header ads

অসমীয়া গল্প, প্ৰভু, শেৱালী নাথ , ৫ম বছৰ-১ম সংখ্যা,

 প্ৰভু




“ঔ , ঔ ,ঔ --!”
ডাঙৰ বৌৱেকে মতাৰ লগে লগে কুকুৰটো হাজিৰ হ’লহি ৷ দমকলৰ পাৰত থকা কাঁহীখনত মাংসৰে সানি দিয়া ভাতকেইটাৰ পৰা হাঁড়  এডাল তুলি চোবাবলৈ ধৰিলে ৷ এটা ঢেকুৰা কুকুৰক আৰু কি নামেৰে মাতিব বাৰু ? নাম এটা দিয়াৰ কথা কাৰো মনলৈ অহাই নাছিল ৷ কুকুৰ মানে ঔ,ঔ ৷ অৱশ্যে টকা দি কিনি অনা কুকুৰবোৰৰ কথাটো সুকীয়া ৷ নামবোৰো ধুনীয়া টমি , এলিছ , টম , চিৰু ! নামটো শুনিলেই ল’বলৈ মন যায় ৷ দৈনন্দিন চেম্পু , চাবোন বা খাদ্য তালিকাৰ বস্তুবোৰৰ নাম জানিলে কেতিয়াবা ভাব হয় , মানুহ হিচাপে জন্ম লোৱাতকৈ এনেকুৱা ধনী মানুহৰ কুকুৰ হিচাপে জন্ম ল’লেই বহু মানুহৰ জীৱনবোৰ ছাগে সাৰ্থক হ’লহেঁতেন ৷
গাঁৱৰ কথা ৷
সেয়ে ঘৰখনৰ সকলোৱে ঔ ঔ বুলি মাতিলে , কুকুৰটোৱে নেজদাল জোকাৰি জোকাৰি গৃহস্থৰ কাষ পায়গৈ ৷ নিগাজি বিচনা নাই , বেছিভাগ বাৰান্দাখনৰ চুক এটাত বা ঠাণ্ডা দিনত কেতিয়াবা খেৰৰ পুঁজিৰ ওপৰত ৰ’দ লগাই ঠেং কেইখন মেলি শুই থাকে ৷
“ঔ ,ঔ ----!”
নেজ জোকাৰি দুই ঠেঙৰ ওপৰতো ভৰি দি ডাঙৰ বৌৱেকৰ মুখৰ ফালে চাই থাকে ৷
“বৌ কি হ’ল ? মোক কিয় মাতিছিলি ?”তেনে ভাৱত মুখলৈ চাইছে ৷

“ঐ, তই ইয়াতে বহি থাকিবি , চোতালত ধান মেলি দিছোঁ , হাঁহকেইটাক আহিবলৈ নিদিবি ৷” নেজ পেলাই কৰা অংগীভংগীত বৌৱেক বুজি পাইছে সি কথা শুনিব ৷
চাৰিটা ভাই-ককাই থকা যৌথ পৰিয়ালটোত এটাৰ পিছত এটা হ’লেও সৰু ল’ৰা বা ছোৱালী থাকেই ৷ থুপুক-থাপাক খোজ দিয়া সৰু ল’ৰাটোৱে বল দিলেই আইতাকে কৈ উঠে , “থিয় কৰাই ধৰি থাকচোন , সি হাগিব ৷” 
লগে লগে ঔ ঔ ! আৰু পলকতে ঠাইখিনি চাফা হয় ৷
ঘৰখন প্ৰায়ে আলহী অতিথিৰে ভৰি থাকে ৷ সেয়েহে পুখুৰীৰ মাছ বা বোৱাৰী কেইজনীয়ে পোহা মুৰ্গীটো বা হাঁহটোৰ মাংসৰ ফুৰফুৰীয়া গোন্ধ এটা পাকঘৰৰ পৰা ওলাইয়ে থাকে ৷ গতিকে হাঁড় কেইটুকুৰা বা কাঁহীত ৰোৱা ভাতকেইটা , যদিও দমকলৰ পাৰত হাঁহকেইটাই খেদখেদাই থাকে তথাপিও কুকুৰটোৰ ভাগত সৰহখিনিয়েই পৰে ৷ তাতে ডাঙৰ বৌৱেকে হাঁড়ত অলপ অলপ মাংস লাগি থকা টুকুৰা চাৰিটামান শেষলৈকে ৰাখে ৷
জায়েকহঁতে কাঁহী বাতিবোৰ ধুই অনাৰ পিছত নিজৰ কাঁহীখনত আটাইবোৰ লৈ দমকলৰ পাৰত থকা কাঁহীখনত বাকী কয় , “এইখিনি খা, বেলেগৰ চুৱা-পাতনিলৈ নাযাবি ৷ আনৰ গালি শুনিব নোৱাৰোঁ ৷
কুকুৰটো সন্তুষ্ট হয় ৷ ঘৰৰ মানুহবোৰ জিৰণি লোৱা ছেগতে বুকুত মেখেলাখন পিন্ধি আবেলি গাটো ধোও বুলি কোনোবাজনী যদি দমকলৰ পাৰৰ কাপোৰ ধোৱা শিলছটাত বহে , কাষতে ঠেং দুখনত ভৰ দি মুখলৈ চাই থাকে ৷

“ঐ নিলাজ, কি চাই আছ ? গ’লি নে ইয়াৰ পৰা ৷” তাৰ পৰা ধমক খাই আহি বাটচ’ৰাটোতে মূৰটো পেলাই শুই থাকে ৷ মাজে মাজে চকুৱে-মুখে পৰা মাখিকেইটাক খেদিবলৈ কেং কেং কৰে , বা গৰমৰ দিনত যেতিয়া ভাত-পানী খাই গোটেইকেইজনী জায়েকে ইটোৱে সিটোৰ মূৰত ওকনি চাই ইটো সিটো কথা পাতে , কুকুৰটোৱে জিভাখন এহাতমান উলিয়াই দুই ঠেঙৰ মাজত মূৰটোৰে দীঘল দীঘলকৈ উশাহ লৈ বৌৱেকহঁতৰ কথা শুনি থাকে ৷ চুচৰি চুচৰি যাব পৰা ল’ৰাটোৱে কোনোবা পলকত থাপ মাৰি কুকুৰটোৰ গাত উঠিলেও সি একো নকৰে ৷
ৰাতি ৰাতি গোটেই ঘৰখনক পহৰা দিয়াটো তাৰ দায়িত্ব ৷ ঘৰখনত কাম কৰাকৈ থকা মোহনক ইটো কৰ , সিটো কৰ বুলি সকিয়াই থকাৰ দৰে  ঘৰৰ কোনোৱে কুকুৰটোক সকিয়াই থাকিব নালাগে ৷ তাৰ ভাগৰ কামবোৰ সি ঠিকেই কৰে ৷ মুঠতে তাৰ কামৰ লেখজোখ নাই ৷ আবেলি টিউচনলৈ যোৱা মাখনীৰ চাইকেলৰ লগে লগে তাৰো দৌৰ আৰম্ভ হয় ৷ এইবাৰ মেট্ৰিক দিব ৷ চকুত পৰা হৈ উঠিছে ৷ 
“যাচোন বায়েৰক টিউচনৰ পৰা আগবঢ়াই আনগৈ , বাহনিডঁৰাত ভয় কৰিবও পাৰে বুলি যেতিয়া দেউতাকে ৰন্টুক কয় , সি টিভি চোৱাত ব্যস্ত থাকিলেও কিন্তু কুকুৰটোৱে তাইৰ কাষে কাষে আহি থাকে ৷ ক’বলৈ গ’লে বিনা পইচাৰ বডিগাৰ্ড ৷
“ৰন্টু, এই চকলেট কেইটা খা ৷ মইয়ে মাখনীক আনিবলৈ যাওঁ বুলি কোৱা মোহনৰ কথাখিনি ঘৰখনৰ আন কোনোৱে গম নাপালে ৷ গাঁওখনৰ নিতুলৰ লগত মোহন বাঁহনিডৰাত ৰৈ থাকে , নিতুলে মাখনীক ভাল পাবলৈ দিয়া চিঠিকেইখন কঢ়িওৱা পিয়ন হ’ল মোহন ৷ সঠিক উত্তৰ পোৱা নাই ৷ আনহাতে তাই মোহনক সকিয়াই দিছে , আৰু যদি সি ভালপোৱাৰ চিঠি দিয়ে , তেনেহ’লে তাই দেউতাকক কৈ ঘৰৰ পৰা তাক উলিয়াই দিব ৷ সেয়েহে হিচাপ-নিকাচ কৰিবলৈ দুয়ো খাপ পিটি আছে আৰু মাখনী টিউচনৰ পৰা উভতি আহোতে তাইক ধৰি বাঁহনিডৰাৰ ভিতৰলৈ টানি নিলে ৷
কুকুৰটোৱে সৰ্বশক্তিৰে ৰাংকুকুৰ দুটাৰ হাতৰ পৰা মাখনীক বচাবলৈ সিহঁতৰ ওপৰত জঁপিয়াই পৰিল ৷ কামুৰিলে, আঁচুৰিলে--! তাকো আঘাত নকৰা নহয় , তাৰপিছতো সি মাখনীক বচাবলৈ অপ্ৰাণ চেষ্টা কৰিলে ৷ শেষত কুকুৰটোৰ  উপৰ্যুপৰি কামোৰত ৰ’ব নোৱাৰি দুয়োৰে হাত সোলোক ঢোলোক হোৱাত মাখনী দৌৰি দৌৰি ঘৰ পালেগৈ---আৰু তাই বিবৰ্ণ অৱস্থাৰে কান্দি কান্দি সকলো কথা ক’লে ৷
সকলো দৌৰি আহিল ৷
ইতিমধ্যে কুকুৰটোৱে সিহঁত দুয়োজনৰ অৱস্থা কাহিল কৰি পেলাইছিল ৷ পলাই যাবলৈ সিহঁতৰ শক্তি নাছিল যদিও ওচৰতে পোৱা বাঁহৰ মুঢ়াৰে কুকুৰটোক কোবালে ৷

মাখনীৰ দেউতাকে কুকুৰটোৰ মূৰটো দাঙি ধৰি কান্দিবলৈ ধৰিলে ৷
কিবাকৈ , কিবাকৈ সি চকু মেলিবলৈ যত্ন কৰিলে ৷ সি হাঁহিছে নে কান্দিছে কোনোৱে ধৰিব নোৱাৰিলে ৷ তাৰ চকুৰে বৈ অহা চকুপানীখিনিয়ে কিন্তু সকলোকে কন্দুৱালে ৷ মাখনীক বচোৱাটো যেন তাৰ কৰ্তব্য আছিল ৷
দুয়োটা চকুৰে বৈ অহা চকুপানীখিনি মাখনীৰ দেউতাকে মছি দিলে ৷ তাৰ চকুপানীখিনি মছি দি শান্তি পাইছে ৷ নহ’লে গোটেই জীৱন দেখোন জীয়েকৰ বাবে নিজে চকুপানী মছি থাকিব লাগিলহেঁতেন ৷ এইখিনি জীয়েকৰ ভাগৰ চকুপানী , মাক-দেউতাকৰ ভাগৰ চকুপানী , গোটেই ঘৰখনৰ সন্মানৰ চকুপানী ৷ সকলোৰে ভাগৰ চকুপানীখিনি এটা ঢেকুৰা কুকুৰে সামৰিলে ৷
শান্তি পাইছে সি , বহুত শান্তি পাইছে ৷ এটা ঢেকুৰা কুকুৰক ইয়াতকৈ বেছি সন্মান লাগে নেকি বাৰু ? নিজৰ জীৱন দি ঘৰখনৰ সন্মান বচালে ৷ ডাঙৰ বৌৱেকৰ বাবে সি এটা সন্তানেই আছিল ৷ সন্মানেৰে তাক নি বাঁহনিডৰাতে পুতি থ’লে ৷ মাখনীয়ে ঘৰৰ ফুলনিখনৰ ফুল কাকো চিঙিব নিদিয়ে ৷ আজি নিজেই সকলো ফুল চিঙি তাৰ গাঁতটোৰ ওপৰত ছটিয়াই দিলে ৷ মনত ৰাখিবলৈ নাম লাগে নেকি ? 
আমাৰ এটা কুকুৰ আছিল নহয় (!)
কুকুৰটোৱে আমাৰ মাখনীক বচাইছিল এদিন ডাঙৰ বৌৱেকে মাংস অলপ বেছিকৈ দি কথাটো কয় জোৱায়েকক ৷ কেৰাহীত ৰোৱা মাংসখিনি খাব নোৱাৰিলে কাঁহীখনত লৈ দমকলৰ পাৰত ৰৈ আকৌ মাতিলে ----- ঔ ঔ ঔ ৷ নেজ জোকাৰি অহা কুকুৰটোক আটাইখিনি ঢালি দিলে ৷
“বেছিকৈ খা ৷ আনক বচাবলৈ নিজে শক্তিশালী হ’ব লাগিব ৷”
“বৰমা কিয়নো তুমি কুকুৰটোক ঔ ঔ বুলি মাতা ? তাৰ নাম আছে নহয়।  আজিৰ পৰা তাক জেকী বুলি মাতিবা ৷ ঔ ঔ বুলি নামাতিবা ৷”

“আপোন শব্দবোৰ শুৱলা হ’ব নালাগে নহয় মাজনী ৷ কিছুমান শব্দই বুকুত বাহৰ পাতে গোটেই জীৱনলৈ ৷”



 শেৱালী নাথ , হিন্দী শিক্ষয়িত্ৰী
 কুলচী জনজাতীয় হাইস্কুল , 
 ৰামপুৰ শিক্ষাখণ্ড ৷

Post a Comment

0 Comments