বিজ্ঞাপন
এদিন কবিতাবোৰ বিক্ৰী কৰিম,
দৰ দাম মিলিলে , অনুভৱী হৃদয় পালে
কবিতাবোৰ বিক্ৰী কৰিম।
প্ৰেমৰ কবিতাৰ দাম বেছি,
প্ৰেমৰ শক্তি বেছি,
প্ৰেমৰ কবিতা কিনিবলৈ গ্ৰাহকজন
অনুভূতিৰে ধনী হ'ব লাগিব ।
যুদ্ধৰ কবিতা, সাম্প্ৰদায়িক কবিতাবোৰ
সকলোতকৈ কম দামী ,
সমাজৰ ক্ষতিকাৰক বাৰ্তা বিয়পোৱা
প্ৰতিটো শব্দই সস্তীয়া ।
সমাজত ভেদভাব সৃষ্টি কৰাটো
তেনেই সহজ কথা,
তেনেকুৱা সহজ কাম ভাল মানুহৰ পছন্দ নহয়,
সেই বাবেই কেতিয়াবা ভাল মানুহবোৰ
সমাজত এলাগী হৈ ৰয় ।
ভাল মানুহবোৰে মৰম আৰু সততাৰে
ভৰাই ৰাখে হৃদয়বোৰ,
সেই কাৰণে ভাল মানুহবোৰে ঠগ খাই,
প্ৰতাৰণাৰ বলি হয় ।
প্ৰতাৰণাৰ কষ্টত পদপিষ্ট হ'লেও
ভাল মানুহে হৃদয়ৰ সততা হেৰুৱাব নোৱাৰে ,
প্ৰতাৰকেও জানে,
ভাল মানুহক ঠগিবলৈ সহজ,
তেওঁলোকে জটিলতা নুবুজে ।
ভাল মানুহক প্ৰতাৰণা কৰিলেও
তেওঁৰ ক্ষতি নকৰে,
ভাল মানুহে প্ৰতিশোধ ল'ব নিবিচাৰে,
নিজৰ ওচৰত নিজে হেয় হ'বলৈ হাবিয়াস নকৰে।
সেই সুবিধাতে প্ৰতাৰকে বিজয়ৰ হাঁহি মাৰে,
সমাজে তেওঁৰ মুখা খুলিব নোৱাৰে বুলি
মিছাতেই সন্তুষ্টি লভে ।
পৃথিৱীৰ কোনো প্ৰতাৰকে কিন্ত
নিজক ফাঁকি দিব নোৱাৰে,
নিজৰ ওচৰত নিজেই সৰু হৈ পৰে,
অথচ কাকো একো ক'ব নোৱাৰে।
তেতিয়াও সৎ মানুহৰ বুকুত
কবিতাবোৰ সাৰে থাকে নীৰবে,
সৰল মানুহৰ বুকুত
কবিতাবোৰ কুশলে থাকে আজীৱন ।
কবিতাবোৰ কুশলে ৰাখিবলৈকে
সৰল মানুহৰ ওচৰত বিক্ৰী কৰা ভাল ।
শিখা ৰাণী শৰ্মা
সহকাৰী শিক্ষয়িত্ৰী
হেক্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড : ছমৰীয়া


0 Comments