অৰণ্য
মোৰ বুকুত বান্ধি লৈ ফুৰিছিলো
এখন অৰণ্য,
য'ত অহৰহ জকমকাই আছিল
এখন হাঁহিৰ বাগিচা ।
ব্যস্ততা নামৰ ভ্ৰমে
এতিয়া সেউজীয়া কৰে নাইকিয়া,
উত্তাপে দহিছে আজি
হৃদয়ৰ প্ৰতিটো কণা,
কেবল বিচাৰি হাবাথুৰি খাইছো
সেই পাহাৰ, সেই নদী, সাগৰ,
সেউজীয়া ।
স্নেহ-আকুলতা-হেপাহ-মিঠালগা
কথাবোৰ গল্প হ'ল ।
মকমল যেন কলিজা খনত
ছটিয়াই দিয়া কেঁচা তেজৰ
চেকুৰাবোৰ এতিয়া ডাঠ
ক'লা হ'ল ।
জিলিৰ দৰে মাজৰাতি
হুমুনিয়াহবোৰে
কেবল আওৰাই পুৰণি কাহিনী ,
ভালপোৱাৰ প্ৰথম জাক বৰষুণ,
হৃদয়ৰ নিভৃত কোনত
অনুৰণিত হয়
একেই প্ৰতিধ্বনি,
"ইয়াত এখন অৰণ্য আছিল "।
ডিম্পী দেৱী
সহকাৰী শিক্ষয়িত্ৰী
পুঠিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড : কমলপুৰ


0 Comments