নিৰৱতা
নিৰৱতা,
মাথো চাৰিটি বৰ্ণ
যিয়ে কৈ যায় বহু কথা,
খং, অভিমানবোৰো ভাষাহীন ভাৱে
ৰৈ যাবলৈ ধৰে,
তেতিয়াই সৃষ্টি হয় নিৰবতা ।
নিৰবতা মোৰ খুব প্ৰিয়
যিয়ে মোক শিকাই বহু কথা
নিজক বুজিবলৈ সুযোগ দিয়ে ।
মাথো নিগৰি নিগৰি
বৈ আহে বেদনাসিক্ত অশ্ৰু
যি অশ্ৰুৰ কোনো শব্দ নাথাকে,
থাকে মাথো গভীৰ অৰ্থ ।
নিশা কাকতি
সহকাৰী শিক্ষয়িত্ৰী
আঞ্চলিক জাতীয় বিদ্যালয়
ৰামদিয়া
শিক্ষাখণ্ড : হাজো


0 Comments