header ads

অসমীয়া গল্প l মোমাই যিদিনা আহিছিল - প্ৰীতিমণি দাস , ৫ম বছৰ- ২য় সংখ্যা

 মোমাই যিদিনা আহিছিল




          খিড়িকীখনৰ মুখত বহি হৰমলাই বাওঁহাতখন দাঙিলে । ৰূপালী মিহি আঁহবোৰ ফালি ফালি হাতখন ওপৰলৈ উঠিল । তললৈ নামি পৰিল ঘূৰ্ণীয়মান টাকুৰীটো । সুতা এডালত দুটা খহটা আঙুলিৰ ঘৰ্ষণ। হৰমালাই লাহেকৈ বাহিৰৰ ফালে চালে । জোনটো দেখো মুৰৰ ওপৰ পালে । এইখিনি সময় ভাত-পানী খাই  নাৰায়ণ , প্ৰদীপহঁতে কেঁকুৰিটোতে থকা চন্দ্ৰৰ দোকানৰ আগত থকা বেঞ্চখনত বহি কথা পাতে -- ৰাজহ গাওঁখনৰ এলাগী পাৰাখনৰ কথা । এলাগী ৰাস্তাটোৰ কথা । নিচেৰীয়া চুবুৰীটোত বেআইনীকৈ বহা ক্ৰেচাৰটোৰ ঘ্ৰেং ঘ্ৰেং শব্দই সৃষ্টি কৰা অশান্তিৰ কথা । বিয়াৰ আগদিনা নিৰুদ্দেশ হোৱা চুবুৰীয়া গাঁওখনৰ দৰাজনৰ কথা । হাইস্কুলৰ লগত লগ হোৱাৰ পিছৰে পৰা মৰিশালী হোৱা চৰকাৰী এল পি স্কুলখনৰ কথা । বিদ্যামন্দিৰত মদ , ভাঙ , ড্ৰাগছ , নীলা ছবিঘৰৰ ৰমৰমীয়া বেহাৰ কথা । আজি কাৰো মাত বোল নাই । হয়তো সকলোৱে ৰাইজৰ মেলতেই উবুৰি খাই পৰিছে ।
         ৰাতিপুৱাৰে পৰা মনটো অলপ গধুৰ তাইৰ । ঠিকাদাৰৰ ঘৈণীয়েকৰ ব্যৱহাৰে তাইক ক'ৰবাত জোঁকাৰি থৈ গৈছে । খং , ক্ষোভ নে দুখে বুকুখন তাইৰ গধুৰ কৰিছে ধৰিব পৰা নাই। পুতেকৰ নিহপাল দি শুই থকা মুখখন দেখি মৰম লাগি যাই তাইৰ । টকা-পইচা বুলিবলৈ হিচাপৰ বহীখন একেবাৰেই উদং সিহঁতৰ । সম্পত্তি বুলিবলৈ মাত্ৰ একমাত্ৰ পুতেকটোৱে । তাকো আজি ঠিকাদাৰৰ ঘৈণীয়েকে.....
         টক্‌ টক্‌ কৈ দুৱাৰত শব্দ হ'ল । হৰকলা গুচোৱা শব্দওটো শুনা নাই ! তেন্তে ইমান ৰাতি কোন আহিল ? বজ্ৰপাত পৰা মানুহৰ দৰে থিয় দি ৰ'ল তাই । ডিঙি শুকাই আহিল।
 কোন?
দুৱাৰখনৰ আনটো ফালে এটা চিনাকি মাত ।
বা----ই ,ও বাই । মই দে ।
'উফ ৰক্ষা প্ৰভু কলীয়াঠাকুৰ'  -বুলি থিয়সেৱা এটা কৰি তাই দুৱাৰখন খুলি দিয়াত হাউচকৈ সোমাই আহিল হৰমলাৰ ঋজুদেহী ভায়েকজন ।
মুখেৰে মাতিব নোৱাৰ ? ডকাইতৰ দৰে দুৱাৰত টুকুৰিয়াইছ যে ?
ভিনিহি ক'ত ?
নামঘৰলৈ গৈছে । মেল আছে । বহ । চাহ খাবি নে ভাত বাঢ়িম ? তাইৰ ব্যস্ততা বাঢ়ে ।
"একো নালাগে । ভুটুঙে কিহত কি প্ৰাইজ পালে  তাকেহে চাওঁ বুলি আহিলোঁ । দেৰি নকৰোঁ । মাৰ খং উঠিব ।" ভায়েকৰ কথাখিনি শেষ হয় মানে বায়েক হৰমালাই কাঠৰ পেৰাটো খুলি কেঁকোজেকোকৈ কিতাপৰ থাকটো আনি সাগৰক দিলে ।
সাগৰ হৰমালাৰ সৰুভায়েক । অৰ্থাৎ ভুটুঙৰ সৰু মোমায়েক । বাকী দুজন মোমায়েকৰ খৱৰেই নাই । কাচিৎহে আহে । খদমদমাই আহে খদমদমাই যায় । একমাত্ৰ ভাগিনক দেখিলে কোন ক্লাছ পাইছ বুলি সোধা ভায়েকহঁতৰ পৰা হৰমলাই বেছি আশা নকৰে । সাগৰে ভাগিনীয়েকৰ পুৰস্কাৰ পোৱা কিতাপবোৰৰ বেটুপাতবোৰ লুটিয়াই গৈছে আৰু পঢ়ি গৈছে - চতুৰ্থ শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ (৯৮%) , শ্ৰেষ্ঠ হাতৰ আখৰ , থিতাতে লিখা গল্প , কবিতা , ৰচনা --মুঠ বাৰখন ৷ যিমানেই কিতাপত লিখা কথাখিনি পঢ়িছে সিমানেই সাগৰৰ চকুহাল সেমেকি উঠিছে ।
"বাই, ভুটুঙে আমাৰ বংশৰ নাম উজলাব । ই ডাক্তৰ , ইঞ্জিনিয়াৰ কিবা এটা হ'ব চাই থাক ।" কথাখিনি কৈ থাকোতে হৰমালাই দেখিলে সৰু ভায়েকৰ মুখখন জোনটোৰ দৰেই উজ্বল দেখাইছে ৷
কি হল ? মই ভুল কলোঁ নেকি ?
" ডাক্তৰ ইঞ্জিনীয়াৰ নোহোৱাই ভাল অ’ সৰুবাপু ! আমাৰ দৰে খাব নোপোৱা মাক-বাপেকৰ চলি বেছি চোকা হ'লে বিপদ ।"
"তেনেকে নকবি বাই , সৰু হলেও চাকৰি এটা হাতত আছে যেতিয়া পঢ়ুৱাম ভালকে তাক । মই এতিয়া আহিলোঁ " বুলি কৈ আঠুৱাখন দাঙি  ভুটুঙলৈ চালে । লণ্ঠনৰ ক্ষীণ পোহৰত মুখখন উজলি কি ঐশ্বৰিক আভা বিয়পিছে !
বায়েকে কওঁ নকওঁ কৈ ক'লে --"ভুটুঙৰ  আাজি মন বেয়া ।"
"কিয় ? কি হ'ল ?" ভায়েকে অলপ আচৰিত হৈ সুধিলে ।
আজি তাক ৰামু ঠিকাদাৰৰ ঘৰলৈ পঠিয়ালোঁ গাখীৰ আনিবলৈ । ঘৈণীয়েকজনীয়ে বোলে তাৰ পেণ্টটো দেখুৱাই নানা কথা ক'লে ।  
ক'লে -" গাঠি দিছ যে? মাৰাই বকলেছ লগাবলৈ সময় পোৱা নাই ?"
শুনিছোঁ তাই বোলে বি এ পাছ ।
এনেকুৱা কথাও ওলায়নে শিক্ষা থকা মানুহৰ মুখত ? বিশ্বাস কৰিবিনে সৰুবাপু দিনটো সি এঢোক পানীও মুখলৈ নিনিলে  ।-কান্দি কান্দি থৰ পৰিল।  সিনো কি বুজে এইবোৰ কথা কচোন ? 
এনে নিলাজন তিৰোতা ও ? সিহঁতৰ আত্মসন্মান নাই ? তিৰী মানুহজনীয়ে মেখেলা কোচাই যিহে চং দি নানানটা নাম থৈ জোকালে - মুঠতে ভাষা নাই আৰু।
         এইবোৰ কথা বাদদে । সি কিতাপৰ পোক বাইটি । সিহঁতৰ ল'ৰা-ছোৱালীয়ে নোৱাৰে যে সেয়ে দাহতে (ঈৰ্ষা) জোকায় । এনেই ধেমালি কৰে বুলি পাতলাই দিবি ৷
         নাই নাখাওঁ সিহঁতৰ গাখীৰ । কালি গৈ পইচাও দিম গাখীৰো নাখাওঁ বুলি কৈ থৈ আহিম -হৰমালাই খঙেৰে ক’লে ৷
      "অ' মই আহোঁ । ইহঁতলৈ বিস্কুট আনিছো , পুৱা খাবলৈ দিবি " বুলি কৈ মোমায়েকে তাৰাতাৰিকৈ চাইকেলৰ হেণ্ডেল ধৰিছিলহে এনেতে ভিতৰৰ পৰা 'ও মই খালো দে' বুলি  চিঞৰি ভুটুঙে ক'লে । মোমায়েকে হাঁহি হাঁহি গুছি গ'ল । হৰমালাই চাদৰৰ আঁচলেৰে ভুটুঙৰ বিস্কুটৰ গুড়ি লাগি থকা মুখখন মচি দিলে । ক'ব নোৱাৰাকৈ মনটো পাতল পাতল লাগি গ'ল তাইৰ । কপালত চুমা আঁকি দি তাই গাবলৈ ধৰিলে- 
           ফেঁচাটি ও ৰাতি আহিবি 
           ঠিকাদাৰৰ ঘৈণীৰ জীৱটো নিবি
           হীৰাৰ টুকুৰাহেন আপাটো আমাৰ
           তিৰ বিৰ পোহৰে এন্ধাৰ আঁতৰাই ।
        নিচুকণি গীত শুনি মুদ খাই আহে ভুটুঙৰ অবোধ অবোধ চকুহাল । নিঃপালি  দিয়ে  হৰমলাৰ কলিজাৰ টুকুৰাটোৱে । টং টং টং কৈ কাণত বাজে ৰাইজমেলৰ সামৰণি শব্দ ।ৰাইজৰ মেল সামৰি মানুহজন আহিছে চাগৈ । তাই কানিদুৱৰীকৈ খিৰীকীখন খুলি বহি লৈ টুকুৰাত পাক এটা দিলে । হৰমলাৰ এন্ধাৰ পঁজাটো পোহৰাবলৈ এচোতাল ৰূপালী পোহৰ ৰৈ আছিল বাহিৰত ।

প্ৰীতিমণি দাস - 
চম্পকনগৰ ছোৱালী মধ্য ইংৰাজী বিদ্যালয় । 
শিক্ষাখণ্ড -ছয়গাঁও

Post a Comment

0 Comments