জেউতি
ৰামচাই, চেংৰাগ, আষ্টিকা, ৰূপাৰ লগতে নামচাং গাঁৱত সকলোৰে ব্যস্ততা। কাৰোৰে আহৰি নাই। নামচাং গাঁৱত প্ৰথমবাৰৰ বাবে চৰকাৰী মানুহ আহিব , সেয়ে সকলো মানুহে আনন্দত আত্মহাৰা হৈ আছে। ভৈয়ামৰ পৰা ১৫ কিলোমিটাৰ নিলগত অৱস্থিত এখন পাহাৰীয়া গাঁও হৈছে নামচাং। নামচাং গাঁৱত এক বিশেষ জনগোষ্ঠীৰ লোকে বাস কৰে। ভৈয়ামৰ পৰা বহু নিলগত হোৱা বাবে এই গাঁওখন সাধাৰণ লোকে ঢুকি নাপায়। এই অঞ্চলক চৰকাৰী আঁচনিয়ে সামৰি ল'ব পৰা নাই। একেবাৰে দুৰ্গম অঞ্চল যাতায়ত বুলিবলৈ সম্ভ্ৰান্ত পৰিয়ালৰ দুই এজনে ঘোড়াৰে অহা যোৱা কৰে। বাকীসকলে খোজকাঢ়ি ভৈয়ামলৈ আহি নিজৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰি নিয়ে। নামচাং গাঁৱৰ লোকসকলে ঝুমখেতি কৰিয়ে জীৱিকা নিৰ্বাহ কৰে। তেওঁলোকে বনৰীয়া জীৱ-জন্তুৰ পৰা হাত সাৰিবৰ বাবে চাংঘৰ সাজি বসবাস কৰে। নামচাং গাঁৱত চৰকাৰী অনুষ্ঠান বুলিবলৈ নামচাং প্ৰাথমিক বিদ্যালয় । এই বিদ্যালয়খনতে চৰকাৰে আয়োজন কৰা গুণোৎসৱ হোৱাৰ কথা। সেয়ে এই অঞ্চলৰ ৰাইজৰ আনন্দৰ সীমা নাই। গুণোৎসৱৰ কেইদিনমান আগতে বীৰচিংৰ নেতৃত্বত স্থানীয় গীৰ্জাত সকলোৱে গুণোৎসৱৰ প্ৰস্তুতিৰ সভা আয়োজন কৰিছে। এই গুণোৎসৱত চৰকাৰী বিষয়াক আগবঢ়াই আনিবৰ বাবে গাঁৱৰ শিক্ষিত যুৱক ৰূপচেঙক দায়িত্ব দিছে। নামচাং গাঁৱৰ একমাত্ৰ চহকী ব্যক্তি হামেঙৰ একমাত্ৰ পুত্ৰ ৰূপচেং গাঁওখনৰ একমাত্ৰ শিক্ষিত যুৱক। ৰূপচাঙে এইবেলি চহৰৰ এখন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে।
নামচাং প্ৰাথমিক বিদ্যালয়খন গাঁৱৰ ৰাইজে সুন্দৰকৈ সজাই পৰাই তুলিছে। এই নামচাং প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰে ৰত্ন দাস আৰু ধনবৰ চৌধুৰীয়ে। ৰত্ন দাস বিদ্যালয়খনৰ প্ৰধান শিক্ষক। তেওঁলোক দুজনে অলপতে চৰকাৰে টেট নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্তি প্ৰদান কৰা টেট শিক্ষক। চৰকাৰৰ এই নিযুক্তিৰ ফলত জহি খহি যাব ধৰা বিদ্যালয়খনে প্ৰাণ পাই উঠিল। ৰত্ন দাস আৰু ধনবৰ চৌধুৰীয়ে মিলি গাঁওখনত এক শৈক্ষিক পৰিৱেশ সৃষ্টি কৰিলে। গাওঁ খনৰ প্ৰতি ঘৰ লোকৰ ঘৰে ঘৰে গৈ নামভৰ্তিৰ ব্যৱস্থা কৰিছে । নামচাং গাওঁৰ প্ৰতিজন লোকে তেওঁলোকক যথেষ্ট ভাল পায়। তেওঁলোকে গাঁওখনৰ শৈক্ষিক পৰিৱেশেই সলনি কৰি পেলালে।
গুণোৎসৱৰ সেই নিৰ্দিষ্ট সময় আহিল। ৰাতিপুৱাই হামেঙে নিজৰ ঘোড়াটো পুতেক ৰূপচেঙক দি গুণোৎসৱৰ বহিঃমূল্যাকক (চৰকাৰী বিষয়া) আনিবলৈ পঠিয়ালে। নিৰ্দিষ্ট সময়ত জিলাখনৰ অতিৰিক্ত আয়ুক্ত হৰসিং ইংতি চাহাব নামচাং প্ৰাথমিক বিদ্যালয়ত উপস্থিত হ'ল। স্থানীয় ৰাইজে হৰসিং ইংতিক সিহঁতৰ পৰম্পৰামতে আদৰণি জনালে। বহিঃমূল্যায়ক হিচাপে তেওঁ কৰিবলগা সকলো কাম সফলতাৰে ৰূপায়ন কৰি স্থানীয় ৰাইজৰ মাজত মত বিনিময় কৰে। স্থানীয় ৰাইজৰ পৰা নামচাং গাওঁৰ লোক সকলৰ অভাৱ অভিযোগবোৰ গুৰুত্ব সহকাৰে শুনে আৰু গাঁওখনক এখন উন্নত গাঁওলৈ ৰূপান্তৰিত কৰাৰ আশ্বাস দিয়ে। হৰসিং ইংতি চাহাবে তেখেতৰ পৰিদৰ্শন প্ৰতিবেদনত গাঁওখনৰ একমাত্ৰ শৈক্ষিক প্ৰতিষ্ঠানখনক উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নতিকৰণ কৰাৰ বাবে চৰকাৰক পৰামৰ্শ প্ৰদান কৰে। গুণোৎসৱৰ বহিঃমূল্যায়ক হৰচিং ইংতিয়ে ৰাইজৰ মৰম-চেনেহৰ মাজেৰে তেখেতৰ কৰিবলগীয়া কাৰ্য সম্পন্ন কৰি বিদায় লয়।
জিলাখনৰ অতিৰিক্ত আয়ুক্ত হৰসিং ইংতি নামচাং গাঁৱৰ পৰা উভতি আহি বহি নাথাকিল। তেখেতে গাঁওখনৰ উন্নতিৰ বাবে বিভিন্ন বিভাগৰ মুৰব্বীৰ লগত কথা পাতিলে। তেখেতে জিলাখনৰ শিক্ষা বিষয়াৰ লগত কথা পাতি গাঁওখনৰ অশিক্ষিত লোকসকলক শিক্ষাৰ পোহৰ বিলাবলৈ বিভিন্ন কাৰ্যপন্থা হাতত ল'লে । তেখেতে শিক্ষা বিভাগৰ জৰিয়তে নামচাং প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ৰত্ন দাস আৰু ধনবৰ চৌধুৰীৰ সহযোগত নামচাং গাঁৱত এখন শৈক্ষিক সভা অনুষ্ঠিত কৰি নৱ ভাৰত সাক্ষৰতা অভিযানৰ বিষয়ে স্থানীয় ৰাইজক অৱগত কৰি গাঁওখনত নৱ ভাৰত সাক্ষৰতা অভিযানৰ পাতনি মেলে। এই নৱ ভাৰত সাক্ষৰতা অভিযানৰ জৰীপ কৰাৰ দায়িত্ব প্ৰদান কৰে গাঁওখনৰ একমাত্ৰ শিক্ষিত যুৱক ৰূপচেঙক। ৰূপচেঙে জৰীপ কাৰ্য সম্পন্ন কৰে আৰু নিজে শিক্ষা সেৱক হিচাপে নিয়োজিত হৈ গাঁৱৰ অশিক্ষিত লোকসকলক শিক্ষিত কৰি তোলে। ৰূপচেঙৰ নেতৃত্বত গাঁৱৰ প্ৰতিজন ১৫ বছৰৰ উৰ্দ্ধৰ ব্যক্তিয়ে শিক্ষাৰ পোহৰ পাবলৈ সক্ষম হয়। পুত্ৰৰ এনে মহানুভৱতাৰ বাবে হামেঙে নিজকে সুখী অনুভৱ কৰিছে। নামচাং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰত্ন দাস আৰু ধনবৰ চৌধুৰীয়ে ৰূপচেঙৰ লগত মিলি গাঁৱৰ প্ৰতিজন ব্যক্তিকে স্বাস্থ্য, পৰিষ্কাৰ পৰিচন্নতা, খোৱা পানীৰ বিশুদ্ধতা , পৰিবেশ সংৰক্ষণ আদিৰ জ্ঞান প্ৰদান কৰি সজাগ কৰি তুলিছে। তেখেতসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সজাগতা সভা অনুষ্ঠিত কৰি ৰাইজক সজাগ কৰি তুলিছে। ইতিমধ্যে চৰকাৰে নামচাং প্ৰাথমিক বিদ্যালয়ক নামচাং উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নতিকৰণ কৰিলে।
অতিৰিক্ত আয়ুক্ত হৰসিং ইংতিৰ নেতৃত্বত নামচাং গাঁৱলৈ বৈদ্যুতিকৰণৰ ব্যৱস্থা, ৰাষ্টা- ঘাটৰ ব্যৱস্থা, খোৱা পানীৰ বাবে পানী যোগানৰ আঁচনি আৰু এটা উপ স্বাস্থ্য কেন্দ্ৰৰ ব্যৱস্থা কৰিলে। ইফালে ৰূপচেঙ, শিক্ষক ৰত্ন দাস আৰু ধনবৰ চৌধুৰীয়ে গাঁৱৰ স্থানীয় যুৱক-যুৱতীৰ সহযোগত নামচাং গাঁৱত এটা পুথিভঁৰাল স্থাপন কৰিলে। তেখেতসকলে পুথিভঁৰালটোৰ নাম ৰাখিলে নামচাং পুথিভঁৰাল। এই পুথিভঁৰালৰ জৰিয়তে গাঁৱৰ প্ৰতিজন ব্যক্তিয়ে শিক্ষাৰ পোহৰ পাবলৈ সক্ষম হৈছে। চৰকাৰে অনুষ্ঠিত কৰা অসামৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ ৰূপচেঙে নামচাং গাঁৱলৈ সন্মান কঢ়িয়াই আনিলে। ৰূপচেঙৰ এনে সফলতাৰ বাবে দেউতাক হামেঙৰ লগতে নামচাং গাঁৱৰ প্ৰতিজন লোকে আনন্দত আত্মহাৰা হৈ পৰিছে।
জাহিদুল ৰহমান
সমন্বয়ক,
মান্দাকাটা খ মণ্ডল সমলকেন্দ্ৰ।

0 Comments