৰ কথামতে পঢ়াৱ গৈছিল যদিও সেই দিনাৰ পৰা অনুপম আৰু নগ'ল ৷      
        অনুপমে শিক্ষা-দীক্ষা লৈ নিজে পঢ়া হাইস্কুলখনতে শিক্ষকৰ চাকৰি পালে ৷ বাবুৰ চাকৰি কাল শেষ হোৱাত অৱসৰৰ দিনা বিদায়ৰ দিন হিচাপে ৰাইজে অংশ লৈ বিদায় সম্ভাষণ জনালে ৷ অনুপমো ব্যতিক্ৰম নহ'ল ৷ হ'বই বা কেনেকৈ ! কম মৰম কৰিছিল নে বাবুৱে ৷ আনকি শিক্ষা-দীক্ষাৰ পাছত অনুপমৰ ক'তো একো চাকৰিৰ সুবিধা নোহোৱা বুলি শুনি অনুপমৰ খা-খবৰ লৈ অনুপমৰ পিতৃক কৈছিল , " নহ'লে মই ছুটি লৈ তেওঁকে মোৰ ঠাইত সুমুৱাই থওঁ ?"
         অনুপমে সেই কথা মানি নল’লে ৷ সেই মৰম আশীৰ্বাদ অনুপমে কেনেকৈ পাহৰে ৷
         বাবুক ঘৰত থৈ সকলো ঘৰা- ঘৰি গ'ল ৷ বিদায়ৰ বেলাত চকু চলচলীয়া কৰি সেৱা জনাওঁতে অনুপমক সাৱতি ধৰি বাবুৱে আবেগিক হৈ কৈ উঠিল , "মোক সকলোৱে এৰি যাবি ?"
         সেই স্মৃতি অনুপমে আজীৱন পাহৰিব পৰা নাই ৷ কেইদিনমান পাছত বাবুৱে অনুপমক এখন পুৰণা ইংৰাজী ডিক্সনাৰী ঘৰত গৈ দি থৈ আহিছিল ৷ বোধয় নিজৰ ল'ৰা-ছোৱালীৰ বাবে আনিছিল ৷ বহু বছৰ হ'ল অনুপমৰ বাবুহঁতৰ ঘৰৰ লগত যোগা-যোগ নাই ৷ 
          আজি বাবুৰ ল'ৰাৰ এই অৱস্থা দেখি অনুপম আচৰিত হ'ল ৷ মমবাতিৰ দৰে পোহৰ আৰু ধূপৰ দৰে সুগন্ধি বিলাই জীৱন পাত কৰা বাবু সঁচাকৈ মহান কিন্তু ...! অনুপমৰ মনত সদাই বগা ধূতী-পাঞ্জাৱীৰ লগতে চাইকেলখন আৰু কাপোৰৰ গেৰুৱা ৰঙৰ জোতা যোৰৰ চৰণযুগলৰে বাবুৰ অৱয়বৰ স্মৃতি ৰোমন্ঠন হ'ল ৷ 
          "দেউতা! আহা না.. মোক দেখুৱা হি আৰু অলপ বাকী আছে ৷ বহুত লিখা দিছে মেমে l" সৰু ছোৱালী জনীয়ে ক’লে l
         "তেতিয়াৰে পৰা কিনো গোজা মাৰি বহি আছে... চলিটোকো অলপ দেখুৱাব পাৰে ৷" অনুপমৰ পত্নীয়ে হাতত চাহলৈ আহি ক’লে ৷
         "নিজৰ ল'ৰা-ছোৱালীৰ কাষত বহি পঢ়াব পৰা শিক্ষক কম আছে অ' জোনালী !"
         অনুপমৰ গভীৰ ভাৱনাত কথাষাৰে দোলা দিলে যদিও জোনালীয়ে শুনাকৈ ক’ব নোৱাৰিলে ৷


      ড° হংসধৰ শৰ্মা ,
অৱসৰপ্ৰাপ্ত অধ্যক্ষ ,
বৃন্দাবন উচ্চতৰ মাধ্যমিক বিদ্যালয় ।
কৰৰা শিক্ষাখণ্ড।

Post a Comment

0 Comments