header ads

অসমীয়া কবিতা,অৰণ্য, ডিম্পী দেৱী, ৬ষ্ঠ বছৰৰ ৩য় সংখ্যা,

 অৰণ্য



মোৰ বুকুত বান্ধি লৈ ফুৰিছিলো

এখন অৰণ্য,

য'ত অহৰহ জকমকাই আছিল 

এখন হাঁহিৰ বাগিচা ।

ব্যস্ততা নামৰ ভ্ৰমে 

এতিয়া সেউজীয়া কৰে নাইকিয়া,

উত্তাপে দহিছে আজি 

হৃদয়ৰ প্ৰতিটো কণা,

কেবল বিচাৰি হাবাথুৰি খাইছো 

সেই পাহাৰ, সেই নদী, সাগৰ,

সেউজীয়া ।

স্নেহ-আকুলতা-হেপাহ-মিঠালগা

কথাবোৰ গল্প হ'ল ।

মকমল যেন কলিজা খনত 

ছটিয়াই দিয়া কেঁচা তেজৰ

চেকুৰাবোৰ এতিয়া ডাঠ

ক'লা হ'ল ।

জিলিৰ দৰে মাজৰাতি 

হুমুনিয়াহবোৰে

কেবল আওৰাই পুৰণি কাহিনী ,

ভালপোৱাৰ প্ৰথম জাক বৰষুণ,     

হৃদয়ৰ নিভৃত কোনত   

অনুৰণিত হয়

একেই প্ৰতিধ্বনি,

"ইয়াত এখন অৰণ্য আছিল "।




ডিম্পী দেৱী

সহকাৰী শিক্ষয়িত্ৰী

পুঠিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়

শিক্ষাখণ্ড : কমলপুৰ

Post a Comment

0 Comments