নাট:- শান্তি শিক্ষা
(আব্দুল
কালামৰ ছাত্ৰ জীৱনৰ ওপৰত আধাৰিত)
(মঞ্চৰ একাষে তিনিযোৰ ডেক্স বেঞ্চ থাকিব। প্ৰথম বেঞ্চত ধুতি-কুৰ্তা আৰু গাত লগুন পৰিহিত তিনিজন ছাত্ৰ বহিব। তেওঁলোকৰ মাজত কুৰ্তা পাইজামা আৰু মূৰত বগা টুপী (মুছলমান লোকে পিন্ধা)পৰিহিত এজন ছাত্ৰ বহিব। দ্বিতীয়খন ডেক্সত ধুতি-কুৰ্তা পৰিহিত তিনিজন ছাত্ৰ বহিব। তৃতীয়খন ডেক্স খালী থাকিব। (অৱশ্যে তেনেকৈ মজিয়াতো বহা ব্যৱস্থা কৰিব পাৰে) সন্মুখত এযোৰ চকী মেজ থাকিব ।
প্ৰথম দৃশ্য
(বগা ধুতি-কুৰ্তা পৰিহিত,কপালত চন্দনৰ ফোঁট লোৱা , হাতত কিতাপ আৰু পঞ্জীয়ন
বহী লৈ ডেকা শিক্ষক এজন প্ৰৱেশ কৰিব। শিক্ষকৰ প্ৰৱেশৰ লগে লগে সকলো ছাত্ৰ থিয় হৈ
নমস্কাৰ জনাব। শিক্ষকেও প্ৰতি নমস্কাৰ জনাই চকীত আসন গ্ৰহণ কৰিব।)
শিক্ষক:- "তোমালোকৰ বিদ্যালয়ত আজি মোৰ
প্ৰথম দিন। প্ৰথমতে মই তোমালোকৰ লগত চিনাকি হৈ লওঁ। নহয়নে বাৰু ?"
ছাত্ৰ:- (সকলোৱে একেলগে) "হ'ব
গুৰুদেৱ।"
শিক্ষক:- "বাৰু ,ঠিক আছে।"
(প্ৰথম বেঞ্চলৈ আঙুলিয়াই)
"তোমাৰ নাম ?"-----
ছাত্ৰ:- "মই ৰামানন্দ শাস্ত্ৰী
মহাশয়।"
শিক্ষক:- "তোমাৰ ?"(কাষৰজনক
আঙুলিয়াই)
ছাত্ৰ:- "মই অৰবিন্দন মহাশয়।"
শিক্ষক:- "তোমাৰ ?"
ছাত্ৰ:- "মই শিৱ প্ৰকাশন ।"
শিক্ষক:- কিছু অপ্ৰস্তুত হৈ- "তোমাৰ
?---(টুপী পিন্ধা ছাত্ৰজনলৈ আঙুলিয়াই)
ছাত্ৰ:- "মই আব্দুল কালাম মহাশয় "(
নম্ৰভাবে ক'ব)
(শিক্ষকৰ মুখৰ অৱয়ব পৰিৱৰ্তন হ'ব। মুখত এক
অসন্তুষ্টিৰ মনোভাৱ ফুটি উঠিব।)
শিক্ষক:- "তুমিটো মুছলিম ঘৰৰ ল'ৰা!! ইয়াত
এই ব্ৰাহ্মণ ছাত্ৰসকলৰ লগত একেলগে বহিছা কিয়?(অলপ ৰৈ) তুমি জানানে তোমাৰ স্পৰ্শই
এওঁলোকৰ ধৰ্ম নষ্ট কৰিলে। বিদ্যালয়ত তোমাৰ এই ধৰণৰ সাজ-সজ্জাও উচিত হোৱা
নাই।"
কালাম:- (উচুপি-উচুপি) "মহাশয় ,মইটো
ইমানবোৰ হিন্দু ছাত্ৰৰ মাজত অকলে মুছলমান।সৰুৰেপৰা আমি একেলগে খেলা-ধূলা কৰি
একেলগে পঢ়ি আহিছোঁ। আমাৰ কোনেও আজিলৈ এই কথাটো অনুভৱ কৰা নাই। আমিতো একেজন
ভগৱানৰে সন্তান। গতিকে,আমাৰ মাজত ভেদাভেদ কিহৰ?"
শিক্ষক:- (খঙেৰে)"বেছি কথা নক'বা। তুমি মোক
ধৰ্মজ্ঞান দিব নিবিচাৰিবা । ধৰ্ম কি মই ভালকৈ জানোঁ। এতিয়া উঠা আৰু পিছৰ বেঞ্চত গৈ
বহা। ব্ৰাহ্মণৰ ল'ৰাৰ লগত বহি এওঁলোকৰ ধৰ্ম নষ্ট নকৰিবা।"
কালাম:- কিতাপ-বহী
কোচাই দুখ মনেৰে গৈ একেবাৰে পিছৰ বেঞ্চত বহিব।
(অৰবিন্দন,ৰামানন্দ,শিৱ প্ৰকাশনৰ মন সেমেকি যাব)
দ্বিতীয় দৃশ্য
(ৰামানন্দ শাস্ত্ৰী ঘৰলৈ আহি থাকিব। বাটতে দেউতাক লক্ষ্মণ শাস্ত্ৰীক লগ পাব।
ৰামানন্দ শাস্ত্ৰীৰ হাতত কিতাপ, বহী থাকিব।)
লক্ষ্মণ শাস্ত্ৰী:- "বাপু ৰামানন্দ,
বিদ্যালয়ৰপৰা আহিলা?" (ৰামানন্দই কেৱল মূৰটো ডুপিয়াব।)
"কি হ'ল তোমাৰ ? কিয় ইমান দুখ মনে
আহিছা?"
ৰামানন্দ:- "বাপু,আজি বিদ্যালয়ত এজন নতুন
শিক্ষক আহিছিল আৰু তেওঁ কালামক মুছলমান বাবেই আগৰ বেঞ্চৰ পৰা উঠাই আনি পিছৰ ফালে
অকলে বহিব দিলে। আমি মনত বৰ দুখ পাইছোঁ দেউতা। কালামেও অন্তৰত বৰ দুখ
পাইছে।"
লক্ষ্মণ শাস্ত্ৰী:-
(অলপ চিন্তা কৰি) "অ!বৰ বেয়া কথা হ'ল নহয় !!"
"ঠিক আছে বাৰু। এতিয়া তুমি ঘৰলৈ যোৱা। মই
চাম বাৰু কথাটো।(দুয়ো মঞ্চৰ দুইপিনে প্ৰস্থান কৰিব)
তৃতীয় দৃশ্য
(পুনৰ শ্ৰেণীকোঠাৰ পৰিৱেশ। এইবাৰ কালাম পিছৰ
বেঞ্চত বহি থাকিব। শিক্ষক প্ৰৱেশ কৰি উপস্থিতি ল'বলৈ ল'ব। তেনেতে লক্ষ্মণ
শাস্ত্ৰী প্ৰৱেশ কৰিব)
লক্ষ্মণ শাস্ত্ৰী:-" নমস্কাৰ মহাশয়"।
শিক্ষক :- "আপুনি??"
লক্ষ্মণ শাস্ত্ৰী :- "মই লক্ষ্মণ শাস্ত্ৰী।
ৰামেশ্বৰম মন্দিৰৰ মুখ্য পুৰোহিত । আপোনাৰ শ্ৰেণীৰ ৰামানন্দ শাস্ত্ৰীৰ পিতৃ।"
শিক্ষক:- "নমস্কাৰ । কওঁকচোন কিয়বা বিচাৰি
আহিল ?"
লক্ষ্মণ শাস্ত্ৰী:- "আপুনি এজন
শিক্ষক,জাতিৰ মেৰুদণ্ড। আপোনাৰ দায়িত্ব ও কৰ্তব্য হ'ল সমাজখন নিকা আৰু কু-সংস্কাৰ
মুক্ত কৰি শিক্ষা প্ৰদান কৰা। কিন্তু তাৰ পৰিৱৰ্তে এইবোৰ আপুনি কি কৰিছে?"
শিক্ষক:- "মই ঠিক বুজা নাই !"
লক্ষ্মণ শাস্ত্ৰী:- "আপুনি কালামক আগৰ
বেঞ্চৰপৰা উঠাই নি পিছত অকলে বহিব দিছে কিয় ?"
শিক্ষক:- "কিন্তু ! কিন্তু তেওঁতো মুছলমান,
আৰু এওঁলোক ব্ৰাহ্মণপুত্ৰ!!"
লক্ষ্মণ শাস্ত্ৰী:- "কিন্তু কি?
মুছলমানসকল মানুহ নহয় নেকি? ইয়াত কোনো হিন্দু-মুছলমান নাই। সকলো এজন ভগৱানৰ
সন্তান। আপোনাৰ এই কাৰ্যই এই নিৰ্বোধ ছাত্ৰ-ছাত্ৰীসকলক কিমান মনোকষ্ট দিছে
আপুনি জানেনে?"
শিক্ষক:- "চাওঁক
ডাঙৰীয়া, আপুনি ধৰ্ম বিৰোধী কথা কৈছে ?"
লক্ষ্মণ শাস্ত্ৰী:- "মই ধৰ্ম বিৰোধী কথা
কোৱা নাই। আপোনাক কৈছোঁৱেই যে মই ত্ৰিৰুবন্তপুৰম মন্দিৰৰ মুখ্য পুৰোহিত। ধৰ্ম কি
মই জানোঁ। আপুনি মোক ধৰ্মজ্ঞান দিব নালাগে। (অলপ ৰৈ) আপোনাক এটাই অনুৰোধ এই কণ-কণ
শিশুবোৰৰ মাজত আপুনি কু-চিন্তা সোমাই দি সামাজিক অসহিষ্ণুতাৰ সৃষ্টি নকৰিব। হয়
আপুনি আপোনাৰ চিন্তাধাৰাৰ পৰিৱৰ্তন কৰক নতুবা কাইলৈৰ ভিতৰত এই ঠাই ত্যাগ কৰক। মানৱ
ধৰ্মই হ'ল সৰ্বোচ্চ।"
শিক্ষক:- (অনুশোচনাৰ ভাব ফুটি উঠিব। হাতযোৰ কৰি)
"হয়। আপুনি ঠিকেই কৈছে। ধৰ্ম সম্পৰ্কে মোৰ মনত এক অন্ধবিশ্বাস সোমাই আছিল।
আজি ত্ৰিৰুবন্তপুৰমৰ দৰে মন্দিৰৰ মূল পুৰোহিত হৈও আপোনাৰ ধৰ্ম আৰু মানৱীয়তাৰ কথা
শুনি মই আপ্লুত হ'লোঁ। আজি যেন মই এক নতুন দিগন্ত লাভ কৰিলোঁ। মই এই মুহূৰ্তৰ পৰাই
নিজকে সলনি কৰিলোঁ। (কালামলৈ চাই তেওঁৰ মূৰত মৰমেৰে হাত বুলাই) কালাম! তুমি মোক
ক্ষমা কৰিবা। মই মিছাতে তোমাক মনোকষ্ট দিলোঁ। আহাঁ, তুমি আগত বেঞ্চত বহা। তোমালোক
নিষ্পাপ শিশুবোৰৰ মনত আমি এনেকৈ সামাজিক অসহিষ্ণুতাৰ সৃষ্টি কৰিছোঁ। আজিৰ পৰা নতুন
দিগন্তৰ সূচনা হওঁক। আহা সকলোৱে মিলি গাওঁ - (সকলো ঠিয় হ'ব আৰু গাব)
ৰঘুপতি ৰাঘৱ ৰাজা ৰাম
পতিত পাৱন সীতা ৰাম।২
ঈশ্বৰ আল্লা তেৰে নাম
সবকো সুমতি দে ভগৱান।।
(গীত শেষ হোৱাৰ লগে-লগে নাটকৰ অন্ত পৰিব)
সমাপ্ত----------
কৃষ্ণ কলিতা
মণ্ডল সমন্বয়ক
ৰঙিয়া আৰ্বান ১
ৰঙিয়া শিক্ষা খণ্ড
অলংকৰণ- পূবালী শইকীয়া দাস
1 Comments
সুন্দৰ লিখনী। এই লিখনীৰ মাজেৰে সমাজত এক সুন্দৰ বাৰ্তা কঢ়িয়াই আনিব বুলি আশা ৰাখিলোঁ।
ReplyDelete